Logo
image

অৰ্ধছুটী নে বন্ধ? ২২ জানুৱাৰীক লৈ বিভ্ৰান্তি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ জানুৱাৰীঃ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ২২ জানুৱাৰীত চৰকাৰী কাৰ্যালয়ত অৰ্ধছুটীৰ দিন ঘোষণা কৰিছে৷ ৰাম মন্দিৰৰ উদ্বোধনী দিনটোত কেৱল চৰকাৰী কাৰ্যালয়সমূহৰে অৰ্ধছুটী ঘোষণা নহয়, ২২ জানুৱাৰীত ৰাজহুৱাখণ্ডৰ বেংক সমূহৰো বন্ধ ঘোষণা কৰা হৈছে৷ কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰণালয়ে বৃহস্পতিবাৰে এটা নিৰ্দেশনাযোগে এই অৰ্ধছুটীৰ দিন ঘোষণা কৰিছে৷ ২২ জানুৱাৰী আবেলি ২.৩০ বজালৈ ভাৰতীয় ষ্টেট বেংকৰ লগতে সকলো ৰাজহুৱা খণ্ডৰ বেংক, ইঞ্চুৰেন্স কোম্পানী, বিত্তীয় প্ৰতিষ্ঠান আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহো বন্ধ থাকিব৷ লক্ষণীয়ভাৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাম মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত দিনৰ ২.৩০ বজালৈ অৰ্ধছুটী ঘোষণা কৰি ২.৩০ বজাৰ পাছত কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ দিয়াক লৈ কৰ্মচাৰী সমাজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ শিক্ষানুষ্ঠানসমূহ পুৱা ৯ বজাৰ পৰা আবেলি ৩ বজালৈ পাঠদানৰ সময় যদিও এতিয়া ২.৩০ বজালৈ অৰ্ধছুটী ঘোষণা কৰাত আধা ঘণ্টাৰ বাবে শিক্ষানুষ্ঠান খুলিব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ এই সন্দৰ্ভত প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথে কয়– প্ৰাথমিক বিদ্যালয়সমূহত আবেলি ২.৪৫ বজালৈ নিয়মীয়া পাঠদান চলে৷ যদিহে ২.৩০ বজালৈ বন্ধ থাকে, তেনেহ’লে পাঠদানৰ বাবে সময় বাকী থাকিব মাত্ৰ ১৫ মিনিট৷ এই ১৫ মিনিটৰ বাবে শিক্ষানুষ্ঠান খুলিব লাগিব নেকি? যদিও চৰকাৰী নিয়ম পালন কৰি শিক্ষকসকল নিজ নিজ বিদ্যালয়ত উপস্থিত হ’ব৷ কিন্তু ছাত্ৰ-ছাত্ৰী সকলক জানো ১৫ মিনিটৰ বাবে বিদ্যালয়লৈ আনিব পৰা হ’ব! যিহেতু চৰকাৰে ছুটী দিছে, সেয়েহে উক্ত দিনটো সম্পূৰ্ণ ছুটী দিয়া উচিত, অৱশ্যে সদৌ অসম কৰ্মচাৰী পৰিষদে চৰকাৰী নিৰ্দেশ মানি ২২ জানুৱাৰীত ২.৩০ বজাৰ পাছত কাৰ্যালয়লৈ যাব বুলিও জানিবলৈ দিছে৷

উপস্থিতি নিশ্চিতকৰণৰ স্পষ্ট নিৰ্দেশনা দিয়াৰ আহ্বান সন্মিলিত শিক্ষক মঞ্চৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ ৰাজ্য চৰকাৰে অযোধ্যাত ২২ জানুৱাৰীত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ২.৩০ বজালৈ অৰ্ধছুটী ঘোষণা কৰাত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে ৰাজ্যৰ শিক্ষক সমাজ উপস্থিতিক কেন্দ্ৰ কৰি বিভ্ৰান্তকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ অভিযোগ কৰিছে৷ এটা বিবৃতিত মঞ্চৰ নেতৃত্বই কয়– ২.৩০ বজালৈ অৰ্ধছুটীৰ সময়ক কেন্দ্ৰ কৰি ৰাজ্যৰ শিক্ষকৰ উপস্থিতি সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগয বিদ্যালয় শিক্ষা বিভাগৰ স্পষ্ট নিৰ্দেশ নিদিয়াত ৰাজ্যৰ শিক্ষক সমাজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে ৷ অসম বিদ্যালয় শিক্ষা বিভাগ, মাধ্যমিক শিক্ষা পৰিষদ আৰু উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰস্তুত কৰা শৈক্ষিক দিনপঞ্জী মতে বিদ্যালয় সমূহ ৰাতিপুৱা ৯ বজাত আৰম্ভ হ’ব লাগে আৰু প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় সমূহ ২.৩০ বজাত সমাপ্ত হোৱাৰ লগতে মাধ্যমিক শিক্ষাৰ অন্তৰ্গত বিদ্যালয়সমূহ  ৩.৩০ বজাত ছুটী হ’ব লাগে৷ উল্লিখিত ১৮ জানুৱাৰীৰ অৰ্ধছুটিৰ নিৰ্দেশনাটোৰ মতে প্ৰাথমিক পৰ্যায়ৰ শিক্ষক সকলে ২২ জানুৱাৰীত ছুটিৰ পিছত কৰ্মত যোগদান কৰিব লাগিব নেকি? মাধ্যমিক পৰ্যায়ৰ শিক্ষক সকলে বিদ্যালয় ছুটীৰ মাত্ৰ ৩০/৬০ মিনিটৰ পূৰ্বে কৰ্মত যোগদান কৰিব লাগিব নেকি বুলি এক উত্তৰবিহীন বাস্তৱ সমস্যাৰ সন্মুখীন হৈছে আৰু বিভ্ৰান্তিত পৰিছে৷ এনে অৱস্থাত বাস্তৱ পৰিস্থিতিলৈ লক্ষ্য ৰাখি অসম চৰকাৰৰ শিক্ষা বিভাগযবিদ্যালয় শিক্ষা বিভাগৰ পৰা ২২ জানুৱাৰীত অৰ্ধছুটীৰ পাছত শিক্ষকৰ উপস্থিতি নিশ্চিতকৰণক কেন্দ্ৰ কৰি স্পষ্ট নিৰ্দেশনা দিবলৈ শিক্ষক মঞ্চৰ অন্তৰ্গত ১২ শিক্ষক সংগঠনৰ নেতৃত্বই আহ্বান জনাইছে৷