Logo
image

ম’হযুঁজত স্থগিতাদেশ উচ্ছ ন্যায়ালয়ৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ ফেব্ৰুৱাৰীঃ সুদীৰ্ঘ ৯ বছৰৰ মূৰত অসমত পৰম্পৰাগতভাৱে ম’হ যুঁজ আৰম্ভ হৈছিল যদিও গুৱাহাটী উচ্ছ ন্যায়ালয়ে এইবাৰ ম’হ যুঁজত স্থগিতাদেশ জাৰি কৰিছে৷ ম’হ যুঁজৰ নামত ঘৰচীয়া ম’হৰ ওপৰত নৃশংসতা চলোৱাৰ অভিযোগত আন্তঃৰাষ্ট্ৰীয় পশুপ্ৰেমী সংস্থা পেটাই ম’হ যুঁজ নিষিদ্ধকৰণৰ আৰ্জিৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ অসম চৰকাৰৰ এছঅ’পি অনুসৰি ২৫ জানুৱাৰীৰ পাছত ম’হ যুঁজ অনুষ্ঠিত কৰিব নোৱাৰে যদিও নগাঁৱত অনুমতিবিহীনভাৱে চলিত সপ্তাহত ম’হ যুঁজৰ আয়োজন কৰা বিষয়টোও আদালতৰ দৃষ্টিগোচৰ কৰে পেটাই৷ পেটা ইণ্ডিয়াৰ এই আৱেদনৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে নগাঁও জিলা প্ৰশাসনৰ লগতে সমগ্ৰ অসমতে ম’হ যুঁজ বন্ধ ৰাখিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে৷ তদুপৰি ন্যায়ালয়ে অসম চৰকাৰক ম’হ যুঁজৰ এছঅ’পি কঠোৰভাৱে বলৱৎ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৬ ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিবলৈও সময়সীমা বান্ধি দিয়ে৷ উল্লেখ্য, অসম চৰকাৰৰ কেবিনেটে ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজত অনুমতি প্ৰদান কৰি এছ অ’ পি প্ৰকাশ কৰিছিল৷ অসম চৰকাৰে ম’হ যুঁজৰ অনুমতি দিয়াৰ পাছতেই ৰাজ্যৰ ভিন্ন স্থানত আৰম্ভ হয় ম’হ যুঁজ প্ৰতিযোগিতা৷ মাঘ বিহুৰ পৰম্পৰাগত ম’হ যুঁজ বৰ্তমান বিহুৰ এপষেকৰ পাছতো ঠাইবিশেষে অনুষ্ঠিত হৈ আছে৷ পেটাই উচ্ছ ন্যায়ালয়ত অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে ম’হ যুঁজৰ নামত নৃশংসতাৰ লগতে কেন্দ্ৰীয় আইন উলংঘনৰ অভিযোগ তুলি ম’হ যুঁজ নিষিদ্ধকৰণৰ আৰ্জি দিয়ে৷ আনকি আবেদনৰ সৈতে পেটাই ৰাজ্যত অনুষ্ঠিত হৈ যোৱা ম’হ যুঁজৰ প্ৰতিযোগিতাত কিদৰে আতংকিত আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ম’হক যুঁজ কৰিবলৈ বাধ্য কৰোৱা হৈছিল, তাৰ তথ্য-প্ৰমাণ দাঙি ধৰে৷ ১৬ জানুৱাৰীত আহঁতগুৰিৰ ম’হ যুঁজত গোৱালে ম’হক যুঁজ লগাৰ বাবে কাঠ-বাঁহৰ টাঙোনেৰে জোৰেৰে কোব দিয়া, নাকী লগাই টনা-আঁজোৰা কৰাৰ ভিডিঅ’ ফুটেজৰ লগতে আঘাতপ্ৰাপ্ত ম’হৰ শিং, ডিঙি, কাণ, মুখ, কপাল তেজেৰে ৰক্তাক্ত হৈ থকা মুহূৰ্তৰ দৃশ্যও আদালতৰ দৃষ্টিগোচৰ কৰে৷ তদুপৰি এছঅ’পি অনুসৰি ম’হ যুঁজস্থলীত ৰাখিবলগীয়া খাদ্য-পানীৰ ব্যৱস্থা নৰখা বুলিও অভিযোগ কৰিছে৷ পেটা ইণ্ডিয়াই ম’হ আৰু বুলবুলি চৰাইৰ যুঁজে সংবিধান উলংঘন কৰাৰো অভিযোগ কৰিছে আবেদনখনত৷ এই গোচৰটোৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে সমগ্ৰ ৰাজ্যতে ম’হ যুঁজত স্থগিতাদেশ জাৰি কৰে৷