Logo
image

উক্তি-বক্ৰোক্তি

মহাত্মা গান্ধীয়ে কেতিয়াও ৰাম মন্দিৰৰ কথা কোৱা নাছিল৷ অতি প্ৰণালীবদ্ধভাৱে বাবৰি মছজিদ ভাৰতৰ মুছলমানৰ পৰা আঁতৰাই নিয়া হ’ল৷ উত্তৰ প্ৰদেশত জিবি পণ্ট কংগ্ৰেছৰ মুখ্যমন্ত্ৰী থকাৰ সময়ত বাবৰি মছজিদত ৰামৰ মূৰ্তি গোপনে স্থাপন কৰা হৈছিল৷ যদিহে তেওঁ সেই মূৰ্তি তাৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিলেহেঁতেন, তেন্তে ১৯৯২ চনত বাবৰি মছজিদ ভঙাৰ ঘটনা নহ’লহেঁতেন৷

– সাংসদ আছাদুদ্দিন ওৱেইছি


 দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত পৰিয়ালটোৱেই হৈছে গান্ধী পৰিয়াল৷ অসমত কংগ্ৰেছৰ এয়া কোনো ন্যায় যাত্ৰা নহয়, এয়া মিঞা যাত্ৰাহে৷

– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


ছানিয়া মিৰ্জাই এতিয়া ‘খুলা’ বিকল্প নিৰ্বাচন কৰি একপক্ষীয়ভাৱে বিবাহ বিচ্ছেদৰ জৰিয়তে ছোৱেইব মালিকৰ সৈতে বৈবাহিক বন্ধন ছিন্ন কৰিব৷ তাৰ বাবে উভয় পক্ষৰ সন্মতিৰ কোনো প্ৰয়োজন নাই৷

– ছানিয়া মিৰ্জাৰ পিতৃ ইমৰান মিৰ্জা


মই ৰাহুল গান্ধীক চিনি নাপাওঁ৷ ৰাহুল গান্ধী কোন গ্ৰহৰ প্ৰাণী মই নাজানো৷

– বিধায়ক সুমন হৰিপ্ৰিয়া


অসমৰ মুখ্যমন্ত্ৰীৰ সমান দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী ভাৰতত নাই৷ 

– কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী


১০০টা অপৰাধ কৰি ন্যায় যাত্ৰাত ওলাইছে কংগ্ৰেছ৷ ৰাইজক প্ৰৱঞ্চনা কৰি সমাজৰ বিভাজন ঘটাইছিল কংগ্ৰেছে৷ 

– মন্ত্ৰী অশোক সিংঘাল

 

কংগ্ৰেছ যায় নে নাযায় বা আন কোন কোন দল যায় নে নাযায় সেইটো মোৰ বাবে বিবেচনাৰ বিষয় নহয়, মই নি(য়কৈ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ যাম৷ কাৰোবাৰ যদি তালৈ যোৱাত সমস্যাত আছে, তেন্তে সেয়া তেওঁলোকৰ কথা৷

– প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং


ৰাজনীতিবিদ সদায় আলোচনাৰ বাবে সাজু থাকে৷ দেশৰ নিৰ্বাচনত পিটিআই দলে ভাগ লোৱাৰ ক্ষেত্ৰত অন্যান্য দলৰ সৈতে আলোচনা কৰিবলৈ মই সাজু আছোঁ৷ মই নিবিচাৰোঁ এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰি এখন দুৰ্বল চৰকাৰ গঠিত হওক৷ 

– পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান


মই অসমৰ মিত্ৰসকলক জনাবলৈ বিচাৰোঁ যে অচিৰেই ম্যানমাৰ আৰু ভাৰতৰ সীমান্তত বাংলাদেশৰ সীমান্তৰ দৰেই নিশ্ছিদ্ৰ বেৰা দিয়া হ’ব৷ উভয় দেশৰ ১৬ কিলোমিটাৰ অঞ্চলৰ ভিতৰলৈকে যোৱাৰ যি ব্যৱস্থা আছিল, সেয়া পুনৰ বিবেচনা কৰা হ’ব৷ 

– কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ