Logo
image

২২ জানুৱাৰীত দেশজুৰি অৰ্ধছুটী, অসমতো

নতুন দিল্লী, ১৯ জানুৱাৰীঃ অহা সোমবাৰ অৰ্থাৎ ২২ জানুৱাৰীত হ’বলগীয়া ৰাম মন্দিৰ মুকলি উপলক্ষে দেশজুৰি কেন্দ্ৰীয় চৰকাৰে অৰ্ধ ছুটীৰ দিন ঘোষণা কৰিছে৷ সেই অনুসৰি উক্ত দিনটোত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কাৰ্যালয় তথা অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ বিষয়া-কৰ্মচাৰীসকলে অৰ্ধ ছুটী লাভ কৰিব৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে এই কথা সদৰি কৰে৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলে যাতে অযোধ্যাৰ ৰাম মন্দিৰ মুকলি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ চাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্ত্ৰীজনে উল্লেখ কৰে৷ তদুপৰি উক্ত দিনটোত দেশবাসীক নিজৰ পদূলিত বন্তি প্ৰজ্বলনেৰে দীপান্বিতা সদৃশ পৰিৱেশৰ সৃষ্টি কৰাৰ বাবেও মন্ত্ৰীজনে আহ্বান জনায়৷ লগতে দৰিদ্ৰক সেই দিনটোত অন্ন দান কৰাৰ বাবেও দেশবাসীলৈ আহ্বান জনায় মন্ত্ৰী জীতেন্দ্ৰ সিঙে৷ উল্লেখ্য যে ৰাম মন্দিৰ মুকলি কৰাৰ দিনটোত সমগ্ৰ দেশতে কেন্দ্ৰীয় চৰকাৰে ড্ৰাই ডে হিচাপে ঘোষণা কৰিছে৷ সেই অনুসৰি উক্ত দিনটোত সুৰাৰ বিপণীসমূহ বন্ধ থাকিব৷ আনহাতে উত্তৰ প্ৰদেশ, গোৱা আৰু ছত্তীশগড়ত উক্ত দিনটোত চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে৷ উক্ত ৰাজ্যকেইখনত চৰকাৰী তথা অৰ্ধ চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানসমূহ উক্ত দিনটোত সম্পূৰ্ণৰূপে বন্ধ থাকিব৷ একেদৰে অসমতো উক্ত দিনটোত ৰাজ্য চৰকাৰে অৰ্ধ ছুটীৰ দিন হিচাপে ঘোষণা কৰিছে৷ আজি এই সন্দৰ্ভত অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিবে এক নিৰ্দেশনাযোগে ২২ জানুৱাৰীত ৰাম মন্দিৰ মুকলিৰ দিনটোত বিয়লি আঢ়ৈ বজালৈকেহে কাৰ্যালয়সমূহ খোলা থাকিব বুলি ঘোষণা কৰে৷