Logo
image

ইংৰাজী পাঠ্যক্ৰমৰ বিৰুদ্ধে জেহাদ ঘোষণা আছুৰ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২০ জানুৱাৰীঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মাতৃভাষা বিৰোধী স্থিতি আৰু ইংৰাজী পাঠ্যক্ৰমক গুৰুত্ব দি ৰাজ্যৰ মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া কাৰ্যৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে আছুৱে৷ শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত থকা আছুৰ মুখ্য কাৰ্যালয়ত মৰিগাঁও অধিৱেশনৰ পাছত অনুষ্ঠিত প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ সভাৰ অন্তত আছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত আছুৰ সভাপতি উৎপল শৰ্মাই কয়– আছুৰ কাৰ্যনিৰ্বাহক সভাত অসম চৰকাৰে মাতৃভাষা মাধ্যমৰ প্ৰতি কৰা অন্যায়ৰ প্ৰতিবাদ আৰু ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়াবলৈ গ্ৰহণ কৰা সিদ্ধান্ত বাতিল নকৰালৈকে এই আন্দোলনৰ কাৰ্যসূচী চলি থাকিব৷ সেই অনুসৰি অহা ২৫ জানুৱাৰীত প্ৰত্যেক আঞ্চলিক ছাত্ৰ সন্থাই মাতৃভাষা বিৰোধী কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰিব৷ ২৭ জানুৱাৰীত আঞ্চলিক ছাত্ৰ সন্থাসমূহে গাঁৱে-ভূঞে চাইকেল সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰিব৷ ১ ফেব্ৰৱাৰীত প্ৰত্যেক জিলা ছাত্ৰ সন্থাই বিক্ষোভ সমদল বাহিৰ কৰিব৷ ৫ ফেব্ৰুৱাৰীত প্ৰত্যেক জিলা সদৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰা হ’ব৷ ১০ ফেব্ৰুৱাৰীত প্ৰত্যেক জিলা সদৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰিকৃতি দাহ কৰা হ’ব৷ ১০ ফেব্ৰুৱাৰীত পুৱা ৫ বজাৰ পৰা জিলা ছাত্ৰ সন্থাসমূহে ১৩ ঘণ্টীয়া  অনশন কাৰ্যসূচী ৰূপায়ন কৰিব৷ ফেব্ৰুৱাৰীৰ শেষত গুৱাহাটীত ‘মাতৃভাষা মাধ্যমঃ প্ৰত্যেক আৰু প্ৰত্যাহ৩ান’ শীৰ্ষক এক নাগৰিক সভাৰ আহ্বান কৰা হ’ব, য’ত অসমৰ সকলো প্ৰান্তৰ শিক্ষাবিদ, শিক্ষাগুৰু আৰু বিশিষ্ট নাগৰিক উপস্থিত থাকিব৷ ইমানতো চৰকাৰৰ শুভবুদ্ধিৰ উদয় নহ’লে মাৰ্চ মাহৰ শেষত গুৱাহাটীত এটি প্ৰতিবাদী সমাৱেশ আয়োজন কৰা হ’ব৷ মুঠতে মাতৃভাষা মাধ্যমৰ সুৰক্ষাৰ স্বাৰ্থত ধাৰাবাহিক আন্দোলন চলি থাকিব৷ এই ক্ষেত্ৰত অসম সাহিত্য সভা, এবছু, বড়ো সাহিত্য সভাৰে আলোচনা কৰা হ’ব৷

আছুৰ কাৰ্যনিৰ্বাহক সভাই আন কেতবোৰ ইতিবাচক পৰিকল্পনাও যুগুত কৰিছে৷ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম আন্দোলনৰ ইতিহাস প্ৰণয়ন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে৷ মে’-জুন মাহৰ ভিতৰত অসম চুক্তিৰ ছয় নং দফাৰ জৰিয়তে সাংবিধানিক ৰক্ষাকৱচ প্ৰদান সন্দৰ্ভত নতুন দিল্লীত এক ৰাষ্ট্ৰীয় আলোচনাচক্ৰ অনুষ্ঠিত কৰা হ’ব৷ প্ৰতিখন জিলাতে ইউপিএছচি, এপিএছচি তথা আন আন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কৰ্মশালা, প্ৰশিক্ষণ আদি আয়োজনৰ লগতে কেৰিয়াৰ কাউন্সেলিঙৰ কৰ্মশালা অনুষ্ঠিত কৰা হ’ব৷ আছু আৰু অসম উন্নতি সভাৰ যৌথ উদ্যোগত ১০০ টা অৰ্থনৈতিক প্ৰকল্প গ্ৰহণ কৰা হ’ব৷ ৰাজ্যিক ভিত্তিত গল্প, কবিতা, গৱেষণাধৰ্মী প্ৰবন্ধৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি শ্ৰেষ্ঠ লেখাসমূহৰ তিনিখনকৈ সংকলন প্ৰকাশৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ বাংলাদেশ সীমান্ত পৰিদৰ্শনৰ বাবেও এটি দল গঠন কৰি দিয়া হৈছে৷ 

আনহাতে, সংবাদ মেলত ভাগ লৈ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– আছুৰ মৰিগাঁও অধিৱেশনৰ সিদ্ধান্ত অনুসৰি ড॰ সমুজ্জ্বল ভট্টাচাৰ্যক মুখ্য উপচেষ্টা হিচাপে সেৱা আগবঢ়াই যোৱাৰ অনুৰোধেৰে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে৷ এই সন্দৰ্ভত তেওঁৰ  সৈতে যোগাযোগ কৰি অৱগত কৰিবলৈ কাৰ্যনিৰ্বাহকৰ চাৰিগৰাকী জ্যেষ্ঠ বিষয়ববীয়াক দায়িত্ব প্ৰদান কৰা হৈছে৷
 
যিসময়ত দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে মাতৃভাষাত মেডিকেল, ইঞ্জিনীয়াৰিং পাঠ্যক্ৰম পঢ়ুওৱাৰ ওপৰত গুৰুত্ব দিছে, সেই সময়ত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ গুণগান গাই থকা অসমৰ মুখ্যমন্ত্ৰীয়ে মাতৃভাষা বিৰোধী স্থিতি গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয় স্থাপন কৰিছে৷ চৰকাৰে  ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী পঢ়ুওৱাৰ সিদ্ধান্ত বাতিল নকৰালৈকে মাতৃভাষা মাধ্যমৰ সুৰক্ষাৰ দাবীত ৰাজ্যজুৰি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী চলি থাকিব৷ চৰকাৰখনে সকলো ক্ষেত্ৰতে দমন, প্ৰলোভনৰ ৰাজনীতি কৰি আহিছে ইয়াক সহ্য কৰা নহ’ব৷  সংবাদ মেলত আছুৰ কেইবাজনো নেতা উপস্থিত থাকে৷