Logo
image

ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব ড॰ ৰবি কোটা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক,১৭ জানুৱাৰীঃ ৰাজ্যৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে আইএএছ বিষয়া ড॰ ৰবি কোটাক৷ বৰ্তমানৰ মুখ্য সচিব পৱন কুমাৰ       বৰঠাকুৰে ৩১ মাৰ্চত অৱসৰৰ পাছতেই তেওঁৰ স্থানত স্থলাভিষিক্ত কৰা হ’ব ১৯৯৩ ৱেট্‌ছৰ অসম- মেঘালয় কেডাৰৰ আইপিএছ বিষয়া ৰবি কোটাক৷ মঙলবাৰে পাৰ্চনেল বিভাগৰ সচিব যাদৱ শইকীয়াই এটা নিৰ্দেশ যোগে ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হিচাপে ড॰ কোটাৰ নাম ৰাজহুৱা কৰে৷ বৰ্তমান গৃহ আৰু ৰাজনৈতিক বিভাগ, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অতিৰিক্ত মুখ্যসচিবৰ দায়িত্বত থকা ৰবি কোটাক একেটা নিৰ্দেশনাত বিত্ত বিভাগ, শক্তি বিভাগৰ অতিৰিক্ত মুখ্য সচিব আৰু মুখ্য সচিবৰ কাৰ্যালয়ৰ অ’এছডি হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে৷ লক্ষণীয়ভাৱে ৰবি কোটাৰ বিপৰীতে জ্যেষ্ঠ আইএএছ বিষয়া হিচাপে ১৯৯০ বেটছৰ ৰবি শংকৰ প্ৰসাদ, ছৈয়দ আব্বাছি আৰু  ১৯৯২ বেটছৰ ড॰ আশিস  কুমাৰ ভূটানীৰ নাম তালিকাত আছিল যদিও অৱশেষত ৰবি কোটাক পৰৱৰ্তী মুখ্য সচিব হিচাপে অনুমোদন জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আনহাতে একেটা নিৰ্দেশনাত বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, জনস্বাস্থ্য কাৰিকৰী আৰু জলসম্পদ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ছৈয়দ আব্বাছি আৰু কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড॰ আশিস কুমাৰ ভূটানীক বিশেষ মুখ্য সচিব হিচাপে পদোন্নতি দিয়ে৷ আনহাতে শক্তি বিভাগৰ প্ৰধান সচিব ড॰ কে কে দ্বিবেদীক মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব নিযুক্তি দিয়া হৈছে৷ ইফালে আবকাৰী বিভাগৰ আয়ুক্ত পদৰ পৰা অব্যাহতি দিয়া হৈছে৷ এপিডিচিএলৰ এম ডি ৰাকেশ কুমাৰক৷ ইয়াৰ বিপৰীতে নতুন আবকাৰী আয়ুক্ত পদত নিযুক্তি দিয়া হৈছে আইআৰএছ বিষয়া জিতু দলেক৷ আইএএছ বিশ্বজিৎ পেগুক গৃহ আৰু ৰাজনীতি বিভাগৰ সচিব পদত স্থানীয় নিযুক্তি দিয়াৰ বিপৰীতে কেন্দ্ৰীয় ডেপুটেশ্বনত থকা বীৰেন্দ্ৰ মিট্টালক সামাজিক ন্যায় আৰু সৱলীকৰণ, জলসিঞ্চন বিভাগৰ আয়ুক্ত সচিব পদত নিযুক্তি দিয়া হৈছে৷