Logo
image

জাতিগত ঘোষণা ভুৱা! খাৰিজ হ’ব পাৰে শৰণীয়াৰ সাংসদ পদ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু মুছলপুৰৰ প্ৰতিনিধি, ১৯ জানুৱাৰীঃ সাংসদ পদ খাৰিজ হ’ব পাৰে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ৷ জাতিগত প্ৰমাণপত্ৰ ভুৱা বুলি ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষক সমিতিয়ে জাতিগত প্ৰমাণপত্ৰ বাতিল কৰাৰ পাছতে তেওঁৰ সাংসদপদ খাৰিজৰ পথ প্ৰশস্ত হ’ল৷ সাংসদ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰ ভুৱা বুলি অভিযোগ তুলি জনজাতি সুৰক্ষা মঞ্চৰ নামৰ এটা সংগঠনে সাংসদপদৰ খাৰিজ কৰাৰ আৰ্জিৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত বিভাগীয় তদন্তৰ অন্তত শৰণীয়াৰ জাতিগত প্ৰমাণ-পত্ৰ ভুৱা বুলি নিৰ্দেশনা জাৰি কৰে ৰাজ্য চৰকাৰে৷ গতিকে যিকোনো মুহূৰ্তত খাৰিজ হ’ব পাৰে বড়ো-কাছাৰীৰ সৈতে কোনো সম্পৰ্ক নথকা, ভৈয়াম জনজাতিৰ বাবে সংৰক্ষিত কোক্‌ৰাঝাৰ লোকসভা সমিতিৰ পৰা দুবাৰকৈ সাংসদ নিৰ্বাচিত হোৱা নৱ শৰণীয়াৰ সাংসদ পদ৷ শৰণীয়াসকল জনজাতি মুলৰ নহয় বুলি দাবী কৰি গোচৰ তৰিছিল সংগঠনটোৱে৷  কিন্তু বড়ো কছাৰী বুলি সাংসদজনে নিৰ্বাচনত শপতনামা দাখিল কৰিছিল৷ বিনীতা পেগুৰ অধ্যক্ষতাত থকা ৰাজ্যিক পৰ্য্যায়ৰ নিৰীক্ষণ সমিতিয়ে বৃহস্পতিবাৰে বাতিল কৰিছে তেওঁৰ জাতিগত প্ৰমাণ পত্ৰ৷ নৱ শৰণীয়াৰ জাতিৰ প্ৰমাণ পত্ৰ ভুৱা৷ 

ইফালে, ৰাজ্যিক নিৰীক্ষণ সমিতিয়ে এই ৰায় দিয়াৰ পাছতে মুছলপুৰত নৱ শৰণীয়াই এই সন্দৰ্ভত সাংবাদিকক কয়– এয়া এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ৷ কোকৰাঝাৰত তেওঁক হৰুৱাব নোৱাৰি বিৰোধীয়ে ৰচিছে এইখন নাটক৷ পিছে যি নকৰিলেও কোকৰাঝাৰত নৱ শৰণীয়াৰ বিজয় নিশ্চিত৷ বিগত পাঁচ বছৰে ৰাজ্যিক নিৰীক্ষণ সমিতিত এই ফাইলটো পৰি আছিল৷ এতিয়া নিৰ্বাচনৰ আগ মুহূৰ্তত তেওঁৰ ভাৱমূৰ্তি নষ্ট কৰাৰ বাবে বিৰোধীয়ে উঠিপৰি লাগিছে৷ পিছে বিৰোধীৰ সকলো ৰণকৌশল মিছা হ’ব৷  মই ইয়াৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম৷ উচিত ন্যায় মই পাম৷ কোকৰাঝাৰত নৱ শৰণীয়া থকালৈকে ৰাইজ সুৰক্ষিত হৈ থাকিব৷ এতিয়া আমি অকল বিটিচিত থকা নাই৷ সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ যুঁজ আৰম্ভ কৰিছোঁ৷ কিন্তু আমাৰ বিৰুদ্ধে অসম চৰকাৰে এই খেল খেলিব নালাগিছিল৷  অসম চৰকাৰে বঙহৰ মাংসৰে ভোজ ভাত খোৱাৰ চিন্তা কৰিব নালাগিছিল৷ কাৰণ ৰাজ্য চৰকাৰৰ সেউজ সংকেত নাপালে এনে ফাইল নোখোলে৷

‘আমাৰ অসম’ৰ কোকৰাঝাৰ বিশেষ প্ৰতিনিধিঃ ২০১৯ চনৰ পৰাই নৱ কুমাৰ শৰণীয়াৰ জাতিৰ প্ৰমাণপত্ৰৰ বিৰুদ্ধে বড়োলেণ্ড জনজাতীয় সুৰক্ষা মঞ্চই যুঁজ দি অহাৰ পিছত ওলাই পৰিল জোলোঙাৰ মেকুৰী৷ প্ৰকাশ যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া যে বড়ো -কছাৰী নহয় ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটীয়ে দাখিল কৰা তথ্যক লৈ বড়োলেণ্ড জনজাতীয় সুৰক্ষা মঞ্চই সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সংগঠনৰ নেতৃত্বই এয়া ন্যায়ৰ জয় বুলি অভিহিত কৰিছে৷ উল্লেখযোগ্য যে বড়োলেণ্ড জনজাতীয় সুৰক্ষা মঞ্চই কোকৰাঝাৰত এক সংবাদমেলৰ আয়োজন কৰি মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ বৈছুমুথিয়াৰীয়ে সংবাদমেল সম্বোধন কৰি ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটীয়ে দাখিল কৰা প্ৰতিবেদন অনুসৰি নৱ কুমাৰ শৰণীয়া অনুসূচিত জনজাতিৰ সদস্য নহয় গতিকে উক্ত প্ৰতিবেদনৰ আধাৰত নৱ কুমাৰ শৰণীয়াৰ সাংসদ পদ খাৰিজৰ দাবী উত্থাপন কৰে৷  লগতে বিগত ১০ বছৰে মিছা জাতিগত প্ৰমাণ পত্ৰৰে সাংসদ হিচাপে গ্ৰহণ কৰি অহা দৰমহা আৰু সকলো সা-সুবিধা ঘূৰাই দিব লাগিব বুলি দাবী উত্থাপন কৰিছে৷ অন্যথা নৱ কুমাৰ শৰণীয়া জে’ললৈ যাব লাগিব বুলি মন্তব্য কৰিছে মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰী আৰু প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ বৈছুমুথিয়াৰীয়ে৷