Logo
image

নাইট ক্লাবৰ গায়িকাৰ পৰা পদ্মভূষণলৈ... ঊষা উত্থুপৰ যাত্ৰা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদক, ২৮ জানুৱাৰীঃ পশ্চিমবংগৰ পৰা বলীউডৰ পৰা আহি বিখ্যাত হৈ পৰা গায়িকা ঊষা উত্থুপে পদ্মভূষণ সন্মান লাভ কৰি আত্মহাৰা হৈ পৰিছে৷ এইবাৰ পশ্চিমবংগৰ দুজন শিল্পী ক্ৰমে অভিনেতা মিথুন চক্ৰৱৰ্তী আৰু গায়িকা ঊষা উত্থুপে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয়৷ সেই সন্মান লাভ কৰি ঊষা উত্থুপ ইমানেই উচ্ছসিত যে তেওঁ এটা সাক্ষাৎকাৰত কৈছে যে এই সন্মান লাভ কৰাৰ পাছত তেওঁ আক্ষৰিক অৰ্থতে বাকহীন হৈ পৰিছে৷ ঊষা উত্থুপ দেশৰ তৃতীয় অসামৰিক সন্মান আৰু দ্বিতীয় পদ্মসন্মান লাভ কৰি উচ্ছসিত হোৱাটো অতি স্বাভাৱিক৷ কিয়নো ঊষা উত্থুপৰ সংগীতৰ কেৰিয়াৰ আৰম্ভ হৈছিল এটা নাইট ক্লাবৰ পৰা৷ বাৰগাৰ্ল নহয়, নাইট ক্লাৱৰ গায়িকা হিচাপে ৰোজগাৰ কৰিবলৈ বাধ্য হৈছিল তেওঁ৷ কলকাতা চহৰৰ পাৰ্ক হোটেলৰ ত্ৰিংকাছ নামৰ এখন বাৰত ঊষা উত্থুপে প্ৰথমে গান গাবলৈ আৰম্ভ কৰিছিল৷ পৰিয়াল চলাবৰ বাবে তেওঁ নিশালৈকে ত্ৰিংকাছ বাৰত গান গাবলগীয়া হৈছিল৷ সেই সময়ত বাৰৰ গ্ৰাহকৰ পৰা বিভিন্ন প্ৰস্তাৱ পাইছিল তেওঁ৷ সময়ে সময়ে সন্মানো হেৰুৱাবলগীয়া হৈছিল৷ সেই কথা স্মৰণ কৰি ঊষা উত্থুপে কয়– ‘আমাৰ দেশ, তোমাৰ ধন্যবাদ৷ মোক এই সন্মান দিয়াৰ বাবে চৰকাৰ আৰু দেশৰ প্ৰতি মই কৃতজ্ঞ৷ মই এসময়ত নাইট ক্লাৱৰ গায়িকা আছিলোঁ৷ তাৰ পৰা আগবাঢ়ি গৈ মই পদ্মভূষণ সন্মান লাভ কৰিব পাৰিম বুলি জীৱনত কেতিয়াও আশা কৰা নাছিলোঁ৷ কিন্তু মোৰ সংগীতৰ কেৰিয়াৰক দেশে, চৰকাৰে স্বীকৃতি দিলে৷ এই স্বীকৃতি মোৰ বাবে সৰ্বোচ্ছ৷ নাইট ক্লাৱৰ গায়িকাৰ পৰা কেৰিয়াৰ আগবঢ়াই নিয়ো যে দেশৰ আগশাৰীৰ অসামৰিক সন্মান লাভ কৰিব পাৰি সেয়া মোলৈ চালে অনুজ অনেক সতীৰ্থই প্ৰেৰণা লাভ কৰিব৷’