Logo
image

কৃষিত শীঘ্ৰে বৃহৎ নিযুক্তি

‘আমাৰ অসম’ৰ মৰিগাঁৱৰ প্ৰতিনিধি, ৩০ জানুৱাৰীঃ  মৰিগাঁৱত বিগত তিনিদিন ধৰি অনুষ্ঠিত হৈ থকা সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী আৰু কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিৱেশনৰ সোমবাৰে অন্তিম দিনাৰ মুকলি সভাত ভাষণ ৰাখি কৃষিমন্ত্ৰী অতুল বৰাই কয় যে ৰাজ্যৰ কৃষি বিভাগত বৃহৎসংখ্যক খালী পদৰ বাবে শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব৷ ৰাজ্যখনত কৃষিখণ্ডৰ উন্নয়ন আৰু অধিক তৰাম্বিত কৰাৰ বাবে চৰকাৰে লক্ষ্য স্থিৰ কৰি লোৱাৰ কথা উল্লেখ কৰি বিভাগৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীকে এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে তেওঁ আহ্বান জনায়৷ পথাৰৰ মাটি যাতে কোনোক্ষেত্ৰতে খালী হৈ নাথাকে তাৰ প্ৰতি বিশেষভাৱে ধ্যান দিবলৈ খেতিয়কসকলক তেওঁ আহ্বান জনায়৷ 

তেওঁ ভাষণ প্ৰসংগত কয় যে আমাৰ কিছুমান ঠাইৰ কৃষকে পথাৰসমূহ এটা খেতি কৰি ছন পেলাই থয়৷ ইয়াৰ বিপৰীতে মৰিগাঁও, মঙলদৈ, বৰপেটা আদি ঠাইৰ কিছু কিছু বিশেষ অঞ্চলৰ খেতিয়কসকলে মাটি কেতিয়াও খালী কৰি নথয়৷ এইক্ষেত্ৰত সেইসকল কৃষকৰ উদাহৰণ ল’বলৈ সকলো কৃষকক আহ্বান জনাই তেওঁ কয় যে, বৰ্তমান সময়ত আধুনিক আৰু বাণিজ্যিক খেতিৰ ওপৰত কৃষকসকলে অধিক গুৰুত্ব দিয়া উচিত৷ চৰকাৰেও এনে কৃষিকৰ্মৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰি কৃষকক সকলো প্ৰকাৰৰ সহায় সহযোগ আগবঢ়াইছে৷  

মন্ত্ৰী অতুল বৰাই নতুন প্ৰজন্মক কৃষিক্ষেত্ৰত আন্তৰিকতাৰে জড়িত হ’বলৈ আহ্বান জনায়৷ সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ সভাপতি বুদ্ধ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে স্মৃতিগ্ৰন্থ ‘কংখাই’ উন্মোচন কৰি সাৱলীল বক্তব্য ৰাখে৷ আদৰণি সমিতিৰ সভাপতি তথা জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাই আদৰণি ভাষণ পাঠ কৰা মুকলি সভাত তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা প্ৰমুখ্যে কৃষি বিভাগৰ কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে৷ ইফালে সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ দেওবাৰে নিশা মৰিগাঁও মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত মৰিগাঁৱৰ কনিষ্ঠ কৃষি বিষয়া দিব্যজ্যোতি হাজৰিকাক সভাপতি আৰু লখিমপুৰৰ কনিষ্ঠ কৃষি বিষয়া গোপাল হাজৰিকাক সাধাৰণ সম্পাদক হিচাপে লৈ কনিষ্ঠ কৃষি বিষয়া সন্থাৰ নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়৷