Logo
image

চাৰি বছৰ লিভ-ইনত থাকি হঠাতে সম্পৰ্কত ফাঁট শ্ৰুতি-শান্তনুৰ

গুজবেই যেন সত্য হ’ল৷ দীৰ্ঘদিন ধৰি শান্তনু হাজৰিকাৰ সৈতে মধুৰ সম্পৰ্কৰে সম্পৰ্কিত হৈ থকা কমল হাছান কন্যা শ্ৰুতি হাছানৰ সম্পৰ্কত ফাট মেলিছে৷ ইতিমধ্যে ইজনে-সিজনক ইনষ্টাগ্ৰামত আনফ’লো কৰিছে৷ দুয়োৰে বিচ্ছেদৰ খবৰে বলীউডৰ ভিতৰে-বাহিৰে তোলপাৰ লগাইছে৷ বিভিন্ন গল্প-গুজব সৃষ্টি হৈছে ছ’চিয়েল মিডিয়াত৷ বলীউডৰ সূত্ৰ মতে, প্ৰায় এমাহ ধৰি পৃথকে পৃথকে থাকিবলৈ লৈছে দক্ষিণৰ জনপ্ৰিয় নায়িকা শ্ৰুতি হাছান আৰু অসম সন্তান শান্তনু হাজৰিকা৷ শ্ৰুতিয়ে ইনষ্টাগ্ৰামৰ পৰা শান্তনুৰ ফটো আঁতৰাই পেলাইছে৷ বিগত চাৰি বছৰ ধৰি দুয়ো একেলগে বাস কৰিছিল৷ অৱশ্যে, কি কাৰণে দুয়োৰে মধুচন্দ্ৰিকাৰ অৱসান ঘটিছে সেয়া পোহৰলৈ অহা নাই৷