Logo
image

মোক একেবাৰে হিতাধিকাৰী বনাই দিলে ভাই!

আমাৰ অসম, ২৪ ফেব্ৰুৱাৰীঃ ‘যিটো বিচৰা নাছিলোঁ সেইটোৱেই হ’ল...’  এয়া ফটোগ্ৰাফীক পেছা হিচাপে লৈ আন দহজনক সেই পথেৰে আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰা এজন যুৱকে ছ’চিয়েল মিডিয়াত দিয়া এটা প’ষ্টত প্ৰকাশ কৰা মনোবেদনা৷ আজি ফেচবুকত দিয়া যুৱকজনৰ প’ষ্টটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ সাধাৰণতে সংবাদ মাধ্যমত নিজৰ ফটো ওলালে সকলোৱে আনন্দত আত্মহাৰা হয় যদিও তাৰ ওলোটাটোহে দেখা গ’ল যুৱকজনৰ ক্ষেত্ৰত৷ কিন্তু যুৱকজনৰ এই ক্ষোভ বা হতাশাৰ কাৰণ কি? সেয়া জানিবৰ বাবে যুৱকজনৰ ফেচবুক প’ষ্টটো পোনপটীয়াকৈ উল্লেখ কৰা হ’ল - ‘আজি প্ৰায়বোৰ বাতৰিকাকততে মই বৰ সন্তুষ্টিৰে হাঁহি মাৰি থকা ফটো এখন ওলাইছে৷ এতিয়া আঁৰৰ কথাবোৰ শুনক৷ ২০১৭ চনত ৮ মাহ বেংকলৈ নিয়মীয়াকৈ গৈ বহুতো হাৰাশাস্তিৰ মূৰত প্ৰধানমন্ত্ৰী মুদ্ৰা লোণ আঁচনিৰ সহায়ত ৫ লাখ টকাৰ ঋণ লৈছিলোঁ৷ লোণ অনুমোদন হোৱাৰ পাছত সূদৰ হাৰ ১৬ শতাংশ বুলি গম পাই মৰমৰ ভাতৃ ...ৰ পৰামৰ্শত ৩.২৫ লাখ টকাহে গ্ৰহণ কৰোঁ৷ এই টকাকেইটাৰ সৈতে আৰু কেইটামান সাঁচতীয়া ধন যোগ কৰি Canon 5D Mark IV মডেলৰ কেমেৰা এটা কিনিলোঁ৷ তাৰে এবছৰমানৰ পাছত নিয়মীয়াকৈ লোণ মাৰি থকা বাবে বেংকৰ মেনেজাৰে মোৰ ফটোগ্ৰাফী ব্যৱসায়টোৰ খতিয়ান বিচাৰি দু-আষাৰমান লিখি পঠিয়াই দিবলৈ ক’লে৷ মই অসমীয়াতে সুন্দৰকৈ লিখি দিয়াত তেওঁলোক সন্তুষ্ট হৈ ইংৰাজীত লিখি দিবলৈ ক’লে৷ অসমীয়াৰ পৰা ইংৰাজীত মোৰ লিখাখিনি ভাবানুবাদ কৰি দিলে মৰমৰ ... ভগ্নীয়ে৷ লগে লগে বেংকৰ মেনেজাৰে ক’লে যে, আপোনাক প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীলৈ মাতিছে কথা পাতিবলৈ৷ তাৰ বাবে আপোনাক অহা-যোৱা, থকা-খোৱা সকলো ব্যৱস্থা কৰি দিয়া হ’ব৷ মই বোলোঁ এই কাৰবাৰটোৰ বাবে মোৰ নাই কমেও তিনি-চাৰিদিন নষ্ট হ’ব৷ সেয়ে সুধিলোঁ, মোদী ডাঙৰীয়াই দৈনিক ভাট্টা কিবা দিব নে নিদিয়ে৷ তেওঁলোকে ক’লে আপুনি কি মানুহহে ... প্ৰধানমন্ত্ৰীয়ে লগ কৰিব বিচাৰিছে আৰু আপুনি বিনিময়ত দৈনিক ভাট্টা বিছাৰিছে৷ মই বোলোঁ কি কৰিব, এই লোণটো লোৱাৰ পাছৰ পৰা মাহে মই বেংকত ৯,০০০ টকাকৈ দিব লাগে৷ ৰাতি টোপনি নাহে মাহে এই টকাকেইটা গোটাবলৈ৷ তদুপৰি পৰিয়াল চলাবলৈ খৰচ-পাতিৰ কথা আছেই৷ আপোনালোকে অন্ততঃ মোৰ এটা মাহৰ কিস্তি ৰেহাই দিয়ক৷ নাই তেওঁলোকে নিদিয়ে৷ মইয়ো হ’লো বেংকৰ ধৰুৱা৷ যদি এটকাও লাভ নহয় তেন্তে ময়ো মোদীক লগ কৰিবলৈ নাযাও৷ এইবাৰ ফোন আহিল দিল্লীৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা৷ কাইলৈ আমাৰ এটা দল গৈ আছে আপোনাৰ ওপৰত এখন তথ্যচিত্ৰ বনাবলৈ৷ আপোনাক সহযোগ কৰিবলৈ আহ্বান জনোৱা হ’ল৷ [একপ্ৰকাৰৰ আদেশ]৷ মই বোলো ৰজাৰ আদেশ না কৰিবলৈ মোৰ এইজনমত সাহস নাই৷ সেয়ে ‘ঠিক হ্যায় ছাৰ’ বুলি সন্মতি দিলোঁ৷ এইদৰে পাছদিনা পুৱা ৮ বজাতে সম্পূৰ্ণ সু-সজ্জিত দল এটা আহি মোৰ শিক্ষানুষ্ঠানত হাজিৰ৷ তেওঁলোকে কেমেৰাৰে মোক প্ৰথমে পুৰণি চোলা এটা পিন্ধি ৰাস্তাই ঘাটে ফটো-মাৰি থকাৰ শ্বুটিং কৰিলে৷ তেনেকৈ বেংকলৈ অহা-যোৱা কৰাকে আদি কৰি মই মোৰ শিক্ষানুষ্ঠানত ল’ৰা-ছোৱালী শিকাই থকা, মই লেখা-মেলা কৰা কিতাপ-পত্ৰবোৰৰ সম্পূৰ্ণ তথ্য, মুঠতে তেওঁলোকক কোনোবাই দিল্লীৰ পৰা ফোনযোগে যেনেকৈ কৈ আছে তেনেকৈয়ে মোৰ সমগ্ৰ কৰ্মৰাজী ৰেকৰ্ডিং কৰি লৈ গ’ল৷ মই এইটোৱে বুজিলোঁ যে, মোৰ ২০ বছৰীয়া ফটোগ্ৰাফী কেৰিয়াৰৰ সমগ্ৰ যাত্ৰা-অভিজ্ঞতা এই মুদ্ৰালোণটোৱে দক্ষিণা হিচাপে কাঢ়ি লৈ গ’ল৷ মই নিৰ্বাক হৈ পৰিলোঁ কাৰবাৰটো দেখি৷ তাৰ কিছুদিন পাছত দিল্লীৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এটা ভিডিঅ’ৰ লিংক মোৰ ৱাটছ এপ নম্বৰত পঠিয়াই দিয়া হ’ল৷ যিটো ভিডিঅ’ত মোক লৈ কৰা দৃশ্যাৱলী প্ৰধানমন্ত্ৰীয়ে মুদ্ৰালোণৰ এজন সফল হিতাধিকাৰী হিচাপে সুদূৰ গ্ৰেট-বিটেইনৰ এটি মেগাশ্ব’ত প্ৰদৰ্শন কৰিছেগৈ৷ ভালো লাগিল যে এইটো ভিডিঅ’ লৈ নিজকে জহাবলৈ ভাল হ’ব৷ বেয়াও লাগিল যে এই লোণটো লৈ মই কিজানি নমৰা দিনলৈকে শান্তি নাই৷ কাৰণ বেংকত যাৰ লোণ থাকে সিহে বুজে ইয়াৰ জ্বালা কিমান৷ আজি ইমানদিনেই লোণটো মাৰি শেষ হোৱাই নাই৷ কিছুমাহ পাছত মোদীৰ সৈতে অনলাইনত আঢ়ৈ মিনিট কথাও পাতিলোঁ তেওঁৰ অফিচৰ কৰ্মকৰ্তাই এঘণ্টা ধৰি প্ৰশিক্ষণ দিয়া অনুসৰি৷ সেইবোৰ বহু কথা পাছত কেতিয়াবা সুবিধা মিলিলে বখলা মেলিম৷ এই ফটোবোৰকে পৰ্যায়ক্ৰমে চৰকাৰে বিভিন্ন পৰ্যায়ত অ’ত ত’ত উলিয়াই থাকে এইদৰে৷ ইয়াৰ পৰা মোৰ কি লাভ হৈছে, নহৈছে আপোনালোকেই বিচাৰ কৰিব৷ মুঠতে মোৰ ক’বলগীয়া কথা এটাই৷ সেয়া হৈছে যি কৰিছোঁ কঠোৰ পৰিশ্ৰম কৰি সততাৰে নিজে কৰিছোঁ৷ কাৰো বদনামো কৰিবলৈ নাই কিন্তু ফটোগ্ৰাফীৰ ক্ষেত্ৰখনত নিজৰ সাধনাক নস্যাৎ কৰিবলৈ সুবিধা নিদিও কাকোঁ৷’ –এই যুৱকজনৰ নাম নৃপেন শইকীয়া৷ তেওঁ এজন দক্ষ ফটোগ্ৰাফাৰ হিচাপে পৰিচিত৷ বাতৰিকাকত, আলোচনীতো তেওঁৰ ফটোগ্ৰাফ প্ৰকাশ হৈ আহিছে৷ নগাঁও চহৰৰ বুকুত এখন ফটোগ্ৰাফী ইনষ্টিটিউট খুলি ল’ৰা-ছোৱালীক তেওঁ ফটোগ্ৰাফীৰ প্ৰশিক্ষণ দি আহিছে৷ সৰুৰে পৰাই অন্ত্যন্ত কষ্টেৰে অবিৰত সংগ্ৰাম কৰি তেওঁ নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷  চৰকাৰে উচ্ছ সূদৰ হাৰত বেংকৰ পৰা ঋণ দি এতিয়া তাকে লৈ ঢাক-ঢোল বজোৱাত ব্যথিত হৈছে নৃপেন শইকীয়া৷ তেওঁৰ ক্ষেত্ৰত কথাটো ‘ সিংহ মাৰি নকও লাজে, নিগনি মাৰি জয়ঢোল বাজে’ লেখীয়া হৈছে৷ যিসময়ত ৰাইজৰ অজ্ঞাতে ধনী ধনী ব্যৱসায়ীয়ে হাজাৰ কোটি টকাৰ ঋণ লৈ গোপনে হজম কৰিছে, চৰকাৰৰ অনুগ্ৰহত হাজাৰ কোটি টকাৰ ঋণ মাফ লাভ কৰিছে– সেইসময়ত উচ্ছ সূদৰ হাৰত কেইলাখমান টকাৰ ঋণ লাভ কৰি এতিয়া চৰকাৰৰ সাফল্যৰ জয়গান গোৱাৰ নিজে এক কাৰক হৈ পৰাত ক্ষুব্ধ হৈ পৰিছে যুৱকজন৷