Logo
image

বাঘ ঐ বাঘ...প্ৰকাণ্ড বাঘৰ মুখামুখি হ'ল দুগৰাকী মহিলা, তাৰ পিছত...

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ ননৈত পুনৰ বাঘৰ আতংক৷ বনাঞ্চলৰ পৰা দূৰত অৱস্থিত ননৈ অঞ্চলত বাঘৰ সন্ত্ৰাস নোহোৱা নোপোজা ঘটনা। ননৈৰ ভেলাই গাঁৱত যোৱা ৫ জানুৱাৰীত আদিত্য শইকীয়া নামৰ এজন লোকৰ পুৱাই বাঘৰ আক্ৰমণত মৃত্যু ঘটিছিল৷ গাঁওখনৰ আন এজন আহত হৈছিল। কেইবাদিনো ধৰি বনবিভাগৰ লোকে গাঁওখনত বাঘটো বিচাৰি কোনো সন্ধান পোৱা নছিল৷

কেইদিনমানৰ পিছত বঢ়মপুৰ-পুৰণিগুদামত বাঘৰ খোজ দেখি বাঘটো পাহাৰলৈ গুচি যোৱা বুলি সন্দেহ কৰা হৈছিল। সেইখন গাঁৱতে এপষেকৰ ব্যৱধানত পুনৰ বনৰ ৰজাৰ আৰ্বিভাৱ ঘটে। শনিবাৰে বিয়লি ননৈৰ ভেলাই গাঁৱৰ নামঘৰৰ সমীপত বাঘে সন্ত্ৰাস চলাই বুলি স্থানীয় সুত্ৰত প্ৰকাশ। দিনে পোহৰে বাঘৰ মুখামুখি হৈ দুগৰাকী মহিলাৰ কথমপি প্ৰাণৰক্ষা পৰে। 

জানিব পৰামতে মহিলা দুগৰাকী নামঘৰৰ দিশে গৈ থকা অৱস্থাত এটা প্ৰকাণ্ড ঢেকীয়াপটীয়া বাঘৰ মুখামুখি হয়। বাঘটো দেখি তৎমুহূৰ্ততে মহিলা দুগৰাকীয়ে দৌৰি পলায়ন কৰে। স্থানীয় কেইবাজনো লোকে বাঘটো প্ৰত্যক্ষ কৰে। এই খবৰ লাভ কৰি ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ বাঘটোৰ অনুসন্ধান অব্যাহত ৰাখিছে। বাঘটোৰ পুনৰ উপস্থিতিক লৈ ভেলাইগাঁৱকৰ ধৰি ননৈ অঞ্চলত আতংক সৃষ্টি হৈছে ।