Logo
image

ডলাৰত ধন দিব কুইপ্প’ৱে আলফাই দিলে বিশেষ ৰেহাই

আমাৰ অসম, ২৫ ফেব্ৰুৱাৰীঃ যিকোনো মুহূৰ্ততেই আলফা-এন এছ চি এনৰ দ্বাৰা অপহূত কুইপ্প’ৰ দুই বিষয়াৰ মুক্তি নিশ্চিত হৈ পৰিছে৷ তৈল খননকাৰী কোম্পানী কুইপ্প’ৱে আলফাই দাবী কৰা মুক্তিপণৰ প্ৰথম কিস্তি ইতিমধ্যে বিদ্ৰোহী সংগঠনটোলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷ বৃহস্পতিবাৰে গুৱাহাটীত কুইপ্প’ কতৃৰ্পক্ষৰ সৈতে মধ্যস্থতাকাৰী কৌশিক ফুকনৰ আনুষ্ঠানিক আলোচনাৰ পাছতেই আলফা-এন এছ চি এনে অপহৃত শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক অৰুণাচল বা নাগালেণ্ডৰ যিকোনো স্থানত মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে৷ অৱশ্যে, আলফাই মুক্তিপণ হিচাপে কুইপ্প’ কতৃৰ্পক্ষক ২০ কোটি টকা দাবী কৰিছে যদিও শেহতীয়াকৈ থলুৱা নিবনুৱা সংস্থাপনৰ চৰ্ত আৰোপ কৰি বিশেষ ৰেহাই দিছে বুলি জানিব পৰা গৈছে৷ আলফাই ২০ কোটি টকা মুক্তিপণ দাবী কৰিলেও বৰ্তমান প্ৰেক্ষাপটত তৈল খননকাৰী কোম্পানীটোৱে প্ৰায় ১০ কোটি টকাহে আলফাক দিবলৈ সন্মত হৈছে৷ বিশেষ এটা সূত্ৰই জানিবলৈ দিয়া অনুসৰি, কুইপ্প’ কতৃৰ্পক্ষই মুক্তিপণৰ প্ৰথম কিস্তিটো ইতিমধ্যে প্ৰেৰণ কৰিছে৷ অৱশ্যে, এই ধন ভাৰতীয় মুদ্ৰাত নহয়, ‘ডলাৰ’ত এখন বিদেশী ৰাষ্ট্ৰলৈ কুইপ্প’ৱে প্ৰেৰণ কৰা বুলি সূত্ৰটোৱে দাবী কৰিছে৷ বৃহস্পতিবাৰে হ’ব লগা আলোচনাৰ পাছতেই বাকী দাবীকৃত ধন কুইপ্প’ৱে প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে, এই ধনৰাশিও আলফালৈ ডলাৰত প্ৰেৰণ কৰিব বুলি চৰ্চা চলিছে৷ বৃহস্পতিবাৰে কুইপ্প’ৰ সৈতে আলোচনা সম্ভৱ নহ’লে শুকুৰবাৰে পুৱাই আলোচনা হোৱাৰ আশা ব্যক্ত কৰিছে মধ্যস্থতাকাৰী কৌশিক ফুকনে৷ মধ্যস্থতাকাৰী ফুকনে ‘আমাৰ অসম’ক জানিবলৈ দিয়া মতে– কুইপ্প’ৰ সৈতে আলোচনা প্ৰায় সম্পূৰ্ণ হৈছে যদিও কেৱল থলুৱা নিযুক্তিৰ বিষয়টোক লৈ কিছু আলোচনা বাকী আছে৷ কুইপ্প’ত থলুৱা নিবনুৱাসকলক উপযুক্ত সংস্থাপন দিবলৈ আলফাৰ পৰা দাবী উত্থাপন কৰিছে৷ কেৱল কুইপ্প’ৱে থলুৱা নিযুক্তি দিলেই নহ’ব, মধ্যস্থতাকাৰী হিচাপে মই অইল ইণ্ডিয়াৰ সৈতেও থলুৱা নিযুক্তি তথা ঠিকা আবণ্টনৰ বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিছোঁ৷ মঙলবাৰে অইল ইণ্ডিয়াৰ মুখ্য পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰৰ সৈতে গুৱাহাটীত আলোচনাত মিলিত হৈছিলোঁ৷ এই আলোচনাত অইলৰ শীৰ্ষ বিষয়াগৰাকীক ঠিকাভিত্তিত পৰিচালিত ৰিগসমূহত নিযুক্তি তথা ঠিকা আবণ্টনৰ বাবে এখন কমিটী গঠন কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিলোঁ, যাতে অইল ইণ্ডিয়াৰ অধীনত এই কমিটীখনে ৰিগসমূহত বিভিন্ন ঠিকা তথা থলুৱা নিযুক্তিৰ বিষয়টো পৰিচালনা কৰে৷ মোৰ পৰামৰ্শক ‘অইল’ৰ চি এম ডি মিশ্ৰই আদৰণি জনাইছে৷ বিশেষ বিশেষ ব্যক্তিক লৈ এই কমিটী গঠন কৰা হ’ব আৰু যোগ্য থলুৱাসকলক কমিটীয়ে বাছনি কৰিব৷ ইপিনে, অপহৃত প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ এতিয়া আলফাৰ জিম্মাত কেনে অৱস্থাত আছে বুলি প্ৰশ্ন উত্থাপন হোৱা বিষয়টোত মধ্যস্ততাকাৰী কৌশিক ফুকনে অপহৃতদ্বয়ে আলফা কেডাৰসকলৰ সৈতে মাছ-মাংস খাই আনন্দত আছে বুলি পৰেশ বৰুৱাই তেওঁক জানিবলৈ দিছে বুলিও উল্লেখ কৰে৷