Logo
image

প্ৰফাইলত ছানী লিয়নিৰ ফটো, চাইবাৰ চেলত আঙুৰলতাৰ গোচৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ জানুৱাৰীঃ বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী পদৰ পৰা অব্যাহতি ল’লেও একাংশই যেন শান্তিত থাকিবলৈ দিয়া নাই প্ৰাক্তন বিধায়িকা তথা অভিনেত্ৰী আঙুৰলতা ডেকাক৷ এক প্ৰকাৰ সামাজিক মাধ্যম ফেচবুকৰ বাবে অতিষ্ঠ হৈ পৰিছে বিজেপি নেত্ৰীগৰাকী৷

অতিষ্ঠ আঙুৰলতা ডেকাই এতিয়া সহায় বিচাৰি দ্বাৰস্থ হৈছে আৰক্ষীৰ৷ অসমীয়া ছবি জগতৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী আঙুৰলতা ডেকাৰ ক্ষোভৰ কাৰণ হৈছে ভুৱা ফেচবুক একাউণ্ট৷ এটা-দুটা নহয়, বিজেপি নেত্ৰীগৰাকীৰ নামত দুষ্ট চক্ৰই খুলিছে ৬ টাকৈ ভুৱা ফেচবুক একাউণ্ট৷ আঙুৰলতা ডেকাৰ নামত খোলা এনে ভুৱা ফেচবুক একাউণ্টৰ বিপৰীতে প্ৰফাইলত সংলগ্ন কৰা ফটোৱে খৰ্গহস্ত কৰি তুলিছে বিজেপি নেত্ৰীগৰাকীক৷ অভিযোগ অনুসৰি আঙুৰলতা ডেকাৰ নামত খোলা ভুৱা ফেচবুক একাউণ্টৰ প্ৰফাইলত এসময়ৰ প’ৰ্ণষ্টাৰ তথা বৰ্তমানৰ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নিৰ ফটো সংলগ্ন কৰিছে৷ আঙুৰলতা ডেকাৰ এনে ভুৱা ফেচবুক একাউণ্টৰ বিপৰীতে আছে হাজাৰ হাজাৰ ফল’ৱাৰ৷ ২০১৬ চনৰ পৰাই আঙুৰলতা ডেকাৰ নামত এনে ভুৱা একাউণ্ট খুলি দুষ্ট চক্ৰই চলাই আহিছে যদিও শেহতীয়াকৈ ইয়াৰ দৃষ্টিগোচৰ হোৱাৰ পাছতেই বিজেপি নেত্ৰীগৰাকীয়ে অসম আৰক্ষীৰ চাইবাৰ চেলত এজাহাৰ দাখিল কৰিছে৷ 

প্ৰাক্তন বিধায়িকাগৰাকীয়ে ভুৱা ফেচবুক একাউণ্ট বন্ধ কৰি দুষ্ট চক্ৰৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ আৰ্জিৰে চাইবাৰ থানাত এজাহাৰো দাখিল কৰিছে৷ অভিনেত্ৰী প্ৰাক্তন বিজেপি বিধায়িকা আঙুৰলতা ডেকাৰ এই এজাহাৰৰ পাছতেই অসম আৰক্ষীৰ চাইবাৰ অপৰাধ বাহিনীয়ে তদন্ত আৰম্ভ কৰিছে৷