Logo
image

‘অপেনহাইমাৰ’ৰ জয়জয়কাৰ, উত্তীৰ্ণ নহ’ল ‘টুৱেলফ্‌থ ফেইল’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ জানুৱাৰীঃ ফেইল হ’ল ‘টুৱেলফ্‌থ ফেইল’৷ অস্কাৰৰ মনোনয়নৰ দৌৰতে ‘পাছ’ কৰিব নোৱাৰিলে বিধু বিনোদ চোপ্ৰাৰ বহুচৰ্চিত ছবিখনে৷ মঙলবাৰে অস্কাৰৰ মনোনয়ন ঘোষণাত কোনো শাখাতে মনোনীত নহ’ল ‘টুৱেলভ্‌থ  ফেইল’ ছবিখন৷ বিগত বছৰ ৰাজা মৌলিৰ ‘নাটু নাটু’ৱে শ্ৰেষ্ঠ মৌলিক গীতৰ অস্কাৰ লাভ কৰাৰ পাছত এইবাৰ বিধু বিনোদ চোপ্ৰাৰ বহু প্ৰশংসিত ছবিখনক লৈ দেশবাসীৰ মনত আশাৰ সঞ্চাৰ হ’লেও মনোনয়নৰ দৌৰৰ পৰাই আঁতৰিল এই ছবি৷ মনোনীত নহ’ল ‘২০১৮’ৰ দৰে ভাৰতীয় ছবিখনো৷ ইয়াৰ বিপৰীতে ক্ৰিষ্টোফাৰ ন’লানৰ ‘অপেনহাইমাৰে’  একডজন এটা মনোনয়ন লাভ কৰি চমক সৃষ্টি কৰিছে৷ পাৰমাণবিক অস্ত্ৰৰ স্ৰষ্টা অপেনহাইমাৰৰ জীৱনভিত্তিক ছবিখনে মুক্তিৰ লগে লগে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ অপেক্ষা আছিল ‘অপেনহাইমাৰে’ কেইটা মনোনয়ন লাভ কৰে তাৰ বাবে৷ পিছে ১৩টা মনোনয়ন লাভ কৰি ‘অপেনহাইমাৰে’ দৰ্শক-সমালোচকৰ প্ৰত্যাশা পূৰণ কৰিছে৷ এতিয়ালৈকে ৫বাৰ মনোনয়ন লাভ কৰি এবাৰো অস্কাৰ পোৱা নাই ক্ৰিষ্টোফাৰ ন’লানে, যিদৰে নিজৰ বহু ছাত্ৰই নোবেল  পালেও জীৱনত নোবেল লাভৰ সৌভাগ্য হোৱা নাছিল পাৰমাণৱিক অস্ত্ৰৰ জনক জুলিয়ুছ ৰ’বাৰ্ট অপেনহাইমাৰৰ৷ এইবাৰ পৰমাণু অস্ত্ৰৰ জনকৰ হাত ধৰি ন’লানৰ ভাগ্য মুকলি হ’ব বুলি আশা কৰা হৈছে৷ আনহাতে একেসময়তে চাঞ্চল্যৰ সৃষ্টি কৰা আৰু বক্স অফিচত ছুপাৰ হিট হোৱা ‘বাৰ্বি’ক চতুৰ্থ স্থানলৈ ঠেলি য়ৰগছ লেণ্টিহিমছৰ ফেমিনিষ্ট ফেণ্টাছি ছবি ‘পুৱৰ থিংছে’ ১১ টা আৰু মাৰ্টিন স্ক’ৰছেছেৰ ‘কিলাৰ অব দ্য ফ্লাৱাৰ মুন’ ছবিয়ে ১০ মনোনয়ন লাভ কৰিছে৷ আনহাতে ৮টা মনোনয়নতে  ক্ষান্ত থাকিবলগীয়া হৈছে দৰ্শকৰ আদৰ পোৱা ‘বাৰ্বি’য়ে৷ ইপিনে, মনোনয়ন লাভৰ পৰা বিমুখ হৈছে লিয়োনাৰ্ডো ডিকাপ্ৰিয়’, মাৰ্গো ৰ’বি, গ্ৰেটা লী আৰু এন্দ্ৰু স্কটৰ দৰে অভিনেতা৷