Logo
image

কাইলৈ মন্দিৰ উদ্বোধন প্ৰাণপ্ৰতিষ্ঠা ৰামলালাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ জানুৱাৰীঃ দেশৰ হিন্দু ধৰ্মাৱলম্বীৰ শ শ বছৰজোৰা প্ৰতীক্ষাৰ অন্ত পৰিব অহা সোমবাৰে৷ কিয়নো সোমবাৰে ৰামৰ জন্মভূমি  অযোধ্যাত ৰাম মন্দিৰৰ শুভ উদ্বোধন সম্পন্ন কৰা হ’ব৷ প্ৰকৃততে  ৰাম মন্দিৰৰ উদ্বোধন বুলি কোৱাতকৈ এই ধৰ্মীয় কাৰ্যক ৰাম মন্দিৰ নিৰ্মাণ ন্যাস আৰু দেশৰ হিন্দু সংগঠনসমূহে ভগৱান শ্ৰীৰামচন্দ্ৰৰ প্ৰাণপ্ৰতিষ্ঠা হিচাপে আয়োজন কৰিবলৈ আগবাঢ়িছে৷ কিয়নো অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য এতিয়াও অৰ্ধ সমাপ্ত হৈ আছে৷ সম্পূৰ্ণ মন্দিৰ নিৰ্মাণ কৰি উলিয়াবলৈ আৰু কমেও তিনি বছৰৰ প্ৰয়োজন হ’ব৷ কিন্তু ৰাম মন্দিৰ আন্দোলনৰ অগ্ৰণী বা গুৰিধৰোতা দেশৰ বৃহত্তম ৰাজনৈতিক সংগঠন বিজেপিয়ে দেশৰ আগন্তুক সাধাৰণ নিৰ্বাচনৰ পূৰ্বেই ৰাম মন্দিৰত পূজা-অৰ্চনা আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাটো বিচাৰিছে৷ ইয়াৰ কাৰণ মূলতঃ দুটা– প্ৰথমতে, বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী চৰকাৰে তেওঁলোকৰ দ্বিতীয় কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বে ৰাম মন্দিৰৰ উদ্বোধন হোৱাটো মনে-প্ৰাণে বিচাৰিছে৷ কিয়নো বিজেপিয়ে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰতো দেশবাসীক ৰাম মন্দিৰ নিৰ্মাণ কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ দ্বিতীয়তে, ৰাম মন্দিৰৰ শুভ উদ্বোধনৰ ফলত দেশত সৃষ্টি হ’বলগীয়া হিন্দুত্বৰ লহৰৰ ওপৰত ভেটি কৰি এইবাৰ বিজেপিয়ে সহজেই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা কৰিছে৷ সামগ্ৰীকভাৱে বিজেপিৰ মন্ত্ৰণাদাতা সংগঠন আৰ এছ এছৰো যি দীৰ্ঘকালীন ‘এজেণ্ডা’ আছিল, তাৰ ভিতৰত ৰাম মন্দিৰৰ নিৰ্মাণৰ হৈছে প্ৰধান লক্ষ্য৷ সেই সকলো প্ৰতিশ্ৰুতি আৰু অপেক্ষাৰ অন্ত পেলাই অহা সোমবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামৰ জন্মভূমি অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰত বালক ৰামৰ প্ৰাণপ্ৰতিষ্ঠা কৰিব৷  অযোধ্যাৰ ৰাম মন্দিৰত যিজন ভগৱান ৰামৰ পূজা কৰা হ’ব, তেওঁ পাঁচবছৰীয়া বালক ৰাম৷ সেই বালক ৰাম বা হিন্দীত ৰামলালাৰ নামতে উচ্ছতম ন্যায়ালয়ে অযোধ্যাৰ এই বিতৰ্কিত ভূমি এক ঐতিহাসিক ৰায়ৰ জৰিয়তে প্ৰদান কৰিছিল৷

এতিয়া ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানক লৈ ভক্তৰ প্ৰৱল উৎসাহে আয়োজকসকলক চৰম বিপদত পেলাইছে৷ প্ৰথমৰে পৰাই অযোধ্যা ৰাম মন্দিৰৰ নিৰ্মাতা আৰু এই অনুষ্ঠানৰ আয়োজকে ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত সাধাৰণ ভক্তক অযোধ্যালৈ নাহিবলৈ বাৰে বাৰে অনুৰোধ জনাইছিল৷ সেই দিনা কেৱল নিমন্ত্ৰিত অভ্যাগত সকলকে অযোধ্যাত উপস্থিত থাকিবলৈ আৰু প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানত ভাগ ল’বলৈ দিব বুলি ৰাম জন্মভূমি মন্দিৰ নিৰ্মাণ ন্যাসে বাৰম্বাৰ কৈ আহিছিল৷ কিন্তু ভক্তৰ প্ৰৱল উৎসাহক বাধা দিয়ে সাধ্য কাৰ? ৰাম মন্দিৰত ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানৰ দুদিন পূৰ্বে এতিয়া অযোধ্যাত ভক্তৰ যি জনপ্লাৱণ আৰম্ভ হৈছে, এই পৰিস্থিতিত কিদৰে সূচাৰুৰূপে অহা সোমবাৰে এই অনুষ্ঠান আয়োজন কৰিব পাৰি সেই লৈ চৰম উদ্বেগৰ সন্মুখীন হৈছে আয়োজক৷ হাজাৰে হাজাৰে হিন্দু ভক্তই ইতিপূৰ্বে অযোধ্যাত প্ৰৱেশ কৰি চহৰখনৰ পৰা বাহিৰলৈ ওলাই নহাত তাত থিয় হ’বলৈয়ো নামমাত্ৰ ঠাই নোহোৱা হৈ পৰিছে৷ এনে পৰিস্থিতিত শনিবাৰৰ নিশাৰ পৰা অযোধ্যালৈ যোৱা আৰু আযোধ্যা তথা ফৈজাবাদ হৈ যোৱা সকলোবিলাক ৰে’ল গাড়ীৰ যাত্ৰা বন্ধ কৰি দিয়া হৈছে৷ অনুষ্ঠানৰ আয়োজক, চৰকাৰ আৰু প্ৰশাসনৰ অনুৰোধত উত্তৰ মণ্ডল ৰে’লৱেই শনিবাৰে নিশাৰ পৰা অযোধ্যাধাম জংচন আৰু ফৈজাবাদ জংচন সকলো ৰে’লৰ বাবে বন্ধ কৰি দিছে৷ তদুপৰি সেই দুই ষ্টেচন স্পৰ্শ কৰি যোৱা কোনো ৰে’ল গাড়ীকে উক্ত দুই ষ্টেচনত ৰখোৱা নিষিদ্ধ কৰা হৈছে৷ অনিৰ্দিষ্টকালৰ বাবে এই দুই ষ্টেচন বন্ধ কৰি দিয়া সত্ত্বেও ভক্তৰ সোঁত বন্ধ কৰিব পৰা নাই প্ৰশাসন আৰু অনুষ্ঠানৰ আয়োজকে৷ কিয়নো অযোধ্যাৰ পৰা আগতে আন আন ষ্টেচনত নামি বৃহৎ সংখ্যাত ভক্তই বিভিন্ন উপায়েৰে অযোধ্যাত প্ৰৱেশ কৰিছে৷ চাইকেল, মটৰ চাইকেল, গাড়ী আৰু সমীপৱৰ্তী অঞ্চলৰ পৰা পদব্ৰজে হাজাৰে হাজাৰে হিন্দু ভক্তই অযোধ্যাত প্ৰৱেশ কৰি আছে৷ এনে পৰিস্থিতিত বিপাঙত পৰিছে আয়োজকসকল৷ কিয়নো নিমন্ত্ৰিত কেইবাহাজাৰ অতিথি ৰে’লেৰে অযোধ্যালৈ আহি আছিল৷ শনিবাৰে নিশাৰ পৰা অযোধ্যা অভিমুখী সকলো ৰে’ল গাড়ী বন্ধ কৰি দিয়াৰ ফলত সেই অতিথিসকল বিভিন্ন স্থানত আবদ্ধ হৈ পৰিছে৷ তেনে অভ্যাগতক আয়োজকসকলে আবদ্ধ হৈ পৰা স্থানৰ পৰা গাড়ীৰে অযোধ্যালৈ অনাৰ বন্দোবস্ত কৰিছে৷ কিন্তু গাড়ী লৈ অযোধ্যাৰ বাহিৰলৈ ওলাই যোৱা আৰু পুনৰ চহৰত প্ৰৱেশ কৰাটো এতিয়া অসাধ্য সাধন কৰাৰ দৰে কথা৷ তেনেক্ষেত্ৰত  কিদৰে নিমন্ত্ৰিত অতিথিক সোমবাৰৰ অনুষ্ঠানৰ বাবে অযোধ্যাত প্ৰৱেশ কৰোৱাব পাৰি সেয়া স্থানীয় প্ৰশাসনৰ বাবে কষ্টসাধ্য কাম হৈ পৰিছে৷ 

ইপিনে, শনিবাৰৰ পুৱাৰ পৰাই ৰামলালাৰ দৰ্শন বন্ধ কৰি দিয়া হৈছে৷ য’ত নতুন মন্দিৰ নিৰ্মাণ কৰা হৈছে তাতেই আছিল ৰামলালাৰ আস্থায়ী চাউনি৷ ২০২০ চনৰ ৫ আগষ্টৰ পৰা সেই অস্থায়ী চাউনিত ৰামলালাৰ মূৰ্তি ৰখা হৈছিল৷ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত তাৰ পৰা নতুন মন্দিৰৰ ভিতৰলৈ ৰামলালাৰ মূৰ্তি লৈ যোৱা হ’ব৷ আজি শনিবাৰে নতুন মন্দিৰলৈ যোৱা সকলোবোৰ পথ পুৱা দহ বজাৰ পৰা সকলোৰে বাবে বন্ধ কৰি দিয়া হৈছে৷ কেৱল ৰাম জন্মভূমি নিৰ্মাণ ন্যাসৰ সীমিত সদস্যৰহে প্ৰৱেশৰ অধিকাৰ আছে৷ অৱশ্যে নতুন মন্দিৰ সজাই-পৰাই তোলাৰ কাম এতিয়াও শেষ হোৱা নাই৷ দিনে-নিশাই কাম কৰি থাকিও অনুষ্ঠানস্থলী সম্পূৰ্ণ কৰিব পৰা নাই আয়োজকে৷ যি পথেৰে প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে  ৰাম মন্দিৰত প্ৰৱেশ কৰিব, সেই পথৰ নিৰ্মাণ আৰম্ভই হোৱা নাই শনিবাৰ পৰ্যন্ত৷ এনে পৰিস্থিতিত কিদৰে সোমবাৰে মন্দিৰ উদ্বোধনৰ পূৰ্বে সকলো কাম সম্পন্ন কৰে সেই লৈ চিন্তাত ভ্ৰূ কোচ খাইছে আয়োজকৰ৷