Logo
image

এচিডিটি? এইবোৰ উপায়েৰে সকাহ পাওক

কৰ্ম ব্যস্ততা আৰু যি টি খাদ্য খোৱাৰ পাছত শাৰীৰিক বিসংগতি হোৱাটো স্বাভাৱিক৷ অত্যধিক মছলাযুক্ত আৰু অনিয়মীয়া খাদ্য খোৱাৰ ফলত বুকু জ্বলা-পোৰা হোৱা তথা এচিডিটি হয়৷ অৱশ্যে, এনে সমস্যাৰ পৰা সকাহ পোৱাৰ উপায়ো নথকা নহয়৷ উল্লেখ কৰা হ’ল তেনে কেইটামান উপায়– 
- অতিৰিক্ত জ্বলা, তেল-মছলাযুক্ত তথা ভজা-পোৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক৷ 
- অতিৰিক্ত খাদ্য কেতিয়াও নাখাব৷ 
- বেছি সময় ধৰি খাদ্য নোখোৱাকৈ নাথাকিব৷ 
- অসময়ত আৰু অনিয়মিতভাৱে খাদ্য খোৱাৰ পৰা বিৰত থাকক৷
- নিশাৰ খাদ্য সোনকালে খাওক৷ 
- খোৱাৰ লগে লগে শুই নপৰিব৷ 
- ধুমপান, মদ্যপান, কফি আৰু এছপিৰিন জাতীয় ঔষধ নাখাব৷  
- মানসিক চাপ সদায় দূৰৈত ৰাখিব৷ 
- ধনীয়া কম পৰিমাণে খোৱাৰ অভ্যাস কৰক৷ 
- খোৱাৰ পাছত আধা চামুচকৈ মৌ খাব৷ 
- নিয়মীয়াকৈ নাৰিকলৰ পানী খোৱা অভ্যাস কৰক৷ 
- যিমান পাৰি মিচিৰিৰ চৰৱত খাব পাৰে৷ 
- খালী পেটত এমুঠিমান তিয়াই থোৱা কিছমিছ নিয়মীয়াকৈ খাব পাৰে৷ 
- ঠাণ্ডাপানীত অলপ গোলাপজল আৰু পদিনা মিহলি পানী খোৱাটো শৰীৰৰ পক্ষে খুবেই ভাল৷ 
- ডালিম, কল, আপেল, খিছমিছ, নাৰিকল আদি  ফল নিয়মীয়াকৈ খাব পাৰে৷ ইয়াৰোপৰি আমলখি যিমান ইচ্ছা (গুড়ি, কেঁচা কিম্বা ৰস) খোৱা উচিত৷ 
- যষ্ঠীমধুৱে এচিডিটিৰ সমস্যা সহজে দূৰ কৰে৷ 
- এচিডিটিৰ পৰা ৰক্ষা পাবলৈ খালী পেটত সদায় ২০-২৫ মিলিগ্ৰাম এলোভেৰাৰ ৰস খাওঁক৷