Logo
image

মহানগৰীত ৩৬ কোটি টকীয়া ৰিভাৰফ্ৰণ্ট

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২১ জানুৱাৰীঃ এতিয়াৰে পৰা গুৱাহাটী মহানগৰীলৈ অহা দেশী-বিদেশী পৰ্যটকে সুন্দৰকৈ উপভোগ কৰিব পাৰিব মহাবাহু ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য৷ কিয়নো গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যৱদ্ধৰ্নৰ দিশত এক নতুন মাত্ৰা সংযোজনেৰে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে শনিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পাণবজাৰত নতুনকৈ নিৰ্মাণ কৰা ৰিভাৰফ্ৰণ্টৰ শুভ উদ্বোধন কৰে৷ উল্লেখ্য যে প্ৰথম পৰ্যায়ত ৩৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা গুৱাহাটীৰ নৈপৰীয়া নৈসৰ্গিক শোভাৱদ্ধৰ্নৰ বাবে ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ত ৩৫.৮৫ কোটি টকা ব্যয় কৰা হ’ব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰকল্পটোত থকা ঐতিহাসিক পদুমপুখুৰীত আলংকৰিক মাছ এৰি দিয়াৰ লগতে ৰিভাৰফ্ৰণ্টৰ সৌন্দৰ্যও উপভোগ কৰে৷ প্ৰণিধানযোগ্য যে আটকধুনীয়া গ্ৰেণাইটৰ কাৰুকাৰ্য, মনোৰম সৌন্দৰ্য, সেউজ মুকলি ঠাই, খোজ কঢ়া আৰু জগিং ট্ৰেক, সংকেতযুক্ত ফলক আৰু পোহৰৰ সু-ব্যৱস্থা, পূৰ্ণ নিৰীক্ষিত এলেকা, নৈ দৰ্শনৰ স্থান, মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰৰ সৈতে একত্ৰীকৰণ, নৈৰ পাৰৰ মাটিৰ স্থিৰতা আৰু চৌহদ বাতাম্বিতকৰণকে ধৰি পদুম পুখুৰীৰ পুনৰনিৰ্মাণ এই প্ৰকল্পৰ অন্যতম বৈশিষ্ট্য৷ আনহাতে সন্ধিয়াৰ এই অনুষ্ঠানত অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল,  সাংসদ কুইন ওজা আৰু প্ৰদান বৰুৱাকে ধৰি কেইবাগৰাকী বিধায়কৰ লগতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী মহানগৰ উন্নয়ন কতৃৰ্পক্ষৰ অধ্যক্ষ নাৰায়ণ ডেকা, কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড॰ ৰবি কোটা, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব সমীৰ কুমাৰ সিনহা, আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং প্ৰমুখ্যে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷ উল্লেখ্য যে এই প্ৰকল্পটোত নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ৫০টা উচ্ছক্ষমতা সম্পন্ন চি চি টিভি স্থাপন কৰা হৈছে৷ তেনেদৰে প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে ই পৰ্যটকক বাৰুকৈয়ে আকৰ্ষিত কৰাৰ লগতে ইয়াৰ পৰা নদী দ্বীপ উমানন্দৰ উপৰিও উত্তৰ গুৱাহাটী পৰ্যন্ত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব৷ উল্লেখ্য যে প্ৰকল্পটো নিৰ্মাণ কৰাৰ বাবে ব্ৰিটিছৰ দিনতে নিৰ্মিত অবিভক্ত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ বাসগৃহৰ লগতে পৰৱৰ্তী সময়ত নিৰ্মাণ কৰা আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ বাবে থকা কেইবাটাও আটক ধুনীয়া বাসগৃহ ভাঙি পেলাবলগীয়া হৈছিল৷