Logo
image

লাখপতি বাইদেউ

বিগত সপ্তাহত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মহিলা উদ্যমিতা অভিযান আঁচনি এখনৰ বাৰ্তাই সচকিত কৰিছে ৰাজ্যৰ মহিলাসকলক৷ ৰাজ্যৰ ৩৯ লাখ মহিলাৰ বাবে ৰাজ্য চৰকাৰে যুগুত কৰা উক্ত আঁচনিৰ অধীনত প্ৰতিগৰাকী মহিলালৈ দহ হাজাৰ টকাৰ উদ্যমিতা পুঁজি যোগান ধৰিব ৰাজ্য চৰকাৰে৷ উল্লেখযোগ্য যে ইতিপূৰ্বে ঘোষণা কৰা যোগ্যতাৰ চৰ্ত অনুসৰি ৰাজ্য চৰকাৰৰ গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীয়নভুক্ত আত্মসহায়ক গোটৰ সদস্যৰ বাবেহে থাকিব এই আঁচনিৰ সুবিধা৷ সেইদৰে গোটৰ বা বেংক আদিৰ পৰা অতীতত ঋণ লৈ পৰিশোধ কৰা, তিনিটাতকৈ অধিক সন্তান নথকা (অনুসূচিত জনজাতিৰ ক্ষেত্ৰত চাৰিটা সন্তান), বিদ্যালয়ত অধ্যয়নৰত কন্যা সন্তানৰ মাতৃ আৰু অমৃত বৃক্ষ আন্দোলনত বৃক্ষৰোপণ কৰা মাতৃসকলেহে লাভ কৰিব ৰাজ্য চৰকাৰৰ মহিলা উদ্যমিতা অভিযানৰ ধন৷ ১৮ জানুৱাৰীৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ পঞ্চায়ত কাৰ্যালয়ত উপলব্ধ হ’ব আৱেদনৰ প্ৰ-পত্ৰ৷ ৰাজ্য চৰকাৰে আশা কৰা মতে, দহ হাজাৰ টকাৰ উদ্যমিতা পুঁজিয়ে বিবেচিত মহিলাসকলক বছৰৰ অন্তত গঢ়ি তুলিব ‘লাখপতি বাইদেউ’৷
ৰাজ্যত বৰ্তমান কাৰ্যক্ষম হৈ থকা আত্মসহায়ক গোটসমূহৰ উৎপাদিত সামগ্ৰী বুলিলে– বোৱা-কটা, শিপিনীৰ দ্বাৰা উৎপাদিত কাপোৰৰ সামগ্ৰী, ফলমূলৰ তৈয়াৰ কৰা জাম-জেলী আৰু ফলৰ ৰসৰ খাদ্য, থলুৱা খাদ্য, যেনে পিঠা-পনা আদিয়েই প্ৰধান৷ সেইদৰে, মীন পালন, গৰু-ছাগলী বা গাহৰি পালন, মুৰ্গী (ব্ৰইলাৰ) পালন, মৌপালন আদি অৰ্থনৈতিক কৰ্মতো জড়িত আত্মসহায়ক গোটৰ মহিলাসকল৷ উল্লেখ্য, অসমত আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত নাই নিৰ্দিষ্ট বজাৰ৷ অনা-অসমীয়া ব্যৱসায়ীৰ দ্বাৰা লালিত-পালিত কিছুমান এজেণ্টৰ দ্বাৰা বজাৰলৈ আহে আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰী৷ সামগ্ৰীৰ দাম নিৰ্ধাৰণতো নাই স্পষ্ট নীতি৷ চাহিদা নাই বুলি মহিলাৰ পৰা ক্ৰয় কৰি অনা ৫০ টকাৰ এখন গামোচা বজাৰত বিক্ৰী হয় দুশ টকাত৷ হাঁহ-কুকুৰা পালন কৰা মহিলাই নিৰ্দিষ্ট সময়ত লাভ নকৰে উচিত মূল্য৷ ৰাজ্যৰ বিভিন্ন চহৰত অনুষ্ঠিত  মেলা বা প্ৰদৰ্শনীত বিক্ৰীৰ বাবে অনা আত্মসহায়ক গোটৰ সামগ্ৰীসমূহৰ দৰ কিমান বুলি প্ৰশ্ন কৰা গ্ৰাহকসকলৰ কৃপা লাভৰ পৰা বঞ্চিত বিক্ৰেতা মহিলাসকল৷
বৰ্তমান ৰাজ্য চৰকাৰে ঘোষণা কৰা লাখপতি বাইদেউৰ সপোন বাস্তৱায়িত কৰিবলৈ প্ৰয়োজন হ’ব বজাৰৰ৷ চহৰ বা টাউনসমূহত স্থায়ীভাৱে আত্মসহায়ক গোটৰ সামগ্ৰীৰ বজাৰ স্থাপন কৰাৰ এক পৰিকল্পনা যুগুত কৰা উচিত হ’ব৷ উক্ত বজাৰসমূহত মাথোঁ থলুৱাভাৱে উৎপাদিত খাদ্যসামগ্ৰী, বস্ত্ৰসামগ্ৰীৰ বিক্ৰেতাৰ ভূমিকাত থাকিব লাগিব মহিলাসকল৷ সম্পূৰ্ণ মহিলাৰ নিয়ন্ত্ৰণত চলিব লগা উক্ত বজাৰসমূহ চহৰৰ মাজমজিয়াত স্থাপন হোৱাটো প্ৰয়োজন৷ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ, মিজোৰাম আৰু মেঘালয়ত মহিলাৰ দ্বাৰা পৰিচালিত বিপণী কিম্বা বজাৰসমূহে অৰ্থনৈতিক সকাহ দিছে মহিলাক৷
মুক্ত অৰ্থনীতিৰ নীতিত পৰিচালিত অসমৰ দৰে এখন ৰাজ্যত লাখপতি বাইদেউ সৃষ্টি কৰিবলৈ বহুখিনি কৰণীয় আছে চৰকাৰৰ কাৰণে৷ আত্মসহায়ক গোটৰ ঋণ মাফ প্ৰক্ৰিয়াই এটা কথা বুজাই দিলে– অসমত আত্মসহায়ক গোটসমূহৰ অৰ্থনৈতিক ব্যৰ্থতা৷ গোটৰ নামত লোৱা ঋণৰ টকাৰে সন্তানৰ বা পৰিয়ালৰ দৈনন্দিন অভাৱ পূৰণ কৰা কাৰ্যই ইতিমধ্যে লক্ষ্যভ্ৰষ্ট কৰিছে বহুতো মহিলাক৷ তেনে এক ব্যৰ্থতাৰ মাজত আৱদ্ধ হৈ থকা অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলৰ অৰ্থনৈতিক প্ৰগতি অবিহনে মহিলা সবলীকৰণ প্ৰক্ৰিয়াটো সফল নহ’ব বুলি ক’ব পাৰি৷ মহিলা উদ্যমিতা অভিযান সফল হ’বলৈ বহুখিনি কৰণীয় আছে উদ্যোগী মহিলাসকলৰ৷ নতুন নতুন মেচিন বা তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে উন্নতমানৰ সামগ্ৰীৰ উৎপাদন কৰিব লাগিব মহিলাসকলে৷ বজাৰৰ জ্ঞান, গ্ৰাহকৰ পছন্দ আদি দিশৰ প্ৰতি সজাগতা থকা মহিলা উদ্যোগী বছৰৰ শেষ কিয়, মাহেকতে হ’ব পাৰিব ‘লাখপতি বাইদেউ’৷