Logo
image

ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তিৰ সাফল্যক প্ৰশংসা অমিত শ্বাহৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ জানুৱাৰীঃ ‘নিকা আৰু স্বচ্ছতাৰে এক লাখ চৰকাৰী চাকৰি প্ৰদান কৰাটো আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰি ১ লাখ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে৷ ইয়াৰ বাবে মই তেওঁক ধন্যবাদ জনাইছোঁ৷’ –এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ৷ কালি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজিত নৱগঠিত অসম আৰক্ষীৰ ২৫৫১জন কামাণ্ডো বেটেলিয়নৰ দীক্ষান্ত সমাৰোহত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয়– নৱনিযুক্ত ১ লাখ চৰকাৰী চাকৰিৰ ক’তো দুৰ্নীতি অনিয়ম হোৱা নাই৷ যোগ্যতা আৰু মেধাৰ ভিত্তিত নিবনুৱাই ঘৰতে নিযুক্তি-পত্ৰ লাভ কৰিছে৷ ইয়াৰ পূৰ্বে মই নিজেই আহি ৮৯ হাজাৰ নিবনুৱাৰ হাতত নিযুক্তি-পত্ৰ তুলি দিছিলোঁ৷ আজি পুনৰ অসম আৰক্ষীত ২৫৫১জনৰ নতুন নিযুক্তি হ’ল৷ পূৰ্বৰ কংগ্ৰেছৰ আমোলত চাকৰি পাবলৈ পইচা দিব লাগিছিল, আজি সেই পৰিস্থিতি সলনি হ’ল৷’ উল্লেখ্য, অসম আৰক্ষীক সকলোধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আৰু দেশৰ ভিতৰত অন্যতম শক্তিশালী স্মাৰ্ট আৰক্ষী বাহিনীলৈ ৰূপান্তৰিত কৰাৰ দিশত আন এক সবল পদক্ষেপ হিচাপে নবগঠিত অসম আৰক্ষীৰ ৫ টা কামাণ্ডো বেটেলিয়নৰ ২৫৫১ গৰাকী কামাণ্ডোৱে আজি সৰুসজাই ষ্টেডিয়ামত আয়োজিত দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্য অতিথি আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷ উল্লেখ্য যে এই নৱগঠিত পাঁচটা কমাণ্ডো বেটেলিয়ন হ’ল হাইলাকান্দি জিলাৰ বিৰছিমাত থকা ২য় অসম কমাণ্ডো বেটেলিয়ন [অপাৰেচন], কাৰ্বি আংলং জিলাৰ ডোডোলিত থকা ৩য় অসম কমাণ্ডো বেটেলিয়ন [অপাৰেচন], শিৱসাগৰ জিলাৰ গেলেকীস্থিত চতুৰ্থ অসম কমাণ্ডো বেটেলিয়ন [অপাৰেচন], বিশ্বনাথ জিলাৰ পাভৈস্থিত ৫ নং অসম কমাণ্ডো বেটেলিয়ন [আৰ্বান অপাৰেচন এণ্ড ল এণ্ড অৰ্ডাৰ] আৰু শদিয়াৰ অম্বিকাপুৰত থকা ৬নং অসম কমাণ্ডো বেটেলিয়ন [আৰ্বান অপাৰেচন এণ্ড ল এণ্ড অৰ্ডাৰ]৷ ৰাজ্যখনৰ আৰক্ষী কমাণ্ডোসকলৰ বাবে পূৰ্বৰ প্ৰশিক্ষণ আৰ্হিৰ পৰা আঁতৰি আহি এই পাঁচটা নতুন কমাণ্ডো বেটেলিয়নৰ কমাণ্ডোসকলে ভাৰতীয় সেনাবাহিনীৰ অধীনত ৪০ সপ্তাহৰ প্ৰথম পৰ্যায়ৰ কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰে৷ তাৰ পিছত তেওঁলোকক দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আইনী জ্ঞান আৰু আনুষংগিক বিষয়সমূহৰ ওপৰতো তিনিমাহ ধৰি প্ৰশিক্ষণ দিয়া হয়৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ২৫৫১ গৰাকী কামাণ্ডোক শুভেচ্ছা জ্ঞাপন কৰে৷ সফলভাৱে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা কামাণ্ডোসকলে ৰাজ্যখনৰ আৰক্ষী বিভাগক অধিক গতিশীল কৰাৰ দিশত বিশেষ ভূমিকা ল’বলৈ সক্ষম হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ আইন-শৃংখলা ৰক্ষাৰ লগতে অন্যান্য বিষয়সমূহৰ সৈতে অসম আৰক্ষীয়ে যাতে অধিক কাৰ্যদক্ষতাৰে মোকাবিলা কৰিব পাৰে সেই উদ্দেশ্যেৰে ৫টা নতুন কামাণ্ডো বেটেলিয়ন গঠন কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই ২৫৫১ গৰাকী কামাণ্ডোৰ সংযোজনে অসম আৰক্ষীক বহু পৰিমাণে শক্তিশালী কৰি তুলিব৷ তেওঁ লগতে কয় যে এই কামাণ্ডোসকলে যিকোনো প্ৰত্যাহ্বানৰ সৈতে অতি দক্ষতাৰে মোকাবিলা কৰিবলৈ এক শক্তিলৈ ৰূপান্তৰিত হ’ব৷ তেওঁ লগতে কয় যে এই কামাণ্ডো বেটেলিয়নৰ জোৱানসকলে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সীমান্তৱৰ্তী অঞ্চলসমূহত দ্বিতীয় লাইনৰ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিব৷ স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত অসম আৰক্ষীয়ে দেখুওৱা পাৰদৰ্শিতাৰ কথা আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে আত্মবিশ্বাস প্ৰকাশ কৰি কয় যে ২৫৫১ জন কামাণ্ডোৱে পেছাদাৰী মানসিকতাৰে অসম আৰক্ষীৰ গৌৰৱময় পৰম্পৰা অব্যাহত ৰখাত অৰিহণা যোগাবলৈ সক্ষম হ’ব৷ তেওঁ লগতে কয় যে এই কামাণ্ডোসকলক অতি স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি দিয়া হৈছে৷ ইয়াৰ জৰিয়তে চৰকাৰী খালী পদ পূৰণৰ ক্ষেত্ৰত মেধা ভিত্তিক নিযুক্তিৰ প্ৰতি থকা ৰাজ্য চৰকাৰৰ দায়বদ্ধতাকে সূচাইছে বুলি তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ মাৰ্গ দৰ্শন আৰু সদিচ্ছাৰ বাবেই ৰাজ্যখনৰ বহু দশকৰ পিছত শান্তি উভতি আহিছে৷ আলফাকে ধৰি সকলো বিদ্ৰোহী গোটৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া সূচনা হোৱাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলি তেওঁ কয়৷ বিদ্ৰোহাত্মক কাৰ্যকলাপ হ্ৰাস পোৱাৰ বাবে মাত্ৰ ৪ খন জিলাতে সশস্ত্ৰবাহিনীৰ বিশেষ ক্ষমতা আইন বলৱৎ হৈ আছে  বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত অপৰাধজনিত ঘটনা বিশেষকৈ মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ যথেষ্ট হ্ৰাস পাইছে৷ বাল্যবিবাহ আৰু ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাক দুৰ্নীতিৰ বিৰুদ্ধে দৃঢ়তাৰে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ কয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্মাৰ্ট আৰক্ষী বাহিনী গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীৰ সমীপত ৰাষ্ট্ৰীয় ফ’ৰেন্সিক বিজ্ঞান বিশ্ববিদ্যালয় নিৰ্মাণৰ পদক্ষেপ লোৱাৰ উপৰি আৰক্ষী বিষয়াক ফ’ৰেন্সিক তথ্য সংগ্ৰহৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰাজিৰ বাবেই আগন্তুক দিনত অসম আৰক্ষী দেশৰ ভিতৰতে অন্যতম এক শক্তিশালী আৰক্ষী বাহিনী হিচাপে পৰিগণিত হ’ব৷ আজিৰ এই অনুষ্ঠানত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং উপস্থিত থাকে৷

বাথৌ মহাসভাৰ অধিৱেশনৰ সমূহীয়া প্ৰাৰ্থনাত অমিত শ্বাহ

‘আমাৰ অসম’ৰ তেজপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ১৮ শোণিতপুৰ জিলাৰ থেলামৰাৰ এৰাসুতি গাঁৱৰ শ্বহীদ মণিৰাম-ৰতন-লেৰেলা কছাৰী স্মৃতি খেলপথাৰত ১৮জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত নিখিল বাথৌ মহাসভাৰ ত্ৰয়োদশ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ আজি অনুষ্ঠিত হোৱা সামূহিক প্ৰাৰ্থনা সভাত মুখ্য অতিথিৰূপে অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ প্ৰায় ৫০ হাজাৰৰো অধিক লোকে একেলগে অংশ লোৱা এই সামূহিক প্ৰাৰ্থনা সভাত অংশ লৈ গৃহমন্ত্ৰী অমিত শ্বাহে কয় - মই প্ৰথমবাৰৰ বাবে চিজু গছক পূজা কৰিছোঁ৷ ভাৰতবৰ্ষ অনেক ধৰ্মৰে ভৰা এখন দেশ আৰু বাথৌ ধৰ্ম পৰম্পৰাগত সনাতন ধৰ্মৰ আদৰ্শৰে আৰু প্ৰাকৃতিক পৰম্পৰাৰে পালন কৰা এক ধৰ্ম৷ বাথৌ ধৰ্মৰ তাৎপৰ্যক জানিবলৈ চেষ্টা কৰাৰ বাবে সকলোকে আহ৩ান জনায় গৃহমন্ত্ৰীজনে কয় - দেশখনৰ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকৃতিৰ ওপৰত বিশ্বাস কৰা ধৰ্মৰ প্ৰতি গভীৰ আস্থা প্ৰকাশ কৰি আহিছে আৰু প্ৰকৃতিক পূজা কৰা লোকসকলৰ ধৰ্মক সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত আমি বদ্ধপৰিকৰ৷ বড়োভূমিত আজি গুলী-বাৰুদ, হত্যা-হিংসা নোহোৱা হ’ল আৰু এতিয়া বড়োভূমি বিকাশৰ পথত আগবাঢ়িছে বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত গৃহমন্ত্ৰীয়ে কয় যে মই গৃহমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ সময়ত বড়োভূমিত বড়োসকলৰ মাজত সংঘৰ্ষ চলি আছিল৷ মই উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যাসমূহ বুজিবলৈ চেষ্টা কৰোঁ আৰু সমস্যাবোৰ বুজিবলৈ সক্ষম হোৱাৰ পাছত মোৰ অনুভৱ হয় যে আপোনাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই, আমি সকলো এক৷ এই অঞ্চলৰ সমস্যাবোৰ প্ৰধানমন্ত্ৰীক অৱগত কৰাত তেওঁ ইয়াৰ সমাধানত আগ্ৰহ প্ৰকাশ কৰে আৰু আজি সমস্যাবোৰৰ সমাধান হ’ল৷ বৈজ্ঞানিক আৰু ব্যৱহাৰীক দৃষ্টিভংগীৰে দৈনন্দিন জীৱনক প্ৰভাৱিত কৰিব পৰাকৈ কাম কৰি অহা বাথৌ মহাসভাৰ আধ্যাত্মিক দৃষ্টিকোণ অহিংসা, শান্তি, ক্ষমা আৰু প্ৰেমৰ মাধ্যমেৰে সমগ্ৰ বিশ্বৰ লগতে বিশেষকৈ আমাৰ উত্তৰ-পূৰ্বাঞ্চলত শান্তি বিৰাজ কৰক বুলি ভাষণ প্ৰসংগত গৃহমন্ত্ৰীজনে আশা ব্যক্ত কৰে৷ এই প্ৰাৰ্থনাসভাত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি কয় যে - এক চহকী সভ্যতা আৰু সংস্কৃতিৰ গৰাকী বড়ো জাতিৰ ধৰ্মীয়, সাংস্কৃতিক, সাহিত্যিক আৰু পৰম্পৰাগত ৰীতি-নীতি তথা লোকবিশ্বাসক সংৰক্ষণ আৰু প্ৰবল প্ৰসাৰৰ দিশত নিখিল বাথৌ মহাসভাই প্ৰশংসনীয় ভূমিকা লৈ আহিছে৷ বড়ো জাতিৰ উঠি অহা প্ৰজন্মক জাতিটোৰ ধৰ্মীয়, সামাজিক, সাংস্কৃতিক পৰম্পৰাসমূহৰ সৈতে ভালদৰে পৰিচিত কৰি তোলাত বিশেষ ভূমিকা ল’বলৈ বাথৌ মহাসভা সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশাপ্ৰকাশ কৰে৷ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি-নীতি, ধৰ্মীয় আচাৰ-ব্যৱহাৰে কেৱল ৰাজ্যখনৰ সাংস্কৃতিক সম্ভাৰকে চহকী কৰাই নহয়, ভাৰতবৰ্ষৰো জাতি-জনগোষ্ঠীয় সংস্কৃতিৰ মানচিত্ৰখনো সমৃদ্ধ কৰিছে বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়- ৰাজ্য চৰকাৰে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ নামৰ এটা বিভাগ গঠন কৰি খিলঞ্জীয়া আৰু জনজাতীয় লোকসকলৰ বৈশিষ্ট্য়সমূহক স্বীকৃতি প্ৰদান, সংৰক্ষণ, সুৰক্ষা আৰু প্ৰসাৰ কৰাৰ লক্ষ্যৰে আগবাঢ়িছে৷ উল্লেখ্য, বাথৌ ধৰ্মৰ পৰম্পৰাক আগবঢ়াই নিবলৈ এহাজাৰ ‘বাথৌ থানচালী’ নিৰ্মাণৰ বাবে প্ৰতিখন ‘থানচালী’ৰ বাবদ পাঁচলাখকৈ টকাৰ অনুদান আৰু গুৱাহাটীস্থ বাথৌপুৰীত বাথৌ-মন্দিৰ নিৰ্মাণৰ বাবদ ১০কোটি টকা অনুদান প্ৰদানৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ তদুপৰি, বাথৌ মহাসভা অনুষ্ঠিত কৰাৰ বাবে ৫০লাখকৈ টকা অনুদান দিয়াৰ লগতে মাঘ মাহৰ দ্বিতীয় মঙলবাৰত বাথৌ পূজা উপলক্ষে ৰাজ্য চৰকাৰে চৰকাৰী বন্ধৰ দিন ঘোষণা কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে৷ সামূহিক প্ৰাৰ্থনা সভাত আদৰণি ভাষণ প্ৰদান কৰে আদৰণি সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অশোক সিংঘালে আৰু প্ৰাৰ্থনা সভা উদ্বোধন কৰে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে৷ প্ৰাৰ্থনা সভাত কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিমল বৰা, সাংসদ দিলীপ শইকীয়া, প্ৰদান বৰুৱা, পল্লৱ লোচন দাস, ৰণগৌড়া নাৰ্জাৰী আৰু বিধায়ক পৃথ্বিৰাজ ৰাভা, গণেশ লিম্বুুৱেও অংশ লয়৷