Logo
image

ভোগালীৰ দৈ-চিৰা খাবলৈ নাপাই কংগ্ৰেছ ত্যাগ ফক্কৰৰ

ডিজিটেল সংবাদ, নগাঁওঃ ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ মহিমা অপাৰ। কেতিয়া তেওঁলোক দলৰ ওপৰত কি কাৰণত অসন্তুষ্ট হৈ দল এৰে কোনো ঠিক নাই। বিশেষকৈ নিৰ্বাচন আহিলে এচামে দল বাগৰাৰ একোটা কাৰণ উলিয়াই লয়। নগাঁৱৰ এজন কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ নেতাৰ দল এৰাৰ কাৰণ শুনিলে আপোনাৰো চকু কঁপালত উঠিব। ভোগালী বিহুৰ বতৰত নগাঁৱৰ জিলা কংগ্ৰেছৰ ৰাজীৱ ভৱনত চিৰা-দৈ খাবলৈ নোপোৱাৰ বাবেই এইজন কংগ্ৰেছ নেতাই ত্যাগ কৰিলে দল।

বিহুৰ আগলৈকে তেওঁ আছিল জিলা কংগ্ৰেছৰ এগৰাকী নিষ্ঠাবান কৰ্মী। পিছে তেওঁ ত্যাগ কৰিলে কংগ্ৰেছ দল। বিহুৰ দিনা দৈ-চিৰা খাবলৈ নাপাই কংগ্ৰেছ দল ত্যাগ কৰা নেতাজনৰ নাম হৈছে ফক্কৰ। নাম যেনেকুৱা কামো তেনেকুৱা নেতাজনৰ। নেতাজনৰ অভিযোগ-ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে বিহুৰ দৈ-চিৰা খাবলৈ নিমন্ত্ৰণ দিছিল। পিছে নিমন্ত্ৰণ পালে ঠিকেই কিন্তু খাবলৈহে নাপালে দৈ-চিৰা। দৈ-চিৰা খাবলৈ নোপোৱা ক্ষোভতে ফক্কৰে কংগ্ৰেছ দল ত্যাগ কৰি যোগদান কৰিলে সমাজবাদী পাৰ্টীত। এতিয়াৰ পৰা ফক্কৰ সমাজবাদী পাৰ্টীৰ এজন নিষ্ঠাবান কর্মী। কংগ্ৰেছৰ গান্ধীবাদী বগা টুপি এৰি ৰঙা টুপি পিন্ধা দেখা গ'ল ফক্কৰক। ফক্কৰৰ মতে, নগাঁও জিলা কংগ্ৰেছত দুটা লবী আছে।