Logo
image

উঃ ম্যানমাৰ বিদ্ৰোহীৰ দখলত, অনুপ্ৰৱেশৰ আশংকা অসমলৈও

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ জানুৱাৰীঃ ম্যানমাৰৰ সামৰিক জুণ্টা চৰকাৰৰ বিৰুদ্ধে যোৱা নৱেম্বৰত দেশখনৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ নৱগঠিত জোঁট ব্ৰাদাৰহুড এলায়েন্সে দেশখনৰ আন এখন চহৰ সম্পূৰ্ণৰূপে দখল কৰি দুৰ্দান্ত সাফল্য অৰ্জন কৰিছে৷ সামৰিক চৰকাৰৰ বিৰুদ্ধাচৰণ কৰা ম্যানমাৰৰ গণতন্ত্ৰকামী ৰাজনৈতিক দলৰ সমৰ্থন আৰু স্থানীয় বাসিন্দাৰ সহযোগত সেনাবাহিনীৰ বিৰুদ্ধে বিৰল  সাফল্য অৰ্জন কৰা ব্ৰাদাৰহুড এলায়েন্সে ভাৰতৰ সীমান্তৱৰ্তী চহৰ পালেতাৱাৰ দখল কৰিছে৷ ৰাখাইন প্ৰদেশৰ অন্তৰ্গত কালাদান নদীৰ তীৰবৰ্তী এইখন বন্দৰচহৰ ভাৰত আৰু বাংলাদেশৰ বাণিজ্যৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ৷ বিদ্ৰোহী ব্ৰাদাৰহুড এলায়েন্সে এই চহৰখন দখল কৰাৰ লগে লগে ম্যানমাৰৰ সামৰিক চৰকাৰখন বাণিজ্যিকভাৱে ব্যাপক ক্ষতিৰ সন্মুখীন হ’ব৷ সশস্ত্ৰ বিদ্ৰোহীয়ে এই চহৰখন দখল কৰাৰ লগে লগে যুদ্ধত আতংকিত হাজাৰ হাজাৰ ম্যানমাৰৰ নাগৰিক মিজোৰামলৈ পলাই আহিছে৷ ইয়াৰ একাংশ লোকে সীমা পাৰ হৈ অসমতো প্ৰৱেশ কৰাৰ আশংকাই দেখা দিছে৷ ম্যানমাৰৰ ৩টা সশস্ত্ৰ বিদ্ৰোহী সংগঠন ক্ৰমে ‘তাং নেচনেল লিবাৰেচন আৰ্মী’, ‘আৰাকান আৰ্মী’ আৰু ‘ম্যানমাৰ নেচনেল ডেম’ক্ৰেটিক এলায়েন্স আৰ্মী’ একগোট হৈ ব্ৰাডাৰহুড এলায়েন্স গঠন কৰি সামৰিক চৰকাৰৰ বিৰুদ্ধে যুদ্ধ চলাই আছে৷ এই অভিযানৰ নাম ‘অপাৰেচন ১০২৭৷’ ইতিমধ্যে উত্তৰ, উত্তৰ-পশ্চিম ম্যানমাৰৰ ছান, চিন আৰু ছাগিয়াং প্ৰদেশৰ প্ৰায় সকলো অংশ বিদ্ৰোহীয়ে দখল কৰিছে৷ এতিয়া যুদ্ধ চলি আছে ৰাখাইন প্ৰদেশত৷ বিদ্ৰোহী সংগঠনক চিএনএ, চিডিএফ, কেএলডিএফ, পিডিএফ নামৰ বিদ্ৰোহী সংগঠনে যুদ্ধত সহায় কৰি আছে৷ ইয়াৰে একাধিক সংগঠনৰ সৈতে আলফা স্বাধীনৰ সু-সম্পৰ্ক আছে৷