Logo
image

এইবিধ চাহে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে

আজি কালি প্ৰায়ভাগ লোকৰে মুখত ডায়েবেটিছৰ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ ডায়েবেটিছক একপ্ৰকাৰৰ চাইলেণ্ট কিলাৰ বুলিও কোৱা হয়৷ এইবিধ ৰোগে আক্ৰান্তজনক ভিতৰৰ পৰা নিঃশেষ কৰি আহে৷ পৰিণতিত ৰোগীৰ মৃত্যু ঘটে৷ সেয়ে ডায়েবেটিছৰ সমস্যা থাকিলে আৰম্ভণিৰে পৰা সচেতন হোৱা উচিত৷ ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে বিভিন্নজনে বিভিন্ন দৰৱ খোৱাৰ উপৰিও শৰীৰ চৰ্চাকে ধৰি অন্যান্য উপায়ৰ সহায় লয়৷ ডায়েবেটিছ থাকিলে খাদ্যৰ ক্ষেত্ৰত বিশেষকৈ সতৰ্ক হোৱা উচিত৷ জানি আচৰিত হ’ব যে দালচেনিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে৷ আয়ুৰ্বেদ শাস্ত্ৰ মতে  দালচেনিৰে তৈয়াৰ কৰা চাহ পান কৰিলে দেহৰ বিভিন্ন প্ৰদাহ হ্ৰাস পায়৷ তদুপৰি কোনা টিছুৰ ক্ষতি হ’লে বা দেহত আঘাত পালে অথবা তেজ গোট মাৰিলে দালচেনিৰ চাহ খাব পাৰে৷ দালচেনিয়ে আন বিভিন্ন শাৰীৰিক সমস্যাও নিৰাময় কৰে৷ উল্লেখ কৰা হ’ল তেনে সমস্যাসমূহ–

হৃদৰোগৰ আশংকা কমায়ঃ ট্ৰাইগ্লিচাৰাইড বা বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে দালচেনিয়ে৷ উচ্ছ ৰক্তচাপো নিয়ন্ত্ৰণত ৰাখে এইবিধ মচলাই৷ ফলত হূদযন্ত্ৰৰ আশংকা হ্ৰাস পায়৷

পেটৰ সমস্যা হ্ৰাস কৰেঃ বহুতৰে কোষ্ঠ-কাঠিন্য, বদহজম, গেছ আদিৰ দৰে সমস্যা থাকে৷ দালচেনিয়ে এনে সমস্যা নিৰাময় কৰে৷ 

ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়েঃ দালচেনিত প্ৰচুৰ পৰিমাণে এন্টি  অক্সিডেণ্ট থাকে৷ নিতৌ দালচেনি চাহ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়৷

ওজন কমায়ঃ যিসকলৰ অত্যধিক ওজনৰ সমস্যা আছে, তেওঁলোকে নিতৌ দালচেনি চাহ খাব পাৰে৷ 

ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখেঃ টাইপ-টু ডায়েবেটিছ থাকিলে শৰীৰত ইনছুলিন হৰমনৰ ক্ষৰণ কমি আহে৷ ফলত তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়৷ দালচেনিৰ চাহে ইনছুলিনৰ ক্ষৰণ বঢ়ায়৷