Logo
image

অঘটন! ৰাম মন্দিৰলৈ অনা আতচবাজীৰ ট্ৰাক বিস্ফোৰিত

লক্ষ্ণৌ, ১৯ জানুৱাৰীঃ অযোধ্যাত ৰাম মন্দিৰৰ দ্বাৰ উদ্‌ঘাটনলৈ আৰু মাথোঁ চাৰিটা দিন বাকী৷ ইয়াৰ বাবে এতিয়া দিনে-নিশাই  প্ৰস্তুতি চলিছে৷ জাকজমককৈ সজাই তোলা হৈছে সমগ্ৰ অযোধ্যা নগৰীক৷ অহা ২২ জানুৱাৰী অৰ্থাৎ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্দিৰৰ দ্বাৰ মুকলি কৰাৰ লগতে মন্দিৰটোৰ গৰ্ভগৃহত শ্ৰীৰাম চন্দ্ৰৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰিব৷ ইয়াৰ বাবে ইতিমধ্যে মন্দিৰত মাংগলিক কাৰ্যসূচী আৰম্ভ হৈছে৷ বুধবাৰে নিশা মন্দিৰটোৰ গৰ্ভগৃহত শ্ৰীৰাম চন্দ্ৰৰ প্ৰতিমূৰ্তিটো স্থাপন কৰা হয়৷ এতিয়া মাথোঁ অপেক্ষা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা হ’বলগীয়া মূল অনুষ্ঠানলৈ৷ ইপিনে ৰাম মন্দিৰ মুকলিক লৈ সমগ্ৰ দেশৰ জনসাধাৰণ উদগ্ৰীৱ হৈ থকাৰ মাজতে সংঘটিত হৈছে এক অঘটন৷ এই ঘটনাত মন্দিৰৰ উদ্‌ঘাটনী অনুষ্ঠানৰ বাবে কঢ়িয়াই নিয়া এক ট্ৰাক আতচবাজী আধাবাটতে জ্বলি নিঃশেষ হয়৷ বুধবাৰে উত্তৰ প্ৰদেশৰ উন্নাওৰ পূৱ কোটোৱালি গাঁৱৰ ওচৰত সংঘটিত হয় এই ঘটনা৷ 

প্ৰাপ্ত তথ্য মতে আতচবাজী ভৰ্তি ট্ৰাকখন তামিলনাডুৰ পৰা অযোধ্যা অভিমুখে গৈ আছিল৷ কিন্তু উত্তৰ প্ৰদেশৰ উন্নাওৰ পূৱ কোটোৱালি গাঁৱত প্ৰৱেশ কৰাৰ পাছতেই হঠাতে ট্ৰাকখনত জুইৰ সূত্ৰপাত ঘটে৷ ফলত মুহূৰ্তৰ ভিতৰতে ট্ৰাকখনত থকা আতচবাজীসমূহৰ বিস্ফোৰণ হ’বলৈ আৰম্ভ কৰে৷ ফলত ঘটনাস্থলীত হুৱাদুৱা লাগে৷ এটা সময়ত গাঁওখনৰ বাসিন্দাসকল আৰু আৰক্ষী আহি জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও চকুৰ সন্মুখতে সমস্ত আতচবাজীসহ ট্ৰাকখন জ্বলি ছাঁই হৈ যায়৷ ঘটনাটোত ট্ৰাকখনত থকা আতচবাজীসমূহ প্ৰায় তিনিঘণ্টা ধৰি জ্বলি থাকে৷ কিহৰ বাবে এই জুইৰ সূত্ৰপাত ঘটিবলৈ পালে, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ ইপিনে মন্দিৰ মুকলিলৈ চাৰিটাদিন বাকী থকা অৱস্থাত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছটাকৈ ৰাম মন্দিৰ স্মাৰক ডাক টিকট উন্মোচন কৰে৷ এই ছটা ডাক টিকটৰ এটাত হনুমানৰ ছবি, এটাত গণেশ, এটাত জটায়ু, এটাত ৰাম মন্দিৰ আৰু আন দুটা ডাক টিকটত কেবটৰাজ আৰু মা শবৰীৰ ছবি আছে৷ প্ৰতিটো ডাক টিকটত ছবিসমূহ পৃথককৈ প্ৰকাশ কৰা হৈছে৷  তদুপৰি ভগৱান শ্ৰীৰাম চন্দ্ৰক উছৰ্গা কৰি প্ৰকাশিত এই ডাক টিকটসমূহৰ এখন গ্ৰন্থও প্ৰকাশ কৰা হয়৷ টিকটৰ নক্সাত মন্দিৰৰ বিভিন্ন অংশসমূহ সংক্ষিপ্তভাৱে অংকন কৰা হৈছে৷ ইয়াত আছে মন্দিৰটোৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন ভাস্কৰ্যসমূহো৷