Logo
image

ৰাছিয়াত ৬৫ যুদ্ধবন্দীসহ ভাগি পৰিল ইউক্ৰেইনৰ বিমান

মস্কো, ২৫ জানুৱাৰীঃ ৰাছিয়াৰ বেলগোৰদ সীমান্তত কালি ইউক্ৰেইনৰ যুদ্ধবন্দী কঢ়িয়াই নিয়া এখন বিমান দুৰ্ঘটনাত পতিত হয়৷ এই ঘটনাত বিমানখনত থকা পাইলট আৰু আটাইকেইজন যুদ্ধবন্দীৰ মৃত্যু ঘটে৷ উল্লেখ্য যে ৰাছিয়াই ইউক্ৰেইনৰ সৈতে যুদ্ধবন্দী বিনিময়ৰ বাবে সন্দত হোৱাত আজি ইউক্ৰেইনৰ ৬৫জন যুদ্ধবন্দীক বিমানখনেৰে নি থকা হৈছিল৷ ৰাছিয়াৰ প্ৰশাসনে ঘটনাটোৰ সন্দৰ্ভত প্ৰকাশ কৰা মতে আজি পুৱা স্থানীয় সময় প্ৰায় ১১ বজাত   মাজ আকাশৰ পৰা বিমানখন ভাগি পৰে৷ ফলত মুহূৰ্তৰ ভিতৰতে দাউ দাউ কৈ জ্বলি উঠে ৬৫ জন যুদ্ধবন্দী আৰু পাইলটসহ ৯ জন বিমান কৰ্মীয়ে কঢ়িয়াই নিয়া আইএল৭৬ যুদ্ধ বিমানখন৷ ঘটনাটোক কেন্দ্ৰ কৰি সম্প্ৰতি ৰহস্যৰ সৃষ্টি হৈছে৷ কি কাৰণত হঠাৎ বিমানখন মাজ আকাশৰ পৰা ভাগি পৰিল তাক লৈ বিভিন্ন মহলে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে৷ এটা সূত্ৰই দাবী কৰা মতে উক্ত বিমানখনত মিছাইল কঢ়িয়াই নিয়া হৈ আছিল৷ যাৰ বাবে ক্ষেপনাস্ত্ৰৰে বিমানখনত আঘাত হনাত ভয়ংকৰ ঘটনাটো সংঘটিত হয়৷