Logo
image

ৰামৰ নাম ‘বদনাম’ নকৰিব! আজমলৰ আহ্বান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ জানুৱাৰীঃ ৰাম মন্দিৰ উদ্বোধনৰ সময়ত মুছলমান লোকক ৰে’লত ভ্ৰমণ নকৰিবলৈ সকীয়াই দিয়া এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে এইবাৰ ৰামৰ নাম বদনাম নকৰিবলৈ দেশৰ হিন্দু লোকক আহ্বান জনাইছে৷ আজমলৰ আশংকা– ৰাম মন্দিৰ উদ্বোধনৰ সময়ত মুছলমান লোকৰ সৈতে বিক্ষিপ্ত ঘটনা সংঘটিত কৰিব পাৰে অযোধ্যামুখী হিন্দু লোকে৷ সেয়ে ২০ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈকে মুছলমান লোকক ৰে’ল যাত্ৰাৰ পৰা বিৰত থাকি ঘৰতে থাকিবলৈ আহ্বান জনাইছিল ধুবুৰীৰ সাংসদজনে৷ আজমলৰ আহ্বান– ঘৰতে থাকি এইকেইদিন নামাজ পঢ়িব লাগে মুছলমান লোকসকলে৷ কাৰণ লাখ লাখ লোক অযোধ্যালৈ যাব৷ বিজেপি আমাৰ প্ৰধান শত্ৰু৷ এই বিতৰ্কিত মন্তব্যৰ পাছত বুধবাৰে আজমলে হিন্দু সমাজক প্ৰত্যক্ষভাৱে আকৌ এবাৰ আক্ৰমণ আৰু কটাক্ষ কৰি কয়– কোনো গণ্ডগোল হ’ব নালাগে৷ বাট-পথত ঘূৰি ফুৰোঁতে মানুহৰ নিৰাপত্তা থাকিব লাগে৷ ৰে’লত চৰকাৰে বিশেষভাৱে নিৰাপত্তাৰক্ষী নিয়োগ কৰিব লাগে৷ ৰে’লতে বেছি ঘটনা সংঘটিত হয়৷ এটা ডবাত ২০০/২৫০ যাত্ৰী থাকে৷ চিআৰপিএফৰ জোৱানে বাচি বাচি মুছলমান যাত্ৰীক গুলীয়াইছে৷ পূৰ্বে বোৰ্খা পিন্ধা মুছলমান মহিলাৰ ওপৰত অত্যাচাৰ হৈছে৷ ৰে’লত মাৰি বাহিৰত পেলাই দিয়াৰ দৰে ঘটনাও হৈছে মুছলমানৰ লগত৷ এনেধৰণৰ ঘটনা যাতে নহয়, তাৰ বাবে মুছলমান লোকসকলক ঘৰতে থাকিবলৈ কৈছোঁ তিনিদিন৷ ঘৰতে থাকি হিন্দু ভাইসকলৰ বাবে প্ৰাৰ্থনা কৰক৷ আমাৰ ভাৰতবৰ্ষত এতিয়াও ৯৮ শতাংশ লোক ধৰ্মনিৰপেক্ষ৷ নহ’লে আমি থাকিব পাৰিলোঁহয় নেকি? এক, দুই শতাংশ যুৱকে সুৰা সেৱন কৰি, বিশ্ব হিন্দু পৰিষদ, আৰএছএছৰ প্ৰৰোচনাত মুছলমানক শত্ৰু জ্ঞান কৰি আছে৷ এনেকৈ দেশ নচলিব৷ দেশত শান্তি লাগে৷ যিসকল হিন্দু ভাই অযোধ্যালৈ গৈ আছে তেওঁলোকলৈ মোৰ আহ্বান– আপোনালোকে শান্তি বজাই ৰাখক৷ ৰামকা নাম বদনাম মত কৰোঁ৷ আনহাতে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা দেশৰ প্ৰধানমন্ত্ৰীৰ দৌৰত থকা বুলি দাবী কৰি আজমলে কয়– বাবাজী ড॰ হিমন্ত বিশ্ব শৰ্মা গড ফাডাৰ৷ এই দুইজন মানুহ প্ৰধানমন্ত্ৰীৰ দৌৰত আছে৷ যোগী আদিত্যনাথ আৰু ড॰ শৰ্মাৰ মাজত প্ৰতিযোগিতা চলি আছে কোনে আগতে প্ৰধানমন্ত্ৰী হ’ব পাৰে৷