Logo
image

'ন্যায় যাত্ৰা'ৰ মাজতে অপ্ৰীতিকৰ পৰিস্থিতিঃ কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত হতাহতি, আহত ভূপেন বৰা

ডিজিটেল সংবাদ, জামুগুৰিহাটৰ প্ৰতিবেদকঃ কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ৰ মাজতেই দেওবাৰে জামুগুৰিহাটত সংঘটিত হ'ল এক অপ্ৰীতিকৰ ঘটনা। দিনৰ প্ৰায় ২ বজাত বিশ্বনাথৰ পৰা চতিয়া হৈ জামুগুৰিহাটৰ মূল কেন্দ্ৰস্থলত ৰাহুল গান্ধী উপস্থিত হোৱাৰ লগে লগে কংগ্ৰেছৰ দলীয় নেতা-কৰ্মীসকলে গায়ন বায়ন, বিহু, বাগৰুম্বা, চাহজনজাতি, নেপালী আদি পৰম্পৰাগত নৃত্যৰে আদৰণি জনোৱা হয়৷ ইয়াৰ পাছতেই ৰাহুল গান্ধী তেজপুৰ অভিমুখে গতি কৰাৰ সময়তে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা  শোণিত কোঁৱৰ গজেন বৰুৱা বাসগৃহৰ সন্মুখতে সংঘটিত হয় এক দুৰ্ভাগ্যজনক ঘটনা। 

শিল্পীগৰাকীৰ বাসগৃহৰ সন্মুখতে একাংশ বিজেপি দলৰ নেতা-কৰ্মী একত্ৰিত হৈ 'জয় শ্ৰী ৰাম' ধ্বনি আৰু ৰাহুল গান্ধী গ'বেক ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলাৰ মুহূৰ্ততে ৰাহুল গান্ধীয়ে নিজে গাড়ীৰ পৰা নমস্কাৰ দি নামি অহাৰ সময়তেই একাংশ কংগ্ৰেছ আৰু বিজেপি দলৰ নেতা-কৰ্মী খণ্ড যুদ্ধত লিপ্ত হয়। সেই সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা গাড়ীৰ পৰা নামি অহাত কোনো লোকৰ আক্ৰমণৰ বলি হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন। মুখমণ্ডল আৰু নাকত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে এয়া বিজেপি দলৰ একাংশ নেতা-কৰ্মীয়ে তেওঁৰ ওপৰত কৰা আক্ৰমণ বুলি অভিযোগ কৰে।

অৱশ্যে গাড়ীৰ নামি আহিবলৈ বিচৰা ৰাহুল গান্ধীক পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ পূৰ্বেই নিৰাপত্তাৰক্ষীয়ে গাড়ীৰে নিৰাপদ দূৰত্বলৈ আগুৱাই লৈ যাবলৈ সক্ষম হয়। ইফালে ৰাহুল গান্ধী অহাৰ পূৰ্বে ৰাহুল গান্ধীক আদৰিবলৈ অপেক্ষা কৰা কংগ্ৰেছ কৰ্মীসকলৰ সন্মুখৰে বিজেপি দলৰ একাংশ কৰ্মীয়ে হাতত পতাকা লৈ 'জয় শ্ৰী ৰাম' ধ্বনি দি ৰেলী উলিয়াই যাত্ৰা কৰা আৰম্ভ কৰে। সেই সময়তে বিজেপিৰ দলীয় কৰ্মী সমৰ্থকে বাহিৰ কৰা ৰেলীৰ মুখামুখি হয় কংগ্ৰেছ দলৰ জেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশৰ বাহন। কেন্দ্ৰীয় মন্ত্ৰীজনৰ বাহনত একাংশই হাতৰে ঢকিয়াই 'জয় শ্ৰী ৰাম' ধ্বনি দিয়াৰ লগতে জয়ৰাম ৰমেশকো অপদস্থ কৰাৰ অভিযোগ উঠিছে বিজেপীৰ দলীয় নেতা-কৰ্মীৰ বিৰুদ্ধে। 

আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোকে গিজগিজাই থকাৰ সময়তে ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ৰ সময়ত কিদৰে এনেবোৰ অনাকাংক্ষিত ঘটনা সংঘটিত হ'বলৈ পালে তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷