Logo
image

ঘৰৰ পৰিৱেশ সুন্দৰ, উন্নত কৰিবলৈ কি কি ইনড’ৰ প্লেণ্ট’ৰাখিব

আমাৰ অসম বিশেষঃ ঘৰখন সুন্দৰ কৰি সজালেই নহ’ব, তাক সুন্দৰকৈ ৰাখিবলৈ জানিব লাগিব৷ ঘৰৰ পৰিৱেশ ভাল ৰাখিব পাৰে একমাত্ৰ ইনড’ৰ প্লেণ্টেহে৷ ইনড’ৰ প্লেণ্টৰ চাহিদা আজিকালি খুব বেছি৷ ইয়াৰ দ্বাৰা ঘৰখন অকল দেখাতেই যে শুৱনি হয় এনে নহয়, ই বহু উপকাৰো সাধে৷ বিশুদ্ধ বায়ু পাবৰ বাবে গছ অতিকৈ প্ৰয়োজন৷ সেয়ে কোৱা হয় ‘গছ থাকিলেহে মানুহ থাকিব৷’ ঘৰখন সুন্দৰ কৰি ৰাখিবলৈ আমি ঘৰৰ ভিতৰত কি কি গছ ৰাখিব লাগিব জানো আহক৷

◾মানি প্লেণ্টঃ সৌভাগ্য আৰু শান্তিৰ প্ৰতীক হ’ল মানি প্লেণ্ট৷ ফ্ৰেংচুইত এই গছ খুব জনপ্ৰিয়, কাৰণ এইবিধ উদ্ভিদে পজিটিভ এনাৰ্জী বজাই ৰখাত সহায় কৰে৷ চীনৰ বাসিন্দাসকলে এই গছক নতুন বছৰৰ উপহাৰ হিচাপে ব্যৱহাৰ কৰে৷ জনবিশ্বাস আছে যে এনে ধৰণৰ গছ চোৰ কৰি নি নিজৰ ঘৰত ৰাখিলে অৰ্থ আহে৷

◾পিচ লিলিঃ পিচ লিলি সৌভাগ্যৰ প্ৰতীক হিচাপে বিশেষ সুনাম আছে৷ এই গছে ঘৰৰ ভিতৰত আন ক্ষতিকাৰক গছৰ পৰা বা ঘৰৰ লোকসকলক সুৰক্ষিত কৰি ৰাখে৷

◾তুলসীঃ তুলসীক বিষ্ণুৰ ভাৰ্যা বুলি কোৱা হয়৷ তুলসী মহৌষধি গুণসম্পন্ন উদ্ভিদ৷ তুলসী পাতত ভেষজ গুণ থকাৰ বাবে ইয়াৰ চাহিদা অনেক৷ পূজা-পাৰ্বণৰ সময়তো তুলসী অপৰিহাৰ্য৷ বিভিন্ন বেমাৰ-আজাৰৰ পৰা তুলসীয়ে মানুহক নিৰাপদে ৰখাৰ লগতে বায়ু বিশুদ্ধ কৰি ৰাখে৷

◾এল’ভেৰাঃ এল’ভেৰাক অসমীয়াত ছালকুঁৱৰী বুলি জনা যায়৷ ভেষজ গুণসমৃদ্ধ এল’ভেৰা ঘৰত থাকিলে ঘৰৰ বায়ু পৰিষ্কাৰ কৰি ৰাখে৷ ৰূপচৰ্চাত ব্যৱহৃত এল’ভেৰাৰ পৰা বিভিন্ন সৌন্দৰ্যবৰ্ধক সামগ্ৰী, খাদ্য সামগ্ৰী প্ৰস্তুত কৰা হয়৷