Logo
image

অভিলেখ! ভোগালীত ২০ কোটি টকাৰ সুৰাপান ৰাজ্যবাসীৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৮ জানুৱাৰীঃ ভোগৰ উৎসৱ ভোগালীত অসমীয়াই কেৱল মাছ-মাংসৰে ভোজ খোৱাই নহয়, ভোগালীৰ নামত টেটুলৈকে বিলাতী সুৰা পান কৰাৰ পৰাও পিছ পৰি নাথাকিল একাংশ অসমীয়া৷ ভোগালী বিহুত মাছ ক্ৰয় কৰিবলৈ বজাৰে বজাৰে হেতা-ওপৰা লগা অসমীয়াই মদ কিনিবলৈ ৱাইন শ্বপতো অতি সংগোপনে ভিৰ কৰাৰ তথ্য পলমকৈ হ’লেও পোহৰলৈ আহিছে৷ অৱশ্যে মাঘৰ বিহুৰ উৰুকাৰ দিনা বজাৰৰ পৰা মাছ-মাংস ক্ৰয় কৰি ছেল্‌ফি তুলি সামাজিক মাধ্যমত আপলোড দিয়া অসমীয়াই ৱাইন শ্বপৰ পৰা ক্ৰয় কৰা বিলাতি সুৰাৰ ছেল্‌ফি সামাজিক মাধ্যমত আপলোড নকৰাৰ বাবেই সেয়া হয়তো সকলোৰে অলক্ষিতে চৰ্চাৰ পৰা বাদ পৰি ৰ’ল৷ কিন্তু এদিন পলমকৈ হ’লেও ভোগালী বিহুৰ দুটা দিনত একাংশ অসমীয়াই সুৰা ক্ৰয়ৰ পৰিসংখ্যা আবকাৰী বিভাগে ৰাজহুৱা কৰাৰ পাছতেই সকলোৰে চকু এতিয়া কপালত উঠিছে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও ভোগালী বিহুৰ দুটা দিনত অসমত প্ৰায় ২০ কোটি টকাৰ সুৰা বিক্ৰী হয়৷ ইয়াৰ ভিতৰত অভিলেখ সংখ্যক ১১.৮ কোটি টকাৰ সুৰা গুৱাহাটী মহানগৰীতে বিক্ৰী হয়৷ আবকাৰী বিভাগে প্ৰকাশ কৰা অনুসৰি উৰুকাৰ দিনটোত মহানগৰীত সৰ্বাধিক ৭.২ কোটি টকা মূল্যৰ সুৰা বিক্ৰী হোৱাৰ বিপৰীতে বিহুৰ দিনা ৪.৮ কোটি টকাৰ সুৰা বিক্ৰীৰে অভিলেখ ৰচনা কৰে৷ অৱশ্যে গুৱাহাটীত বিহুত ১২ কোটি টকাৰ সুৰা বিক্ৰী হ’লেও ড্ৰিংক এণ্ড ড্ৰাইভৰ গোচৰ পঞ্জীয়ন হৈছিল মাত্ৰ ১৫টা৷ অৰ্থাৎ বিহু বুলি উজনি-নামনিলৈ ঘৰমুৱা হোৱা বহুতেই গুৱাহাটীৰ পৰাই সুৰা ক্ৰয় কৰি লৈ যোৱা বুলি অনুমান কৰা হৈছে৷ লক্ষণীয়ভাৱে নৱবৰ্ষৰ নামতো ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীত গুৱাহাটী মহানগৰীত ৮.০১ কোটি টকা মূল্যৰ সুৰা বিক্ৰী হৈছিল৷ অসম এতিয়া প্ৰতিটো উৎসৱত সুৰা বিক্ৰীৰ পৰিমাণ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ সুৰাৰ বিক্ৰী বৃদ্ধিত উৎফুল্লিত হৈ ৰাজ্য চৰকাৰে নতুনকৈ প্ৰায় ৩০০ সুৰা বিপনীৰ বাবেও ইতিমধ্যে নিবিদা আহ্বান কৰিছে৷ অসম চৰকাৰে বাৰ্ষিক আবকাৰী ৰাজহ ৪০০০ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে মফচলীয়া চহৰতো নতুন সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে সাজু হৈছে৷