Logo
image

পাক অভিনেত্ৰী ছানাৰ হাতত টেনিছ সুন্দৰী ছানিয়া পৰাজিত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ জানুৱাৰীঃ দেশৰ লক্ষ লক্ষ অনুৰাগীৰ বুকুত শেল দি পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ভাৰতীয় টেনিছ সুন্দৰী ছানিয়া মিৰ্জাৰ বৈবাহিক বান্ধোনৰ অতি আকস্মিকভাৱে কৰুণ পৰিসমাপ্তি ঘটিল৷ শনিবাৰে প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকে দেশৰে সুন্দৰী অভিনেত্ৰী ছানা জাভেদৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বুলি ইনষ্টাগ্ৰামত কৰা ঘোষণাই ছোৱেইবৰ ভাৰতীয় পত্নী ছানিয়া মিৰ্জাকে নহয়, ছানিয়াৰ অনুৰাগী আৰু ভাৰতবাসীকো হতবাক কৰি বহুচৰ্চিত সম্পৰ্কটোৰ সমাপ্তি ঘটালে৷ ছোৱেইব আৰু ছানিয়াৰ বিয়াখন যে নিটিকিব তাৰ ইংগিত ২০২২ চন মানৰ পৰাই এৰাধৰাকৈ পোৱা হৈছিল৷ কিন্তু এনেকৈ আকস্মিকভাৱে দুয়োৰে বিবাহবিচ্ছেদৰ খবৰ প্ৰকাশ নোপোৱাকৈ ছোৱেইব মালিকে যে তেওঁৰ তৃতীয়খন বিবাহৰ কথা ঘোষণা কৰিব সেই কথা দুয়োৰে অতি ঘনিষ্ঠ ব্যক্তিয়েও ভাবিব পৰা নাছিল, অনুৰাগীয়ে অনুমান কৰা দূৰৰে কথা৷ শনিবাৰে যিসময়ত ছোৱেইব মালিকে সুন্দৰী পাকিস্তানী অভিনেত্ৰী ছানা জাভেদৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বুলি ঘোষণা কৰিলে, সেই সময়ত ছোৱেইবৰ দ্বিতীয় পত্নী ছানিয়া মিৰ্জা ব্যস্ত আছিল অষ্ট্ৰেলিয়ান অপেনৰ কমেণ্টেৰী বক্সত গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতাখনৰ ধাৰাভাষ্য প্ৰদানত৷ এই মুহূৰ্তলৈকে ছানিয়া মিৰ্জাৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ হোৱা নাই৷ কিন্তু ছানিয়াৰ পিতৃ ইমৰান মিৰ্জাই প্ৰকাশ কৰিছে, ছানিয়াই ইছলামিক বৈবাহিক বিধি ‘খুলা’ৰ জৰিয়তে ছোৱেইব মালিকৰ সৈতে থকা ১৩ বছৰীয়া বিবাহ বন্ধনৰ পৰা ওলাই আহিব৷ উল্লেখ্য, শ্বৰীয়ত আইন অনুযায়ী ‘খুলা’ হ’ল মহিলাসকলৰ এটা অধিকাৰ, যাৰ জৰিয়তে একপক্ষীয়ভাৱে মহিলাগৰাকীয়ে বিবাহ বন্ধনৰ পৰা ওলাই আহিব পাৰে অথবা স্বামীক বিচ্ছেদ দিব পাৰে৷ ছানিয়াই সেই নিয়মেই গ্ৰহণ কৰিব বুলি তেওঁৰ পিতৃ ইমৰান মিৰ্জাই জনাইছে৷ ছোৱেইব-ছানিয়াৰ এটি পুত্ৰ সন্তান আছে৷ ইজহান নামৰ পাঁচ বছৰীয়া সন্তানটি ছানিয়াৰ সৈতে থকে৷

ডাবলছ আৰু মিক্সড ডাবলছ মিলি মুঠতে  ছটাকৈ গ্ৰেণ্ডশ্লাম খিতাপৰ অধিকাৰী ছানিয়া মিৰ্জা অৱশেষত বিবাহ আৰু সংসাৰৰ যুদ্ধত পাকিস্তানী সুন্দৰী অভিনেত্ৰী ছানা জাভেডৰ হাতত পৰাজিত হ’ল৷ এনে এক আশংকা যে আছিল সেয়া মাথোঁ কেইদিনমান পূৰ্বে ছানিয়া মিৰ্জাই ইনষ্টাগ্ৰামত লিখা এটা কৰুণ পোষ্টৰ পৰাই ধাৰণা কৰা হৈছিল৷ কিয়নো প্ৰায় ২০২০ চনৰ মানৰ পৰা ছোৱেইব-ছানিয়াৰ সুখৰ সংসাৰত ঘূণে ধৰিছিল৷ ছোৱেইবে ছানিয়াৰ বৰ্তমানত ইগৰাকীৰ পাছত সিগৰাকী পাকিস্তানী অভিনেত্ৰীৰ সৈতে ঘনিষ্ঠ সম্পৰ্কত জড়িত হৈ পৰিছিল৷ দুয়ো ডুবাই থাকিলেও সেই মৰু চহৰতে পাকিস্তানী সুন্দৰী অভিনেত্ৰীৰ সৈতে ঘনিষ্ঠ সংগসুখ উপভোগ কৰি আছিল পাক্‌ ক্ৰিকেটাৰ ছোৱেইব মালিকে৷ ছোৱেইবৰ জীৱনত অসংখ্য সুন্দৰী নাৰীৰ প্ৰৱেশৰ বাবে ২০২২ চনৰ পৰা একেলগে ছানিয়াই বাস কৰা নাছিল বুলি বিভিন্ন স্থানত প্ৰকাশ পাইছিল৷ শেহতীয়াকৈ যোৱা বুধবাৰে ছানিয়াই দিয়া এটা পোষ্টত দুয়োৰে বিবাহ যে শেষ পৰ্যায়ত তাৰ উমান পোৱা গৈছিল৷ ছানিয়াই লিখিছিল– ‘বিবাহ কঠিন৷ বিচ্ছেদো কঠিন৷ নিজৰ কঠিনটোকে বাচি নিয়া৷ স্থূলতা ভাল নহয়৷ সুস্থ থকাও কঠিন৷ নিজৰ কঠিনটোকে বাচি নিয়া৷ ঋণৰ মাজত থকা কঠিন৷ অৰ্থনৈতিক শৃংখলা বজাই ৰখা কঠিন৷ নিজৰ কঠিনটোকে বাছি নিয়া৷ যোগাযোগ ৰখা কঠিন৷ যোগাযোগ নৰখাও কঠিন৷ নিজৰ কঠিনটোকে বাছি নিয়া৷ জীৱন কেতিয়াও সহজ নহয়৷ এইটো সকলো সময়তে কঠিন৷ কিন্তু তুমি নিজৰ কঠিনটো বাছি নিব পাৰা৷ বাছি নিয়া৷’ 

শনিবাৰে তৃতীয় বিবাহত আবদ্ধ হোৱা পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকৰ দ্বিতীয় পত্নী আছিল ছানিয়া মিৰ্জা৷ ২০১০ চনত দুয়োৰে বিবাহ হৈছিল৷ ছানিয়াই ছোৱেইবক প্ৰথম লগ পাইছিল অষ্ট্ৰেলিয়াত৷ ছোৱেইবে পাক দলৰ সৈতে অষ্ট্ৰেলিয়াৰ শৃংখলাত ভাল লৈছিল আৰু সেই সময়ত ব্ৰিছবেন ইণ্টাৰনেশ্বনেল টেনিছত প্ৰতিদ্বন্দ্বিতা কৰিছিল ছানিয়াই৷ দুয়োৰে তাতে চিনাকী হোৱাৰ চাৰি মাহৰ ভিতৰত প্ৰেম আৰু বিয়া সকলো সম্পূৰ্ণ হৈছিল৷ অতি ধুম-ধামেৰে দুয়োৰে বিয়া হৈছিল হায়দৰাবাদত৷ আন এক অনুষ্ঠান আয়োজন কৰিছিল পাকিস্তানৰ কৰাচীত৷ পাকিস্তানী ক্ৰিকেটাৰৰ সৈতে ভাৰতৰ একমাত্ৰ তাৰকা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ বিবাহ বৃহৎ সংখ্যক ভাৰতীয়ই মানি ল’ব পৰা নাছিল৷ পাকিস্তানৰ সৈতে থকা ভাৰতৰ শত্ৰুতা আৰু পাক ক্ৰিকেট দলৰ সৈতে থকা ভাৰতীয় ক্ৰিকেট দলৰ অহি-নকুল সম্পৰ্কই আছিল ইয়াৰ কাৰক৷ কিন্তু ছানিয়া মিৰ্জাই সেই সকলো বাধা আৰু প্ৰতিবন্ধকতা উপেক্ষা কৰি পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ তথাপি কোনো ভাৰতীয়ই ছানিয়াক পাকিস্তানী বুলি ভাবিব পৰা নাছিল৷ ছানিয়াৰ পূৰ্বে ছোৱেইব মালিকে আয়েশা ছিদ্দিকি নামৰ এগৰাকী সু্‌ন্দৰীক বিয়া কৰিছিল৷ ছানিয়াৰ সৈতে বিয়াৰ কিছুদিন আগলৈকে ছোৱেইব মালিকে এইকথা ছানিয়া আৰু তেওঁৰ পৰিয়ালক জনোৱা নাছিল৷ বিয়াৰ কিছুদিন পূৰ্বে আয়েশা ছিদ্দিকিয়ে নিজকে ছোৱেইব মালিকৰ পত্নী বুলি দাবী কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ তেতিয়া ছোৱেইবে আয়েশা ছিদ্দিকিক আনুষ্ঠানিকভাৱে বিচ্ছেদ দিবলগীয়া হৈছিল৷ সেই অনুসৰি ছোৱেইব-ছানিয়াৰ সংসাৰৰ সূচনাতে খুঁত ৰৈ গৈছিল৷ আনহাতে, ছানিয়া মিৰ্জাইয়ো  তেওঁৰ দীৰ্ঘদিনৰ প্ৰেমিক ছোহৰাব মিৰ্জাক বিশ্বাসঘাটকতা কৰি ছোৱেইব মালিকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ তাৰ পূৰ্বে শৈশৱৰ বন্ধু আৰু যৌৱনৰ প্ৰেমিক ছোহৰাবৰ সৈতে ছানিয়া মিৰ্জাৰ বিবাহৰ বাগদান সম্পন্ন হৈছিল আৰু বিয়াৰ দিন স্থিৰ কৰি অভ্যাগত বিবাহৰ অনুষ্ঠানলৈ আমন্ত্ৰণো জনাইছিল৷ হঠাতে ছানিয়াৰ জীৱনলৈ ছোৱেইবৰ প্ৰৱেশ ঘটে আৰু ছানিয়াই দীৰ্ঘদিনীয়া প্ৰেমিক ছোহৰাবৰ সৈতে বিয়াখন ভাঙি দিয়ে৷ সেই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ 

শনিবাৰে যি ছানা জাভেদৰ সৈতে ছোৱেইব মালিকৰ বিবাহ সম্পন্ন হ’ল, সেই ছানা পাকিস্তানৰ এগৰাকী জনপ্ৰিয় সুন্দৰী অভিনেত্ৰী৷ তেওঁৰ জন্ম ছৌডি আৰৱৰ জেড্ডাত৷ ছানাৰ পৈতৃক ঘৰ ছানিয়াৰ সৈতে একে হায়দৰাবাদ চহৰত৷ পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰিয়াল পাকিস্তানলৈ স্থায়ীভাৱে গুচি যায়৷ পাকিস্তান ইণ্টাৰনেশ্বনেল স্কুল আৰু কৰাচী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাগ্ৰহণ কৰা ছানা জাভেদে ২০১২ চনত পাকিস্তানী ধাৰাবাহিক ‘ছেহৰ-ই-জাত’ত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰে৷ পৰৱৰ্তী সময়ত তেওঁ ‘খানি’ নামৰ ধাৰাবাহিকত অভিনয় কৰি দেশৰ শীৰ্ষস্থানীয় অভিনেত্ৰীত পৰিণত হ’ল৷ ছানাই মুঠতে ২৫খন ধাৰাবাহিক, ৪খন  টেলিফিল্ম আৰু ৪টা মিউজিক ভিডিঅ’ত অভিনয় কৰিছিল৷ উল্লেখ্য, ছানাৰো এয়া দ্বিতীয় বিবাহ৷ ইয়াৰ পূৰ্বে ছানাই পাকিস্তানৰ সংগীত শিল্পী ওমৰ জছৱালৰ সৈতে ২০২০ চনত বিবাহপাশত আবদ্ধ হৈছিল আৰু দুয়ো পাকিস্তানৰ ‘চেলেব্ৰিটী কাপ’ল’ত পৰিগণিত হৈছিল৷ ওমৰৰ সৈতে ছানাৰ বিবাহ বিচ্ছেদৰ খবৰ কোনোও নোপোৱাকৈ শনিবাৰে একেবাৰে তেওঁৰ দ্বিতীয় বিবাহৰ খবৰ পালে সকলোৱে৷ এই বিবাহেৰে ছানা জাভেদে যেন পৰাজিত কৰিলে ৬টাকৈ গ্ৰেণ্ডশ্লামৰ বিজয়ী, ভাৰতীয় টেনিছ সুন্দৰী ছানিয়া মিৰ্জাক৷