Logo
image

প্ৰতিদিনে এটাকৈ কণী খালেও পাব অনেক উপকাৰ

কণী খোৱাক লৈ সাধাৰণতে মানুহৰ কিছুমান ভুল ধাৰণা থাকে৷ কিন্তু এই সম্পৰ্কত হোৱা বিভিন্ন গৱেষণাই নিশ্চিত কৰিছে যে, দৈনিক এটা বা দুটা কণী খালে স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী৷ 
কণীয়ে শৰীৰত উষ্ণতা বৃদ্ধি কৰে বুলি ভুল ধাৰণা আছে৷  পুষ্টিবিদৰ মতে দৈনন্দিন খাদ্যৰ তালিকাত এটা বা দুটা কণী ৰাখিলে আমাৰ শৰীৰটোৰ বাবে যথেষ্ট উপকাৰী৷

◆ পুৱাৰ আহাৰ হিচাপে এটা বা দুটা কণী খালে দিনটোৰ বাবে শৰীৰত শক্তি অটুট থকাৰ লগতে শৰীৰ সুস্থ আৰু ৰোগমুক্ত কৰি ৰখাত সহায় কৰে৷ 
◆ এক গৱেষণাত প্ৰকাশ পোৱা মতে প্ৰতিদিনে দুটাকৈ কণী খালে ব্যক্তিৰ মানসিক স্বাস্থ্য, বিশেষকৈ স্মৃতিশক্তি কণী নোখোৱা মানুহতকৈ ভাল হয়৷ 
◆ কণীত উপলব্ধ এণ্টিঅক্সিডেণ্টে স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে আৰু মগজুৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি কৰে৷ 
◆ শিশুৰ স্বাস্থ্যৰ বাবে কণীৰ বহু উপকাৰী৷ প্ৰতিদিনে এটাকৈ কণী খালে হাড় শক্তিশালী হোৱাই নহয়, হাড়জনিত ৰোগৰ আশংকাও হ্ৰাস পায়৷ 
◆ প্ৰতি সপ্তাহত প্ৰায় ৪টা কণী খালে হৃদৰোগ আৰু টাইপ ২ ডায়েবেটিছৰ আশংকা হ্ৰাস পায়৷
◆ দৈনিক এটাকৈ কণী গ্ৰহণ কৰিলে ওজন নিয়ন্ত্ৰণত থাকে৷ দৰাচলতে কণীত প্ৰটিন যথেষ্ট পৰিমাণে পোৱা যায়৷ 
◆ কণীত কেলচিয়াম আৰু ভিটামিন ডি প্ৰচুৰ পৰিমাণে পোৱা যায়৷ যিয়ে হাড়, দাঁত আৰু নখ মজবুত কৰাৰ কাম কৰে৷
◆ কণীত ওমেগা ৩ আৰু ওমেগা ৬ ফেটি এচিড থাকে৷ এনে অৱস্থাত দৈনিক এটা কণী খালে শৰীৰত HDL (ভাল কলেষ্টেৰল)ৰ মাত্ৰা বৃদ্ধি পায়৷ যাৰ ফলত হৃদযন্ত্ৰৰ সৈতে জড়িত আৰু ক’লেষ্টেৰল সম্পৰ্কীয় সমস্যা বহু পৰিমাণে হ্ৰাস পায়৷ 
◆ কণীত থকা এণ্টিঅক্সিডেণ্টেও চকুৰ ছানি পৰা আৰু আন বহুতো ৰোগৰ আশংকা হ্ৰাস কৰে৷ 
◆ কণী নিয়মীয়াকৈ খালে চুলি সৰা বন্ধ হোৱাৰ লগতে চুলি উজ্জ্বল হৈ পৰে৷
◆ কণীত ওমেগা ৬ ফেটি এচিড পোৱা যায়৷ নিয়ন্ত্ৰিত পৰিমাণত খালে কৰিলে মহিলাৰ স্তন কেঞ্চাৰৰ লগতে বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস পায়৷