Logo
image

‘মোদীৰ অনুষ্ঠান’ বুলি ৰামমন্দিৰ বৰ্জনৰ যুক্তি দিলে ৰাহুলে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ জানুৱাৰীঃ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাপক লৈ কৰাক লৈ আৰ এছ এছ বিজেপিয়ে অত্যুৎসাহী হৈ পৰাৰ সময়ত ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানক ‘মোদীৰ অনুষ্ঠান’ বুলি কটাক্ষ কৰি ৰাম মন্দিৰ বৰ্জন কৰিছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি গান্ধীয়ে কয়– ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক বিজেপি- আৰএছএছৰ অনুষ্ঠানত পৰিণত কৰা হৈছে৷ ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানক  ৰাজনীতিকৰণ কৰিছে আৰএছএছ-বিজেপিয়ে৷ তেওঁ স্পষ্ট ভাষাৰে কয়–২২ জানুৱাৰীৰ দিনটো আৰএছএছ-বিজেপিয়ে সম্পূৰ্ণৰূপে নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক অনুষ্ঠানত পৰিণত কৰিছে৷ গতিকে মই ভাবো কংগ্ৰেছ সভাপতিয়েও উক্ত অনুষ্ঠানলৈ যোৱা উচিত নহয়৷ তেওঁ আৰু কয়–আমাৰ দলত সকলো ধৰ্মৰ বাবে দুৱাৰ খোলা৷ আনকি সনাতন হিন্দু ধৰ্মৰ বৰণ্যে ব্যক্তিয়েও ২২ জানুৱাৰীৰ অনুষ্ঠানক ৰাজনৈতিকৰণ কৰা বুলি মত ব্যক্ত কৰিছে৷ উল্লেখ্য, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, জ্যেষ্ঠ নেত্ৰী ছোনীয়া গান্ধী, লোকসভাৰ বিৰোধী দলপতি অধিৰ ৰঞ্জন চৌধুৰীয়েও ৰাম মন্দিৰৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছে৷ ইফালে, ৰাহুল গান্ধীৰ নেতৃত্বত দেওবাৰে আৰম্ভ কৰা হৈছে ভাৰত জোড়ো ন্যায় যাত্ৰা৷ মণিপুৰৰ থৌকাল জিলাৰ পৰা আৰম্ভ কৰা হৈছে ভাৰত জোড়ো ন্যায় যাত্ৰা৷ সোমবাৰে মণিপুৰৰ পৰা ভাৰত জোৰো ন্যায় যাত্ৰা নাগালেণ্ডত প্ৰৱেশ কৰে৷ ন্যায় যাত্ৰাৰ তৃতীয় দিন অৰ্থাৎ মঙলবাৰে পূব নাগালেণ্ডৰ কোহিমাৰ পৰা আৰম্ভ  কৰা হয়৷ মণিপুৰ আৰু নাগালেণ্ডত স্থানীয় লোকে ৰাহুল গান্ধীক নিচেই কাষত পাই উৎফুল্লিত হৈ পৰে৷ বিভিন্ন জনগোষ্ঠীৰ লোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ৰাহুল গান্ধী আদৰণি জনোৱাৰ উপৰি তেওঁৰ নেতৃত্বত আৰম্ভ কৰে ভাৰত জোড়ো ন্যায়ৰ যাত্ৰাত চামিল হয়৷ ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ কৰে ভাৰত জোড়ো ন্যায় আৰু ১৮ জানুৱাৰীত অসমত প্ৰৱেশ কৰিব৷ ১৮-২৬ পৰ্যন্ত অসমৰ ১৭খন জিলাত যাত্ৰা কৰিব কংগ্ৰেছে৷  ভাৰত জোড়ো ন্যায় যাত্ৰাই ৬৬ দিনত ৬,৭১৩ কিলোমিটাৰ পথ অতিক্ৰম কৰিব৷ ২০ মাৰ্চত মুম্বাইত সামৰণি পৰিব ন্যায় যাত্ৰাৰ৷ ১৫খন ৰাজ্যৰ ১০০খন জিলাক সামৰি ল’ব এইবাৰৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই৷ কংগ্ৰেছৰ উদ্যোগত উলিওৱা হ’লেও এই যাত্ৰাৰ সকলোৰে বাবে বুলি কোৱা হৈছে৷ অসমত ১৮ জানুৱাৰীত আৰম্ভ কৰা হ’ব ভাৰত জোড়ো ন্যায় যাত্ৰা৷ ১৮ জানুৱাৰীত হালোৱাটিঙৰ পৰা আৰম্ভ হ’ব ন্যায় যাত্ৰা৷ প্ৰথমটো দিনত হালোৱাটিং, আমগুৰি নগৰ, নকছাৰী, গিবন, যোৰহাট; ১৯ জানুৱাৰীত নিমাতীঘাট, অফলাঘাট, কমলবাৰী, জেংৰাইমুখ, ঢকুৱাখনা; ২০ জানুৱাৰীত বগীনদী, লখিমপুৰ, গোবিন্দপুৰ, লালুক; ২১ জানুৱাৰীত গহপুৰ, বিশ্বনাথ, জামুগুৰিহাট, কলিয়াবৰ, ৰূপহী; ২৩ জানুৱাৰীত গৰৈমাৰী, কুকাৰপাৰ, চেঙা; ২৪ জানুৱাৰীত ভেল্লা, বৰপেটা, জনিয়া, কান্ধুলীয়া, আৰু বৰপেটাৰ বট্টাৰী পৰিভ্ৰমণ কৰিব৷ ভাৰত জোড়ো ন্যায় যাত্ৰা সফল কৰি তুলিবলৈ অসম কংগ্ৰেছে ২৫খন উপ-কমিটী গঠন কৰিছে৷

গুৱাহাটীত ৰাষ্ট্ৰপতি মুৰ্মু

গুৱাহাটীত উপস্থিত হৈছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু৷ সোমবাৰে দিনৰ ২ বজাত গুৱাহাটীৰ বিমান বন্দৰত উপস্থিত হয় মুৰ্মু৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, সমন্বিতে কেইবাজনেও ৰাষ্ট্ৰপতি মুৰ্মুক বিমান বন্দৰত আদৰণি জনায়৷ বিমান বন্দৰৰ পৰা ৰাষ্ট্ৰপতি মুৰ্মু পোনে পোনে তুৰালৈ উৰা মাৰে৷ ইফালে, এদিনীয়া বিশেষ ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে উপ-ৰাষ্ট্ৰপতি  জগদীশ ধনখড়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰাই বিমানবন্দৰত তেওঁক আদৰণি জনায়৷

ভাৰত জোড়ো ন্যায় যাত্ৰালৈ সমৰ্থন অসম নাগৰিক সমাজৰ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ ‘আমাৰ দেশখন সম্প্ৰতি এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে৷ আমি লক্ষ্য কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ একমাত্ৰ উদ্দেশ্য হৈ পৰিছে নিৰ্বাচনত জয়লাভ কৰা৷ কি কৰি নিৰ্বাচনত জয়ী হ’ ব পাৰি সেইটোৱে এতিয়া তেওঁলোকৰ সৰ্বক্ষণৰ চিন্তা- এইদৰে কয় ৰাজ্যসভাৰ সাংসদ তথা অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞাই৷ মঙলবাৰে অসম নাগৰিক সমাজৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত ভূঞাই লগতে কয়- নিৰ্বাচনত জয়ী হোৱাটো বিজেপিৰ কাৰণে এই কাৰণেই গুৰুত্বপূৰ্ণ যে নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেওঁলোকে কয়- যিহেতু তেওঁলোক নিৰ্বাচনত জয়ী হৈছে তেওঁলোকে শাসন চলাবলৈ জনতাৰ ৰায় পাইছে৷ এতিয়া তেওঁলোকে যি মন যায় তাকে কৰিব পাৰে৷ বিগত সময়ছোৱাত বিজেপি চৰকাৰে সেইটোৱেই কৰি আহিছে৷ তেওঁলোকৰ মতে গণতন্ত্ৰৰ অৰ্থ হ’ ল সংখ্যাগৰিষ্ঠতা৷ সংখ্যালঘুৰ মতামত, ভাৰতৰ সংবিধান, সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ স্বতন্ত্ৰতাৰ ওপৰত তেওঁলোকৰ কোনো আস্থা আৰু ভৰসা নাই৷ সংখ্যাগৰিষ্ঠতাৰে বলীয়ান হৈ তেওঁলোকে নিজৰ মন-মৰ্জিৰে সংসদত এখনৰ পিছত এখনকৈ আইন পাছ কৰি আছে যিবোৰ আইন ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট ব্যক্তিৰ মৌলিক স্বাধীনতা আৰু সামাজিক সমতা আৰু ন্যায়ৰ পৰিপন্থী৷ বিভাজনবাদী ৰাজনীতি, হ্ৰস্বম্যাদী অৰ্থনৈতিক নীতি আৰু দেশৰ গণতান্ত্ৰিক অনুষ্ঠান সমূহ নিজৰ বহতীয়া কৰি বিজেপিয়ে দেশত এক নৈৰাজ্যৰ সৃষ্টি কৰিছে৷ আমি ভাবোঁ এনে পৰিস্থিতিত ৰাহুল গান্ধীৰ নেতৃত্বত ১৪ জানুৱৰীত মণিপুৰৰ পৰা আৰম্ভ হোৱা ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ গুৰুত্ব অপৰিসীম৷ ভাৰত জোড়ো অভিযান, অসম আৰু অসম নাগৰিক সমাজে এই যাত্ৰালৈ পূৰ্ণ সমৰ্থন জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ ১৮ জানুৱাৰীৰ দিনা শিৱসাগৰৰ আমগুৰিয়েদি অসমত প্ৰৱেশ কৰিব৷ সেইদিনা ভাৰত জোড়ো অভিযান এটি দলে ৰাহুল গান্ধীক আদৰণি জনাব৷ তেওঁলোকে ৰাহুল গান্ধীক স্থানীয় লোকৰ সমস্যাৱলীৰ বিষয়ে অৱগত কৰাব৷ এনেদৰে যি যি ঠাইৰ মাজেৰে ৰাহুল গান্ধীৰ যাত্ৰা পাৰ হ’ব সেই সেই ঠাইবোৰত ভাৰত জোড়ো অভিযান, অসম আৰু অন্যান্য নাগৰিক সমাজৰ প্ৰতিনিধি সকলেও ৰাহুল গান্ধীক আদৰণি জনাব আৰু বিভিন্ন স্থানীয় সমস্যা সম্পৰ্কে তেওঁক অৱগত কৰাব৷ অসমৰ সমস্যাৰ লগতে ৰাজ্যখনৰ বৰ্ণাঢ্য সাংস্কৃতিক পৰিচয় আৰু পৰম্পৰাৰ লগত যাত্ৰাটোক চিনাকি কৰি দিয়া হ’ব৷ আমি আশাকৰো বিৰোধী ৰাজনৈতিক দলবোৰকো এই যাত্ৰাই বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’বলৈ অধিক তৎপৰ কৰি তুলিব৷ দেশৰ বৰ্তমানৰ পৰিস্থিতিত গণতন্ত্ৰ আৰু সামাজিক ন্যায় সুনিশ্চিত কৰিবলৈ দলে দলে ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত যোগদান কৰিবলৈ জনসাধাৰণৰ সকলো অংশলৈ আমি আহ৩ান জনাও৷’ সংবাদ মেলত ভাৰত জোড়ো অভিযান অসমৰ আহ৩ায়ক পৰেশ মালাকাৰে কয়–বিজেপিয়ে অযোধ্যাত এটা অৰ্ধনিৰ্মিত ৰাম মন্দিৰ নিৰ্মাণ কৰি ধৰ্মৰ নামত ৰাজনীতি কৰিব বিচাৰিছে৷ ইয়াৰ বিৰুদ্ধে আমি ঐক্যবদ্ধ হ’ব লাগিব৷ বিজেপিৰ নৈৰাজ্যৰ বিৰুদ্ধে বিৰোধী ঐক্যবদ্ধ হ’ব লাগিব৷ গুৱাহাটীত ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ভাৰত জড়ো ন্যায় যাত্ৰাত আমি সকলো বিৰোধী দলৰ সহযোগিতা কামনা কৰিছো৷’ সংবাদ মেলত বিশিষ্ট অধিবক্তা, সমাজকৰ্মী শান্তনু বৰঠাকুৰে কয়– বিজপি চৰকাৰখনে এই যাত্ৰাকলৈ শংকিত হৈছে৷ যিহেতু আমি এখন গণতান্ত্ৰিক দেশৰ বাসিন্দা সেয়েহে এই যাত্ৰা এক নিৰ্দিষ্ট গতিত গৈ থাকিব৷ অসম আৰু অসমীয়াকলৈ আমি আপোচ নকৰোঁ৷ ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি যাব লাগিব৷’