Logo
image

অসমত হিমন্ত বিশ্ব চৰকাৰৰ দাদাগিৰি বন্ধ হ'ব লাগেঃ বিধায়ক অখিল গগৈ

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ 'কা' বিৰোধী আন্দোলনৰ গোচৰত ডিব্ৰুগড় আদালতত শনিবাৰে হাজিৰ হয় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। ডিব্ৰুগড় আদালতত চলি থকা ১৬ টাকৈ গোচৰৰ বিপৰীতে ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত চলি থকা ৩টা গোচৰত হাজিৰ বিধায়ক অখিল গগৈয়ে। 

আদালতে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে চলা গোচৰ তিনিটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা সত্ৰ আদালতলৈ প্ৰেৰণ কৰে। আদালতৰ পৰা ওলাই আহিয়েই বিধায়ক অখিল গগৈয়ে সৰৱ হৈ পৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে। ৰাহুল গান্ধীয়ে অসম আৰু উত্তৰ পূবত ৰূপায়ন কৰা 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ক বাধা দিব খোজা ৰাজ্য চৰকাৰৰ কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে। 

বিধায়ক অখিল গগৈয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰ এখন যেতিয়া অগণতান্ত্ৰিক, স্বৈৰাচাৰী আৰু ফেচিচ হৈ যায় তেতিয়া বিৰোধী পক্ষৰ কণ্ঠ সম্পূৰ্ণৰূপে ৰোধ কৰিবলৈ চেষ্টা কৰে। অসমৰ মুখ্যমন্ত্ৰীজনে নিজৰ পদমৰ্যাদা লাঘৱ কৰি বিৰোধীৰ পদযাত্ৰাৰ অনুমতি দিয়া-নিদিয়াক লৈ মন্তব্য দি আছে। আইন-শৃংখলা ব্যৱস্থাটো এজন অচিয়ে কৰি থাকিব লাগে। অসমৰ মুখ্যমন্ত্ৰীজনে প্ৰত্যকটো বিষয়তে মাত-মাতি তেওঁ নিজক সৰ্বেসৰ্বা দেখুৱাবলৈ এইবিলাক কাম কৰি আছে। মুখ্যমন্ত্ৰীয়ে অগণতান্ত্ৰিক, স্বৈৰাচাৰীভাৱে সকলো ক্ষেত্ৰতে বাধা আৰোপ কৰিবৰ কাৰণে চেষ্টা কৰি আছে। লক্ষীমপুৰত বিজেপি-আৰ এছ এছৰ মানুহে 'জয় শ্ৰীৰাম ধ্বনি' দি কংগ্ৰেছৰ বেনাৰ ফালি দিয়াৰ পিছতে প্ৰমাণ কৰি দিলে যে আমাৰ দেশত এতিয়া আইনৰ শাসন চলি থকা নাই। আমাৰ দেশখন অৰাজক হৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ৰাজ্যখন জংঘলৰাজলৈ পৰিণত হৈছে। 

একেদৰে অখিল গগৈয়ে আৰু কয় যে কেইদিনমানৰ আগতে বাংলাদেশৰ নিৰ্বাচনত মুকলিভাৱে গুণ্ডাৰাজ চলা দেখিছিলোঁ। এতিয়া অসমতো বিজেপি দিনত আৰক্ষীৰ পহৰাত গৈ মুকলিভাৱে বিজেপি-আৰ এছ এছে গুণ্ডাৰাজ চলাইছে। হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত বিৰোধীৰ বাক স্বাধীনতা হৰণ কৰাৰ দৰে নিঃকৃষ্ট কাম-কাজত নামি পৰিছে। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সকীয়নি প্ৰদান কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়, "অসম চৰকাৰে গণতান্ত্ৰিক পৰম্পৰা অক্ষুন্ন ৰাখক। গণতান্ত্ৰিকভাৱে কৰা কাম-কাজত বাধা আৰোপ কৰাটো বন্ধ কৰক। এনেদৰে অত্যাচাৰ বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দাদাগিৰি অসমত বন্ধ হ'ব লাগে।" ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক অখিল গগৈ আৰু মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেক পুৱতি নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক ক্ষোভ প্ৰকাশ কৰি অসমত জংঘলৰাজ আৰু ল'ৰা ৰজাৰ শাসন চলাৰ অভিযোগ উত্থাপন কৰিছে। বিধায়ক গগৈয়ে এই প্ৰসংগত কয়, কেন্দ্ৰত অটল বিহাৰী বাজপেয়ী আৰু অসমত প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ দিনত গুপ্তহত্যা হোৱাৰ দৰে হিমন্ত বিশ্ব শৰ্মা আৰু জি পি সিঙৰ নেতৃত্বত গুণ্ডাৰাজ আৰম্ভ হৈছে।