Logo
image

ভাৰতক জোকাই লৈ দেশতেই বিদ্ৰোহৰ সন্মুখীন ৰাষ্ট্ৰপতি মুইঝু

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০জানুৱাৰীঃ ভাৰত বিৰোধী স্থিতি প্ৰদৰ্শন কৰি শাসন ক্ষমতা লাভ কৰাৰ দুমাহ সম্পূৰ্ণ নৌহওঁতেই দেশত অনাস্থাৰ সন্মুখীন হৈছে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইঝু৷ ‘ইণ্ডিয়া আউট’ শ্ল’গানেৰে নিৰ্বাচনত জয়লাভ কৰি মালদ্বীপৰ সৰ্বোচ্ছ ক্ষমতা লাভ কৰা ৰাষ্ট্ৰপতি মুইঝুৱে দীৰ্ঘদিনীয়া কূটনৈতিক অৱস্থান সলনি কৰি চীনৰ সৈতে মৈত্ৰী দৃঢ় কৰাই নহয়, চীন ভ্ৰমণক অগ্ৰাধিকাৰ দিছিল৷ পিছে সম্প্ৰতি ১০ দিনীয়া চীন ভ্ৰমণসূচী লৈ চীনত থাকোতেই নিজৰ দেশত অনাস্থাৰ সন্মুখীন হৈছে ৰাষ্ট্ৰপতি মুইঝু৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘বহুৱা’ আৰু ‘ইজৰাইলৰ পুতলা’ বুলি মুইঝু মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰীয়ে অপমানজনক মন্তব্য কৰা আৰু তেওঁৰ দুজন সতীৰ্থ মন্ত্ৰীয়ে সমৰ্থন কৰা তথা চৰকাৰী পক্ষৰ এজন নেতাই দুয়োখন দেশৰ পৰ্যটন শিল্পক তুলনা কৰি ভাৰতক নিন্দা কৰাত অভাৱনীয় বিতৰ্কৰ লগতে উভয়দেশৰ কূটনৈতিক সম্পৰ্কৰ চৰম অৱনতি ঘটিছিল৷ মালদ্বীপ চৰকাৰে মোদীক কটাক্ষ কৰা তিনি মন্ত্ৰী ক্ৰমে মৰিয়ম ছিউনা, মালাছা শ্বৰীফ আৰু মাহজুম মজিদক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰাৰ পাছতো বিষয়টোৱে শাম কটা নাই, বৰং উত্তপ্তহে হৈছে৷ দেশখনৰ বিৰোধী ৰাজনৈতিক দলসমূহে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ পক্ষ লৈ ৰাষ্ট্ৰপতিৰ পদত্যাগ দাবী কৰাত ভাৰতক জোকাই লোৱা মহম্মদ মুইঝু নিজ দেশতেই বিদ্ৰোহৰ সন্মুখীন হৈছে৷ সম্প্ৰতি চীন ভ্ৰমণৰত ৰাষ্ট্ৰপতি মুইঝুৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ আহ্বান জনাইছে মালদ্বীপৰ সংখ্যালঘু নেতা তথা সাংসদ আলি আজিমে৷ তেওঁ মালদ্বীপৰ বৈদেশিক নীতিৰ অৱস্থান পূৰ্বৰ দৰে থকাৰ দাবী জনাই প্ৰধান বিৰোধী দল এমডিপিক ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে সংসদত অনাস্থা প্ৰস্তাব উত্থাপনৰ আহ্বান জনাইছে৷ আলি আজিমৰ দাবী, মুইঝুৰ ৰাষ্ট্ৰপতি পদত থকাৰ অধিকাৰ নাই৷ ডেম’ক্ৰটিক দলৰ নেতা মিকাইল নাছিমে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক তলব কৰি কৈফিয়ৎ বিচৰাৰ বাবে সংসদক অনুৰোধ জনাইছে৷ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া আহমেদেও ৰাষ্ট্ৰপতি মুইঝুৰ পদত্যাগৰ আহ্বান জনাইছে৷ তেওঁৰ মতে ভাৰত মালদ্বীপৰ নিকটতম প্ৰতিবেশী আৰু সদায় বৈদেশিক সম্পৰ্কত ভাৰতক অগ্ৰাধিকাৰ দিয়াৰ নীতি প্ৰচলিত আছে৷ প্ৰাক্তন ক্ৰীড়ামন্ত্ৰী আহমেদ মাহলুকে কয়, ভাৰতীয় পৰ্যটকে মালদ্বীপ বৰ্জন কৰিলে দেশখনৰ অৰ্থনীতিত আঘাত পৰিব৷

আনহাতে মোচোকাই দিলেও ভাগি পৰা নাই নতুন ৰাষ্ট্ৰপতি মহম্মদ মুইঝু৷ দেশত পদত্যাগৰ দাবী উঠিলেও সেই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা নাই মুইঝুৱে৷ ১০ দিনীয়া চীন ভ্ৰমণৰত মুহঝুৱে মঙলবাৰে চীনৰ চৰকাৰক মালদ্বীপলৈ বৃহৎ সংখ্যাত পৰ্যটক পঠিয়াবলৈ আহ্বান জনাইছে৷ তেওঁ ইতিমধ্যে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাত কৰিছে আৰু তেওঁৰ পৰা বিদেশী পুঁজিকে ধৰি আন্তঃগাঁঠনি উন্নয়নত সমৰ্থনৰ আশ্বাস লাভ কৰিছে৷ মুইঝুৱে মঙলবাৰে চীনৰ পৰাই কয় যে, মালদ্বীপৰ বাবে চীন অতিশয় গুৰুত্বপূৰ্ণ মিত্ৰ৷ তেওঁ চীনৰ ‘বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ’ৰ সৈতে সংগী হোৱাৰো প্ৰস্তাৱ আগবঢ়াইছে৷ আনহাতে চীনে ভাৰতক এইক্ষেত্ৰত আধিপত্যবাদী মানসিকতাৰ বুলি কটাক্ষ কৰিছে৷

ঘটনাৰ সূচনা হৈছিল কেনেকৈ

প্ৰসংগতঃ উল্লেখযোগ্য নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি মোহামেদ মুইঝু মন্ত্ৰীসভাৰ ৩জন মন্ত্ৰীয়ে দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘বহুৱা’ আৰু ‘পুতলা’ বুলি আখ্যা দি উভয় দেশৰ মাজত চৰম কূটনৈতিক শত্ৰুতাৰ সৃষ্টি কৰিছিল৷ প্ৰথমে মালদ্বীপৰ চৰকাৰে তিনি মন্ত্ৰীৰ ছ’চিয়েল মিডিয়াত কৰা মন্তব্য চৰকাৰী ব্যাখ্যা নহয়, বৰং ব্যক্তিগত মন্তব্য বুলি বিষয়টোৰ পৰা ফালৰি কাটিছিল৷ কিন্তু সময় আগবঢ়াৰ লগে লগে বিষয়টোৱে পাৰষ্পৰিক কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি কৰে আৰু ভাৰতে আনুষ্ঠানিকভাৱে মালদ্বীপ চৰকাৰৰ ওচৰত আপত্তি উত্থাপন কৰে৷ তদুপৰি মালদ্বীপৰ দুজনকৈ প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধানে ভাৰতৰ প্ৰধানমন্ত্ৰী সম্পৰ্কত অপমানজনক মন্তব্য কৰা মন্ত্ৰীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনায়৷ ঘটনাই কেইবাঘণ্টা অতিক্ৰম কৰাৰ পাছত, ভাৰতত ব্যাপক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু মালদ্বীপ চৰকাৰে দেওবাৰেই তিনি মন্ত্ৰী ক্ৰমে মৰিয়ম শ্বিউনা, মালছা শ্বৰীফ আৰু আব্দুল্লা মাহজুম মজিদক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰে৷ ইয়াৰে প্ৰথম দুয়োগৰাকীয়েই মুইঝু মন্ত্ৰীসভাৰ মহিলা মন্ত্ৰী৷ উল্লেখ্য, ঘটনাৰ সূত্ৰপাত ঘটিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া লাক্ষাদ্বীপ ভ্ৰমণৰ পাছৰ পৰা৷ প্ৰধানমন্ত্ৰী মোদীয়ে লাক্ষাদ্বীপৰ পৰ্যটনৰ প্ৰচাৰ কৰাৰ উদ্দেশ্য লৈ তেওঁৰ সাম্প্ৰতিক ভ্ৰমণৰ কেতবোৰ ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰিছিল৷ মালদ্বীপৰ সৈতে সাদৃশ্য থকা লাক্ষাদ্বীপৰ লেগুন, বগা বালিৰ সমূদ্ৰ তট, প্ৰবাল দ্বীপ যে পৰ্যটকৰ উপভোগ্য লক্ষ্য হ’ব পাৰে তাকো কৈছিল মোদীয়ে৷ নতুন চৰকাৰে দায়িত্ব লোৱাৰ পাছত মালদ্বীপৰ নতুন ৰাষ্ট্ৰপতিয়ে কূটনৈতিক অৱস্থান সলনি কৰি তুৰস্ক আৰু চীন ভ্ৰমণ কৰাত নতুন দিল্লী কিছুপৰিমাণে ক্ষুব্ধ হৈ পৰিছিল৷ তাৰেই ফলশ্ৰুতিত মালদ্বীপৰ ক্ষেত্ৰত ভাৰতে অঘোষিতভাৱে কঢ়া অৱস্থান লোৱাৰ মনস্থ কৰিয়েই মোদীৰ এই শেহতীয়া পদক্ষেপ বুলি চৰ্চা হৈছিল৷ তাৰ পাছতে মালদ্বীপৰ এজন শাসকীয় দলৰ নেতা জাহিদ ৰামিজে মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণ আৰু তেওঁৰ পৰ্যটনৰ প্ৰচাৰক লৈ কটাক্ষ কৰে৷ জাহিদ জামানে মোদীৰ লাক্ষাদ্বীপৰ ফটো শ্বেয়াৰ কৰি কয়, ভাৰতে ক্ষুদ্ৰ অৰ্থনীতিৰ ৰাষ্ট্ৰ শ্ৰীলংকাক ‘নকল’ কৰি ধন ঘটিব খুজিছে৷ তেওঁ ভাৰতৰ পৰ্যটন উদ্যোগক লৈ দাবী কৰে–‘মোদীৰ লাক্ষাদ্বীপৰ প্ৰচাৰ মালদ্বীপৰ বাবে ডাঙৰ সংকট৷ কিন্তু তেওঁলোকে আমাৰ সৈতে পৰ্যটনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব জানো? তেওঁলোকৰ পৰ্যটনস্থল পৰিষ্কাৰ হ’বনে? হোটেলৰ কোঠাৰ স্থায়ী দুৰ্গন্ধ যাবনে? আমি পৰ্যটকক যি ৰাজসিক সুবিধা দিওঁ, সেয়া তেওঁলোকে পাৰিব নে? মুইঝুৰ চৰকাৰ কাৰো পুতলা নহয়, চীনৰো নহয়, ভাৰতৰো নহয়৷’ ইয়াৰ পাছতে দেশখনৰ যুৱ সবলীকৰণ মন্ত্ৰী মৰিয়ম শ্বিউনাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘বহুৱা’ আৰু ‘পুতলা’ বুলি অভিহিত কৰে৷ তেওঁক সমৰ্থন জনায় সতীৰ্থ দুই মন্ত্ৰী মালছা শ্বৰীফ আৰু মাহজুম মজিদে৷ ঠিক তেতিয়াই নতুন দিল্লীয়ে কঠোৰ অৱস্থান লৈ মালদ্বীপৰ ওচৰত আপত্তি উত্থাপন কৰে৷ ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে দেওবাৰে দেশখনৰ চৰকাৰক কৈছিল–মালদ্বীপৰ তিনিজন মন্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে অবাঞ্চিত আৰু অপমানজনক মন্তব্য কৰিছে, যি মন্তব্য ভাৰতৰ বাবে অনভিপ্ৰেত৷ আনহাতে দেশখন প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদ আৰু ইব্ৰাহিম ছলিহে সেই মন্তব্য প্ৰত্যাহাৰ কৰি বন্ধুৰাষ্ট্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰা তিনি মন্ত্ৰীৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ দাবী কৰিছিল৷ ইয়াৰ পাছতে মালদ্বীপ চৰকাৰে দেওবাৰে তিনি মন্ত্ৰীক বৰ্খাস্ত কৰে৷ এই সন্দৰ্ভত সোমবাৰে নতুন দিল্লীৰ বৈদেশিক মন্ত্ৰণালয়ে ভাৰতত থকা মালদ্বীপৰ উচ্ছায়ুক্ত ইব্ৰাহিম ছাহিবক তলৱ কৰি ভাৰতৰ অসন্তুষ্টিৰ কথা আনুষ্ঠানিকভাৱে জনাই দিয়ে৷ প্ৰসংগতঃ, শেহতীয়া নিৰ্বাচনত মোহামেদ মুইঝুৱে দেশখনত থকা ভাৰতীয় সেনা, বিমান আৰু জাহাজ আঁতৰাই পঠিওৱাৰ দাবী তুলি ভাৰত বিৰোধী মেৰুকৰণ সৃষ্টি কৰি জয়লাভ কৰিছিল৷ যোৱা ১৭ নৱেম্বৰত শপতগ্ৰহণ কৰা ৰাষ্ট্ৰপতি মুইঝুৱে প্ৰথমে ভাৰত ভ্ৰমণ কৰাৰ পৰম্পৰা ত্যাগ কৰি ভাৰতৰ সৈতে কুটনৈতিক সম্পৰ্কত ঘূণ ধৰা তুৰস্ক ভ্ৰমণ কৰে আৰু সম্প্ৰতি ভাৰতৰ শত্ৰু চীন দেশ ভ্ৰমণ কৰি পুঁজিৰ প্ৰাৰ্থনাৰে দেশখনৰ কুটনৈতিক অৱস্থান সলনি কৰি চীন-নিৰ্ভৰ হোৱাটো স্পষ্ট কৰি দিছে৷