নেমু যদি খায়, নিয়মীয়াকৈ খাওক
আমাৰ অসম বিশেষঃ স্বাস্থ্যৱান আৰু নিৰোগী শৰীৰ সকলোৱে কাম্য৷ বেমাৰ আজাৰ নোহোৱাকৈ থাকিব পাৰিলে নিজকে বৰ ভাগ্যৱান যেন অনুভৱ হয়৷ পিছে আজিৰ যুগত বেমাৰ-ব্যাধি নোহোৱা মানুহ নায়েই বুলিব পাৰি৷ আমাৰ পৰিৱৰ্তিত জীৱন শৈলীৰ বাবেও ডায়েবেটিচ, মেদবহুলতা, উচ্ছ ৰক্তচাপ, কলেষ্টেৰল, ফেটী লিভাৰ, ইউৰিক এছিডৰ সমস্যা, থাইৰয়ডৰ সমস্যা আদিয়ে আমাক বাৰুকৈয়ে জুৰুলা কৰিছে৷
প্ৰকৃতিৰ বুকুত এনে কিছুমান অমৃতসম বনৌষধি আৰু খাদ্যবস্তু আছে, যিয়ে আমাৰ স্বাস্থ্য ৰক্ষা কৰাৰ উপৰি নানা ৰোগৰ পৰাও বচাই ৰাখে৷ এই সমূহৰ ভিতৰত আমাৰ সকলোৰে ঘৰতে উপলব্ধ নেমুৰ বিষয়ে দুআষাৰ লিখিব বিচাৰিছোঁ৷ ই কোনো মহৌষধিতকৈ কম নহয়৷ আজিৰ স্বাস্থ্য সচেতন বহু লোকে এইবিধ পানীয় সেৱন কৰিবলৈ লৈছে৷ প্ৰথমতে যদি ক’বলৈ যাও নেমুত থকা লিমনিন নামৰ পদাৰ্থই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ তাৰোপৰি আমাৰ শৰীৰত সদায়ে প্ৰয়োজন হোৱা ভিটামিন চিৰ উৎস হৈছে নেমু৷ ভিটামিন চি থকাৰ বাবে দাঁতৰ আলুৰ সমস্যা যেনে- দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা সমস্যাত নেমু যথেষ্ট উপকাৰী৷ ইয়াৰ উপৰিও কিডনী ষ্টোন আৰু কেন্সাৰ ৰোগৰ ক্ষেত্ৰতো প্ৰতিষেধক হিচাপে নেমুৱে যথেষ্ট কাম কৰে৷ লগতে ইয়াত থকা পটাছিয়াম, মেগনেছিয়াম আদি কাৰণে ৰক্তচাপ, হাৰ্ট এটেক নিয়ন্ত্ৰণত বিশেষ গুণাগুন আছে৷ কিন্তু ইয়াক দুদিন খাই এৰি দিলে নহ’ব, দৈনন্দিনভাৱে খালেহে আমি প্ৰকৃত ফল লাভ কৰিব পাৰিম৷
ইয়াৰ বাহিৰেও নেমুৰ বাকলিও আমাৰ শৰীৰৰ বাবে অতি উপকাৰী৷ বাকলিত থকা চাইট্ৰিক এছিডে ৰক্তপাত, জিঞ্চিভাইটিছসহ অনেক ৰোগ প্ৰতিৰোধত সহায়ক৷ আনহাতে ত্বকৰ সৌন্দৰ্য বৃদ্ধিত অৰিহনা যোগায় তাত থকা প্ৰচুৰ এণ্টি অক্সিডেণ্টে৷ গতিকে সুস্থ সবল স্বাস্থ্যৰ কাৰণে নেমুৰ বাকলিখিনিও খাবলৈ অভ্যাসত পৰিণত কৰক৷
ডাঃ দ্বীপজ্যোতি শৰ্মা
নগাঁৱৰ আঞ্চলিক গৱেষণা কেন্দ্ৰৰ সৌজন্যত