Logo
image

দিল্লীক সেনা প্ৰত্যাহাৰৰ দাবী জনালে মালদ্বীপে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ জানুৱাৰীঃ চীনৰ ৫ দিনীয়া ভ্ৰমণ সামৰি দেশত উপস্থিত হোৱাৰ পাছতে মালদ্বীপৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি মহম্মদ মুইঝুৱে দেশখনত থকা ভাৰতীয় সেনা প্ৰত্যাহাৰ কৰাৰ বাবে চৰমসীমা বান্ধি দিয়াৰ ফলত ভাৰতৰ সৈতে প্ৰতিবেশী দ্বীপৰাষ্ট্ৰখনৰ কূটনৈতিক সম্পৰ্কৰ চৰম অৱনতি ঘটিছে৷ যোৱা শনিবাৰে বেইজিঙৰ পৰা আহি ৰাজধানী মালেত উপস্থিত হোৱাৰ  পাছতে মুইঝুৱে কৈছিল–‘হ’ব পাৰো আমি ক্ষুদ্ৰ দেশ৷ তথাপি কাৰো আমাক ধমকি দিয়াৰ অধিকাৰ নাই৷’ বিগত প্ৰায় এপষেক ধৰি চলা দুইদেশৰ বিতৰ্কত মুইঝুৰ পোনপটীয়া বক্তব্যই নতুন মাত্ৰা দিছিল৷ মুইঝুৰ সেই বক্তব্য ভাৰতে গাত পাতি লোৱা নাছিল৷ কিন্তু তাৰ পাছতে মহম্মদ মুইঝু চৰকাৰে আনুষ্ঠানিক বিবৃতি জাৰি কৰি ভাৰতক দেশখনত থকা সেনা অহা ১৫ মাৰ্চৰ ভিতৰত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে৷ ইয়াৰ পূৰ্বে মালদ্বীপৰ নতুন চৰকাৰে কূটনৈতিকভাৱে ভাৰতীয় সেনা প্ৰত্যাহাৰৰ বাবে নতুন দিল্লীক আহ্বান জনাইছিল৷ এইবাৰ নতুন দিল্লীক পোনপটীয়া দাবী জনাই মুইঝু চৰকাৰৰ শীৰ্ষ বিষয়া নাজিম ইব্ৰাহিমে কয়–‘ভাৰতীয় সেনা মালদ্বীপত থাকিব নোৱাৰে৷ কাৰণ এইটোৱেই ৰাষ্ট্ৰপতি মুইঝু আৰু তেওঁৰ চৰকাৰৰ সিদ্ধান্ত৷ তেওঁলোকে ১৫ মাৰ্চৰ ভিতৰত আমাৰ দেশ ত্যাগ কৰক৷’

মালদ্বীপৰ এই কঠোৰ মনোভাৱৰ পাছত সামান্য নৰম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে৷ পোনপটীয়াকৈ নতুন দিল্লীয়ে সেনা প্ৰত্যাহাৰ কৰা-নকৰা সন্দৰ্ভত কোনো মন্তব্য কৰা নাই৷ ইয়াৰ বিপৰীতে বৈদেশিক মন্ত্ৰণালয়ে এটা বিবৃতি দি জনাইছে, মালদ্বীপলৈ যাতে বাধাহীনভাৱে বিমান চলাচল কৰিব পাৰে, এনে পৰিস্থিতি অব্যাহত ৰখাৰ বাবে ভাৰতে পাৰষ্পৰিক সমাধানসূত্ৰ বিচৰাৰ চেষ্টা কৰিছে৷ তদুপৰি বিবৃতিত কৈছে–‘মালদ্বীপৰ জনসাধাৰণৰ কাষলৈ মানৱিক সাহায্য প্ৰেৰণ কৰাৰ বাবে ভাৰতীয় বিমানসমূহৰ চলাচল অব্যাহত ৰখাটো জৰুৰী৷ সেই পৰিস্থিতি অব্যাহত ৰখাৰ বাবেই উভয়পক্ষই এটা সমাধানসূত্ৰত উপনীত হোৱাৰ প্ৰয়াস চলাইছে৷ মালদ্বীপ আৰু ভাৰতৰ সৰ্বসন্মতিক্ৰমে এটা নিৰ্দিষ্ট দিন নিৰ্বাচিত কৰি আলোচনা কৰা হ’ব৷’

মালদ্বীপত ভাৰতৰ কিমান সেনা আছে আৰু তেওঁলোকৰ কাম কি সেয়া এক প্ৰশ্ন৷ দ্বীপ ৰাষ্ট্ৰখনত ভাৰতৰ মুঠেই ৮৮ জন সেনা আছে আৰু তেওঁলোকে তাত কোনো ঘাটি স্থাপন কৰি থকা নাই৷ মালদ্বীপৰ প্ৰান্তীয় অঞ্চলসমূহলৈ ভাৰতে প্ৰেৰণ কৰা ঔষধ, খাদ্য-সামগ্ৰী বায়ুসেনাৰ বিমানৰ জৰিয়তে পঠোৱা হয় আৰু তাৰ সুষম পৰিবহণ চলাচলত সহায় কৰে এই ৮৮ জন ভাৰতীয় সেনাই৷ ২০১০ চনত হোৱা এক দ্বিপাক্ষিক চুক্তি অনুসৰি এই ৮৮ জন ভাৰতীয় সেনা মালদ্বীপত আছে আৰু তেওঁলোকে দেশখনৰ সেনাবাহিনীক যুদ্ধৰ প্ৰশিক্ষণো দিয়ে৷ তদুপৰি ভাৰতে মালদ্বীপক এখন হেলিকপ্টাৰ, এখন বিমান ধাৰত দি থৈছে৷ কাষতে লংগৰ পেলাই আছে এখন ভাৰতীয় যুদ্ধজাহাজে৷ পিছে মহম্মদ মুইঝুৱে ‘ইণ্ডিয়া আউট’ নামৰ প্ৰচাৰ চলাই শেহতীয়া নিৰ্বাচনত জয়লাভ কৰি সন্মিলিত চৰকাৰৰ ৰাষ্ট্ৰপতি হোৱাৰ পৰাই দেশখনে কূটনৈতিক অৱস্থান সলনি কৰিছে৷ মুইঝুৰ গুৰু হৈছে আব্দুল্লা য়ামিন আৰু তেঁৱেই ‘ইণ্ডিয়া আউট’ শ্ল’গান অৰ্থাৎ ভাৰতীয় সেনা প্ৰত্যাহাৰ অভিযানৰ স্ৰষ্টা৷ সেই শ্ল’গানেৰে নিৰ্বাচনত জয়লাভ কৰাৰ পাছত ‘পিপ’লছ নেচনেল কংগ্ৰেছ’ আৰু ‘প্ৰগ্ৰেছিভ পাৰ্টী অব মালদ্বীপ’ দলৰ জোঁট চৰকাৰৰ মুৰব্বী হোৱা মহম্মদ মুইঝুৱে চীনৰ পক্ষত অৱস্থান কৰি কাঢ়া ভাৰতবিৰোধী স্থিতি লৈছে৷ ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ পাছত মুইঝুৱে যি তিনিখন দেশ ভ্ৰমণ কৰিছে, তাৰ তুৰস্কৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক বেয়া আৰু চীন একপ্ৰকাৰ অঘোষিত শত্ৰু৷ মুইঝুৱে সদ্যসমাপ্ত চীন ভ্ৰমণত ২০ খন দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছে আৰু চীনে ১৩০ নিযুত মাৰ্কিন ডলাৰৰ সাহায্য দিছে৷ এনে পৰিপ্ৰেক্ষিতত মুইঝুৱে ভাৰত বিৰোধী অৱস্থান লোৱাই স্বাভাৱিক৷

মুইঝুৰ এই স্থিতিয়ে ভাৰতক কিছু পৰিমাণে শলঠেকত পেলাইছে৷ কিয়নো মালদ্বীপৰ দাবী মানি সেনা প্ৰত্যাহাৰ কৰিলে ভাৰতৰ সন্মান যায় আৰু নকৰো বুলি মুকলি ঘোষণা কৰিলে আন্তঃৰাষ্ট্ৰীয় কূটনীতিত ভাৰত সাম্ৰাজ্যবাদী হৈ পৰে৷ তদুপৰি ভাৰতে ২০২১ চনৰ দ্বিপাক্ষিক চুক্তি অনুসৰি ৰাজধানী মালেৰ কাষৰ উথুৰু থিলাফাইহুত এটা পোতাশ্ৰয় নিৰ্মাণ কৰি আছে, যিটো ভৱিষ্যতে ভাৰতৰ নৌঘাটি হ’ব পাৰে৷ যদি মুইঝু চৰকাৰে এই চুক্তি খাৰিজ কৰে তেন্তে ভাৰত ব্যৱসায়িক আৰু ‘ষ্ট্ৰেটেজিক’ দুই দিশত ভয়ানক ক্ষতিগ্ৰস্ত হ’ব৷ কিয়নো এই পথেৰেই ভাৰতৰ বাণিজ্যিক জাহাজ চলাচল কৰে আৰু চীনেও দেশৰ ৮০ শতাংশ তেল পৰিবাহী জাহাজ চলাচল কৰাই আছে৷ সেই পোত্ৰাশ্ৰয় নিৰ্মাণ সম্পূৰ্ণ হ’লে চীনৰ সান্দহ খোৱা বালি তল যাব৷ সেয়ে চীনে চল চাই কঠিয়া পাৰি মুইঝুক আপোন কৰিছে৷