Logo
image

নিৰ্বাচন কমিটীৰ পৰা বাহিৰ কুইন, বহিবলৈ নিদিলে দলৰ বৈঠকত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু উত্তৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ জানুৱাৰীঃ লোকসভাৰ নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত শাসকীয় বিজেপি দলে ককালত টঙালি বান্ধি বৃদ্ধি কৰিছে ৰাজনৈতিক তৎপৰতা৷ বৃহস্পতিবাৰে আমিনগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ বঙালত কেন্দ্ৰীয় নেতৃত্ব আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হয় ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী পৰিকল্পনা কমিটীৰ এখন ৰুদ্ধদ্বাৰ বৈঠক৷ এই বৈঠকত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে নিৰ্বাচন কমিটীৰ ২৮ জন বিষয়ববীয়া উপস্থিত আছিল৷ কিন্তু আশ্চৰ্যজনকভাৱে বৈঠকৰ পৰা বিজেপিয়ে আঁতৰত ৰাখে নিৰ্বাচন প্ৰৱন্ধন কমিটীৰ অন্যতম সদস্য তথা গুৱাহাটীৰ সাংসদ কুইন ওজাক৷ বিজেপিৰ এক উচ্ছস্তৰীয় সূত্ৰই জনোৱা মতে নিৰ্বাচন পৰিকল্পনা সমিতিৰ পৰা বাহিৰ কৰা হ’ল সাংসদ কুইন ওজাক৷ কুইন ওজাৰ স্থানত অন্তৰ্ভুক্ত হ’ল ড॰ সুনীতা চাংকাকতি৷ কাৰ্যতঃ পৰিকল্পনা বৈঠকলৈ আহিও উভতি যাবলগীয়া হ’ল কুইন ওজা৷ অৱশ্যে বহু পলমকৈ বৈঠক শেষ হোৱাৰ সময়তহে কুইন ওজা আমিনগাঁৱত উপস্থিত হৈছিল৷ কুইন ওজাক দেখি এজন শীৰ্ষ বিজেপিৰ কাৰ্যকৰ্তাই মন্তব্য কৰে যে বাইদেউ আপুনি ইয়ালৈ কিয় আহিছে, তালৈহে (বিজেপিৰ অফিচলৈ) যাব লাগিছিল৷’ লক্ষণীয় যে বৃহস্পতিবাৰে বিজেপিৰ বশিষ্ঠৰ কাৰ্যালয়তো আন এখন বৈঠক আছিল৷ জানিব পৰা মতে নিৰ্বাচন সমিতিৰ বৈঠকত আগন্তুক দিনত বিজেপিয়ে ইস্পিত লক্ষ্যত কি দৰে আগবাঢ়িব, তাকে লৈ আলোচনা হয় এই বৈঠকো৷ আগন্তুক নিৰ্বাচনত ১০ শতাংশ ভোট বৃদ্ধি কৰাৰ লগতে, ভোটাৰক মহিলা, যুৱ, কৃষক আৰু দৰিদ্ৰ শ্ৰেণীত বিভক্ত কৰিছে নিৰ্বচনী যুঁজত আগবঢ়াৰ লক্ষ্য লোৱা হয়৷  বৈঠকত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই কয় যে, আগন্তুক দিনত দলৰ কৰ্মীসকলে সৰ্বসাধাৰণৰ ওচৰলৈ যাবলৈ পদযাত্ৰা কৰিব, চোতাল বৈঠক কৰিব আৰু হিতাধিকাৰী সন্মিলন অনুষ্ঠিত কৰা হ’ব৷ কংগ্ৰেছ দলৰ সম্পৰ্কত সভাপতি কলিতাৰ মন্তব্য, কংগ্ৰেছে সনাতন সংস্কৃতিক বৰ্জন কৰিছে৷ তেওঁলোকে অযোধ্যাৰ ৰাম মন্দিৰৰ মাটিখিনি মুকলি কৰিব নোৱাৰিলে৷ এতিয়া সেয়েহে কংগ্ৰেছে ৰাম মন্দিৰক লৈ ৰাজনীতি আৰম্ভ কৰিছে৷ সাংবাদিকৰে মুখামুখি হৈ মন্ত্ৰী ৰণজিত কুমাৰ দাসে ক'লে যে বৈঠকত মাইক্ৰ’ মেনেজমেণ্টৰ সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰা হয়৷ চৰকাৰৰ আঁচনি সমূহ কিমান ৰাইজে লাভ কৰিছে, বুথসমূহত সংগঠন কেনে স্থিতিত আছে তাক লৈ আলোচনা কৰা হয়৷ বিজেপিয়ে সূক্ষ্মভাৱে দলৰ কামকাজ কৰে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে নমো এপত আমি সকলো আপলোড কৰিব লগীয়া হৈছে, সেয়ে আমাৰ সকলো কাম কাজ ৰাইজৰ অৱগত হয়৷ বিজেপিৰ কেন্দ্ৰীয় উপসভাপতি বৈজয়ন্ত জয়পাণ্ডাই কয় যে, নিৰ্বাচনত এইবাৰ বিজেপিয়ে ঐতিহাসিক জয়লাভ কৰিব৷ পূৰ্বৰ দহ বছৰতকৈ অধিক ভোট লাভ কৰি ইতিহাস ৰচনা কৰিব বিজেপিয়ে৷ প্ৰত্যেক সমষ্টিৰ পৰা দহ শতাংশ অধিক ভোট লৈ জয়লাভ কৰিব৷ দলে কেৱল নিৰ্বাচনৰ সময়ত কাম নকৰে, ২৮×৭ মুডত কাম কৰে বিজেপিয়ে৷ নিৰ্বাচনী প্ৰচাৰ কৰাত আমি কিমান আগ্ৰাসী হ’ম আপোনালোকে দেখিব৷