Logo
image

মৌ-মাখিয়ে কামুৰিলে এইদৰে ৰক্ষা পাওক

মৰিগাঁও জিলাত অলপতে মৌ-মাখিৰ আক্ৰমণত এজন লোকে শোকাৱহভাৱে প্ৰাণ হেৰুৱাব লগাত পৰে৷ এই ঘটনাত আনক কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়৷ মৌ-মাখিৰ আক্ৰমণ অতি ভয়াৱহ৷ সঠিক সময়ত সতৰ্ক হ’ব নোৱাৰিলে ইয়াৰ পৰিণতি হিতে বিপৰীত হয়৷ মৌ-মাখি বা বৰলক ভয় নকৰা লোক নাই বুলি ক’লেও ভুল নহ’ব৷ গ্ৰীষ্ম তথা বাৰিষা কালত  বৰলৰ উপদ্ৰৱ বাঢ়ে৷ বিশেষকৈ যিসকলৰ ঘৰৰ আশে-পাশে বাগিচা বা ফল-মূলৰ গছ থাকে তেওঁলোকৰ চৌহদত বৰল প্ৰায় থাকেই৷ একেদৰে ফুলৰ পৰা মৌ সংগ্ৰহ কৰিবলৈও ফল-মূলৰ গছ বা ফুলৰ বাগিচাত মৌ-মাখি দেখিবলৈ পোৱা যায়৷ মৌ-মাখি বা বৰলে কামুৰিলে ইয়াৰ যন্ত্ৰণা অতি কষ্টদায়ক হয়৷ অৱশ্যে কিছুমান ক্ষেত্ৰত মৌ-মাখি অথবা বৰলে কামুৰিলে তাৎক্ষণিকভাৱে ইয়াৰ যন্ত্ৰণা অনুভৱ নহয় যদিও পৰৱৰ্তী সময়ত বহুতৰে এলাৰ্জি হোৱা দেখা যায়৷ মৌ-মাখি বা বৰলে কামুৰিলে কেইটামান ঘৰুৱা উপায়েৰে যন্ত্ৰণাৰ পৰা সকাহ পাব পৰা যায়৷ উল্লেখ কৰা হ’ল তেনে কেইটামান ঘৰুৱা উপায়– 

◆বৰল বা মৌ-মাখিয়ে কামুৰিলে লগে লগে কামোৰা অংশত সোমাই থকা শূংডাল উলিয়াওক৷ শূংডাল সাধাৰণতে ছালৰ সৈতে সমান হৈ থাকে৷ সেয়ে লাহে লাহে কামোৰা অংশত আঙুলিৰে বোলাই এটা সময়ত হঠাৎ উলিয়াই আনক৷

◆শূংডাল উলিয়াই অনাৰ পাছত সেই স্থানত গৰম অনুভৱ বা ;লাপোৰা কৰাৰ লগতে ৰঙা হৈ ফুলি উঠে৷ সেয়ে কামোৰা স্থানৰ পৰা শূংডাল উলিয়াই অনাৰ পাছত বৰফ ঘহঁক৷ কিছুসময় ঠাণ্ডা সেক দিয়াৰ পাছত এণ্টিবায়টিক লগাই দিয়ক৷

◆কিছুমানৰ ক্ষেত্ৰত শূংডাল উলিয়াই অনাৰ পাছত মূৰৰ বিষ, বমিভাব অথবা শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ হয়৷ আনকি শৰীৰ ফুলা বা পেটৰ বিষত আক্ৰান্তও হয়৷ এনেকুৱা হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক৷ 

◆চন্দন আৰু হালধিৰ গুৰি মৌ-মাখি আৰু বৰলে কামোৰাৰ ক্ষেত্ৰত অতি কাৰ্যকৰী উপায়৷ 

◆বৰলে কামোৰা স্থানত লগে লগে কেইটোপালমান লেভেণ্ডাৰ তেল লগালে যন্ত্ৰণা কমি আহে৷ মৌ-মাখিয়ে কামুৰিলে তুলসী পাতৰ ৰস, ইউকেলিপটাছ গছৰ তেল অথবা এল’ভেৰা জেল লগালে যন্ত্ৰণাৰ পৰা সকাহ পোৱা যায়৷

◆বেকিং ছডা আৰু আপেল ছিডাৰ ভিনেগাৰ মিহলাই এটা পেষ্ট তৈয়াৰ কৰক৷ ইয়াৰ পাছত বৰল বা মৌ-মাখিয়ে কামোৰা স্থানত পেষ্টখিনি লগাওক৷ কপাহত ভিনেগাৰ লগাই কামোৰা স্থানত সেক দিলেও যন্ত্ৰণাৰ পৰা সকাহ পোৱা যায়৷ 

◆মৌ-মাখিয়ে কামুৰিলে কামোৰা স্থানত অকণমান মৌ লগাই দিয়ক৷ মৌত থকা এণ্টিবেক্টেৰিয়েল উপাদানে সংক্ৰমণৰ আশংকা কমায়৷