Logo
image

যুদ্ধবাজৰ ৰূপত ইৰান, আক্ৰান্ত ইৰাক-ছিৰিয়াঃ ১২টা মাহত ৩খন যুদ্ধ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ জানুৱাৰীঃ বিশ্বত দুখনকৈ যুদ্ধ অব্যাহত থকাৰ সময়তে ইৰানে পাকিস্তানৰ বেলুচিস্তানত বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ হানি ভাৰতীয় উপ-মহাদেশৰ পৰিস্থিতিও উত্তপ্ত কৰি তুলিছে৷ ইৰানে পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কুহে ছবজ অঞ্চলত বেলিষ্টিক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনৰে আক্ৰমণ চলাই পাকিস্তান আশ্ৰিত সন্ত্ৰাসবাদী জঈছ-উল-অদলৰ দুটা ঘাটি ধবংস কৰি দিয়া বুলি দাবী কৰিছে৷ ইৰানৰ চৰকাৰী সংবাদ গোষ্ঠী ‘মেহৰে’ দেশখনৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ খবৰ নিশ্চিত কৰিছে৷ আনহাতে, পাকিস্তানে পলমকৈ এই আক্ৰমণৰ ঘটনা স্বীকাৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ খৰাৰ লগতে আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে৷ ইৰানৰ আক্ৰমণত বেলুচিস্তানত দুটি শিশু নিহত হোৱা বুলি দাবী কৰিছে পাকিস্তানে৷ পাকিস্তানৰ তত্বাবধায়ক চৰকাৰে তাৎক্ষণিকভাৱে কঠোৰ কুটনৈতিক পদক্ষেপ গ্ৰহণ কৰি ইৰানৰ ৰাষ্ট্ৰদূতক পাকিস্তানত প্ৰৱেশ কৰা বাৰণ কৰিছে আৰু তেহৰানত থকা পাকিস্তানী ৰাষ্ট্ৰদূতক দেশলৈ ওভোটাই আনিছে৷ ইৰানে এই আক্ৰমণ সংঘটিত কৰে মঙলবাৰে পুৱতি নিশা৷ পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জঈছ-উল-অদলে সীমান্তৰ সিপাৰে ইৰানৰ সামৰিক বাহিনীৰ ওপৰত আক্ৰমণ চলাই থকাৰ প্ৰত্যুত্তৰতে ইৰানে এই আক্ৰমণ সংঘটিত কৰা বুলি তেহৰানে দাবী কৰিছে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, এই আক্ৰমণৰ কেইঘণ্টামান পূৰ্বে ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব বাণিজ্য সন্মিলনত ভাগ লোৱা পাকিস্তানৰ তত্বাবধায়ক প্ৰধানমন্ত্ৰী আনোৱাৰ উল হক কাকাৰ আৰু ইৰানৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়ানৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল৷ সেই দ্বিপাক্ষিক বৈঠকৰ পাছতে ইৰানে এনেদৰে পাকিস্তানৰ ভূমিত বেলিষ্টিক ক্ষেপনাস্ত্ৰ আৰু ড্ৰোনেৰে আক্ৰমণ সংঘটিত কৰাৰ ঘটনাক পাকিস্তানে কঠোৰভাৱে নিন্দা কৰাৰ লগতে এয়া পাকিস্তানৰ আকাশসীমা অপ্ৰৰোচিতভাৱে লংঘন কৰা বুলি অভিযোগ তুলিছে৷ উল্লেখ্য, জঈছ-উল-অদল বা ‘ন্যায়ৰ বাহিনী’ নামৰ উগ্ৰপন্থী সংগঠনটোৰ ২০১২ চনত পাকিস্তানত জন্ম হৈছিল আৰু এই সংগঠনটো ঘাইকৈ ইৰানৰ সীমান্তত সক্ৰিয়৷ 

ইৰানে একেদিনাই ইৰাকৰ কুৰ্ডিস্তান আৰু ছিৰিয়াত ইজৰাইলী গুপ্তচৰ সংস্থা মোছাদৰ গোপন ঘাটিতো ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ সংঘটিত কৰে৷ তেহৰানৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ‘মেহৰে’ জনোৱা অনুসৰি ইৰানৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ আক্ৰমণত ইৰাকৰ কুৰ্ডিস্তান আৰু ছিৰিয়াত থকা ইজৰাইলী চোৰাংচোৱা সংস্থা মোছাদৰ ঘাটি ধবংস হৈছে৷ অৱশ্যে ইৰাকৰ কুৰ্ডিস্তানৰ স্বায়ত্ব শাসিত অঞ্চলৰ প্ৰধানমন্ত্ৰী মছৰুৰ বৰজানিয়ে দাবী কৰা অনুসৰি কুৰ্ডিস্তানত মোছাদৰ কোনো ঘাটি নাই, বৰং ইৰানে অসামৰিক অঞ্চলত ক্ষেপনাস্ত্ৰৰ আক্ৰমণ সংঘটিত কৰি নিৰ্দোষী লোকক হত্যা কৰিছে৷ ইৰানৰ দাবী, ইৰাকত দেশৰ ৰিভলিউচনেৰী গাৰ্ডে আৰু ছিৰিয়াত গৃহযুদ্ধত ভাগ লোৱা ইৰানী সেনাই পৰিকল্পিত আৰু সফল আক্ৰমণ সম্পন্ন কৰিছে৷ ইজৰাইল আৰু হামাছৰ মাজত দীৰ্ঘ তিনিমাহ ধৰি যুদ্ধ অব্যাহত থকাৰ মাজতে একে অঞ্চলতে এনেদৰে আক্ৰমণৰ ঘটনা সংঘটিত হোৱাত মধ্যপ্ৰাচ্য আৰু আনকি উপমহাদেশীয় অঞ্চল অশান্ত হৈ পৰাৰ আশংকাই দেখা দিছে৷ প্ৰসংগতঃ, ইয়াৰ অদূৰত প্ৰায় দুবছৰ অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ৷ পাকিস্তানে ইৰানক প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দিছে৷ যদিহে পাকিস্তানে ইৰানক প্ৰত্যাক্ৰমণ কৰে, তেন্তে তৃতীয় এখন যুদ্ধৰ সূচনা হ’বলৈ বেছি সময় নালাগিব৷