Logo
image

অসমীয়াৰ ‘অ’-টো নজনাকৈ এপিএছচিত উত্তীৰ্ণ ৰাজস্থানৰ প্ৰাৰ্থী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৫ ফেব্ৰুৱাৰীঃ ২০২১ চনৰ ২৪ নৱেম্বৰ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ যোগ্যতানিৰূপণকাৰী বাধ্যতামূলক প্ৰশ্নকাকত প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছিল৷ ভাষাৰ প্ৰশ্নকাকত প্ৰত্যাহাৰৰ কথা ঘোষণা কৰি খোদ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ প্ৰাৰ্থীয়ে অসমীয়া ভাষা ‘সলসলীয়া’কৈ ক’ব পাৰিব লাগিব বুলিও চৰ্ত আৰোপ কৰিছিল৷ তদুপৰি  প্ৰাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা আৰু অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন থাকিব লাগিব বুলিও ঘোষণা কৰিছিল৷ কেবিনেটৰ এই সিদ্ধান্তৰ ভিত্তিতে এপিএছচিয়ে বিজ্ঞাপন প্ৰকাশ কৰি ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন, স্থায়ী বাসিন্দা আৰু অসমীয়া বা ৰাজ্যৰ আন যিকোনো ভাষা যেন বড়ো, মিচিং, কাৰ্বি ইত্যাদি কোৱাৰ দক্ষতা থকাৰো চৰ্ত আৰোপ কৰিছিল৷ যি সময়ত আন আন ৰাজ্যই আঞ্চলিক ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক কৰিছে, ঠিক তেনে সময়ত অসমত লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ যেন কুফল পলমকে হ’লেও স্পষ্ট হ’ব ধৰিছে৷ এপিএছচিৰ বিজ্ঞাপনত প্ৰাৰ্থীসকলে অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব বুলি চৰ্ত আৰোপ কৰাৰ পাছতো সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ পৰীক্ষাৰ ফলাফলত ৰাজস্থানত এগৰাকী প্ৰাৰ্থীয়ে বাছনি লাভ কৰাৰ অভিযোগ উঠিছে৷ মাত্ৰ ২ মিনিট সময়ো অসমীয়া ক’ব নোৱৰা এপিএছ বাছনি লাভ কৰা প্ৰাৰ্থীগৰাকীৰ নাম হৈছে দীপিকা দাদানি৷ ৰাজস্থানত জন্ম লাভ কৰা দীপিকা দাদানিয়ে মেধাৰ বলত এচিএছৰ ৩৫ সংখ্যক স্থানত বাছনি লাভ কৰিছে৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰা দীপিকা দাদানিয়ে নিজেই সামাজিক মাধ্যমত এটা ভিডিঅ’ত ৰাজস্থানৰ বাসিন্দা বুলি প্ৰকাশ কৰিছে৷ অৱশ্যে সামাজিক মাধ্যমত নিজকে ৰাজস্থানৰ বাসিন্দা বুলি প্ৰকাশ কৰিছে যদিও এপিএছচিৰ পৰীক্ষাৰ আৱেদন পত্ৰত ঘৰৰ ঠিকনা গৃহ নং- ৬, মিলন পথ, গুৱাহাটী বুলিহে উল্লেখ কৰিছে৷ এপিএছচিত চাকৰি পাবলৈ অসমৰ স্থায়ী বাসিন্দা, নিয়োগ বিনিময়ত কেন্দ্ৰত পঞ্জীয়ন আৰু সলসলীয়াকৈ অসমীয়া ক’ব পাৰিব লাগিব বুলি ঘোষণা কৰাৰ পাছতো অসমীয়া লিখিব জনাটো দূৰৰে কথা শুদ্ধকৈ অসমীয়া ক’ব নজনা প্ৰাৰ্থীয়ে কেনেকৈ এছিএছ বাছনি লাভ কৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ আশ্চৰ্যজনকভাৱে অসমৰ স্থায়ী  বাসিন্দাৰ প্ৰমাণ-পত্ৰ আৰু নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়ন বাধ্যতামূলক কৰাৰ পাছতো বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ বাছনিয়ে অসমৰ নিবনুৱাৰ বাবেও কাৰ্যতঃ প্ৰত্যাহ৩ান হৈ পৰিছে৷ অভিযোগ অনুসৰি এপিএছচিৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ পাছত একাংশ চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা অস্তিত্বহীন হৈ পৰাও চৰ্চা লাভ কৰিছে৷ বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ কথা বাদেই, খোদ অসমৰ ইংৰাজী মাধ্যমত অধ্যয়ন কৰা তথা ডিমাচা, বড়ো, কাৰ্বি তথা বৰাক উপত্যকাৰৰ একাংশ বিষয়াই কাৰ্যালয়ত অসমীয়া নথি-পত্ৰ পঢ়িব নোৱাৰি তলতীয়া কৰ্মচাৰী পিয়ন, চকীদাৰ তথা কম্পিউটাৰ সহায়কৰ সহায় ল’বলগীয়া হোৱাৰো অভিযোগ উঠিছে৷ যি সময়ত চৰকাৰে ভাষা ৰক্ষাৰ বাবে চৰকাৰী জাননীত দিন, বাৰ, চন অসমীয়াত লিখি আহিছে, ঠিক তেনে সময়ত ওলোটাই চৰকাৰেই এপিএছ চি পৰীক্ষাত অসমীয়া লিখিব-পঢ়িব নজনা প্ৰাৰ্থীৰ বাছনিৰ পথ প্ৰশস্ত কৰিছে৷ অভিযোগ অনুসৰি এতিয়া অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত যিকোনো ৰাজ্যৰ প্ৰাৰ্থীয়ে সহজে নাম পঞ্জীয়ন কৰিব পাৰে৷ অনলাইনত সম্পন্ন হোৱা নাম পঞ্জীয়ন প্ৰক্ৰিয়াত বহিঃৰাজ্যৰ এজন নিবনুৱাই অসমৰ এটা অস্থায়ী ঠিকনা উল্লেখ কৰিয়েই পঞ্জীয়ন কৰাৰ সুবিধা আছে৷  নথি পত্ৰৰ কোনো পৰীক্ষণ অবিহনে সম্পন্ন কৰা এই প্ৰক্ৰিয়াৰ বাবেই বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে নাম পঞ্জীয়ন কৰি অসম চৰকাৰৰ চাকৰিত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য, এইবাৰ এপিএছচি পৰীক্ষাত বাছনি লাভ কৰা ৰাজস্থানৰ দীপিকা দাদানিয়ে বৰ্তমান অসম চৰকাৰৰ চাহ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনত চাকৰি কৰি আছে৷