Logo
image

প্ৰসংগঃ জু-ৰোডত আলফাৰ গ্রেনেড বিস্ফোৰণ, অভিযুক্তক জামিন

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ জু-ৰোডত আলফাৰ গ্রেনেড বিস্ফোৰণৰ অন্যতম অভিযুক্ত এজনক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে।মহানগৰীৰ জু-ৰোডৰ গুৱাহাটী চেন্ট্রেল শ্বপিং মলৰ সন্মুখত গ্রেনেড বিস্ফোৰণ কাণ্ডত গ্রেপ্তাৰ হোৱা ইন্দ্র মোহন বৰাই অৱশেষত জামিন লাভ কৰিবলৈ সক্ষম হৈছে। 

সুদীর্ঘ চাৰি বছৰৰ অধিক কাল ধৰি কাৰাগাৰত থকাৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্ত ইন্দ্র মোহন বৰাৰ জামিন মঞ্জুৰ কৰে। উল্লেখ্য যে ২০১৯ চনৰ ১৫ মে'ত আলফা (স্বাধীন)ৰ দ্বাৰা সংঘটিত হৈছিল গ্রেনেড বিস্ফোৰণৰ কাণ্ড। এই ঘটনা সন্দর্ভত আন বহুকেইজন অভিযুক্তৰ সৈতে ইন্দ্ৰ মোহন বৰা গ্রেপ্তাৰ হয়। অৱশেষত সুদীর্ঘ চাৰি বছৰৰ অধিক কাল ধৰি কাৰাগাৰত থকাৰ অন্তত বৰাই জামিন লাভ কৰিবলৈ সক্ষম হয়। আদালতত অভিযুক্তৰ হৈ যুক্তি দর্শায় জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে। 

উল্লেখযোগ্য যে ২০১৯ চনৰ ১৫ মে’ত গুৱাহাটীৰ জু-ৰোডত অৱস্থিত ‘গুৱাহাটী চেন্ট্ৰেল শ্বপিং মল’ৰ সন্মুখত সংঘটিত গ্ৰেনেড বিস্ফোৰণত ১২ গৰাকী ব্যক্তি আহত হৈছিল। অনুসন্ধানকাৰী সংস্থাটোৱে দাখিল কৰা অভিযোগনামাৰ ওপৰত ভিত্তি কৰি এন আই এৰ বিশেষ আদালতে পাপু কোঁচ, জাহ্নৱী শইকীয়া, প্ৰাণময় ৰাজগুৰু, চিন্ময় লহকৰ, ইন্দ্ৰমোহন বৰা, অমৃত বল্লভ গোস্বামী, প্ৰকাশ ৰাজকোঁৱৰ আৰু সঞ্জীৱ তালুকদাৰৰ বিৰুদ্ধে ২/২০১৯ নম্বৰৰ গোচৰ ৰুজু কৰে। নিয়াৰ আদালতে জনাই যে পাপু কোঁচৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২১/১২১(ক)/১২২/৩০৭/৩২৬/১৬(১)(খ) ধাৰা, বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ ১৮/২০/২৩/২৫(১)(খ)/৩৫ ধাৰা আৰু বিস্ফোৰক আইনৰ ৩/৫/১৮(খ) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয়৷ আনহাতে জাহ্নৱী শইকীয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২১/১২১(ক)/১২২ ধাৰা, বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ ১৩/১৬/১৬(১)(খ)/১৮/১৯/২৩(১)/৩৮/৩৯ ধাৰা, অস্ত্ৰ-শস্ত্ৰ আইনৰ ২৫(১) ধাৰা আৰু বিস্ফোৰক আইনৰ ৫ ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। আলোচনা পন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰুৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২১/১২১(ক)/১২২ ধাৰা, বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ ১৩/১৬(১)(খ)/১৮/২৩(১)/৩৮/৩৯ ধাৰা, অস্ত্ৰ-শস্ত্ৰ আইনৰ ২৫(১)(খ)/৩৫ ধাৰা আৰু বিস্ফোৰক আইনৰ ৫ ধাৰাৰ অধীনত চলোৱা হ’ব গোচৰ প্ৰক্ৰিয়া। চিন্ময় লহকৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২১/১২১(ক) ধাৰা, বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ ১৬(১)(খ)/১৮/২০/৩৮/৩৯ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয়। ইন্দ্ৰমোহন বৰাৰ বিৰুদ্ধে বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ ১৮/১৯/৩৮/৩৯ ধাৰাৰ অধীনত গোচৰ চলোৱা হ’ব৷ 

আনহাতে অমৃত বল্লভ গোস্বামীৰ বিৰুদ্ধে বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ ১৩/১৮(খ)/৩৮/৩৯ ধাৰাৰ অধীনত গোচৰ চলোৱা হ’ব।সঞ্জীৱ তালুকদাৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২১(ক) ধাৰা, বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ ১৮/৩৮/৩৯ ধাৰাৰ অধীনত গোচৰ চলোৱা হ’ব। আনহাতে প্ৰকাশ ৰাজকোঁৱৰৰ বিৰুদ্ধে বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ ১৩/৩৮/৩৯ ধাৰাৰ অধীনত ৰুজু কৰা হয় গোচৰ।