Logo
image

ভূপেন বৰাৰ বাবেই অসমত বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ আপৰ

ডিজিটেল সংবাদ, গুৱাহাটী, ২৮ এপ্ৰিলঃ "কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন ৰ্গেই শনিবাৰে অসমলৈ আহি গুৱাহাটীৰ বিমানবন্দৰৰ সমীপতে এক সংবাদ মেল সম্বোধন কৰিছিল। এই সংবাদমেলত ৰ্গেৰ সৈতে এফালে জীতেন্দৰ সিং আৰু আনফালে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও আছিল। এগৰাকী সাংবাদিকে খৰ্গেক সোধা এটা প্ৰশ্নৰ উত্তৰ খৰ্গেৰ হাতত নাছিল। গতিকে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাক উত্তৰটো দিবলৈ কৈছিল। ভূপেন বৰাই কথাখিনি কোৱাৰ আগতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দৰ সিঙৰ পৰা অনুমতি লৈ যিখিনি কথা ক'লে সেয়া যথেষ্ট বিভ্ৰান্তিকৰ তথা প্ৰৰোচনামূলক।" দেওবাৰে গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত সভাপতি ডাঃ ভবেন চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে। 

তেওঁ কয়, ''ডিব্ৰুগড়ৰ আসনখনত এইবাৰ বিৰোধী ঐক্য মঞ্চৰ পৰা দুগৰাকী প্ৰাৰ্থী আছিল৷ এগৰাকী আম আদমী পাৰ্টীৰ মনোজ ধানোৱাৰ আৰু আন গৰাকী অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ। নিৰ্বাচন ভালে ভালে হৈ গ'ল। অসমত বিৰোধী ঐক্য মঞ্চৰ আসন ভাগ-বাটোৱাৰা কৰা সভা সমূহ প্ৰায় ৮ মাহ ধৰি চলিছিল৷ কিন্তু কিবা এটা অলৌকিক কাৰণত এই কামটো কৰাত অসম কংগ্ৰেছ সভাপতি গৰাকী বিফল হ'ল৷ গতিকে বিৰোধী দলে লখিমপুৰ, ডিব্ৰুগড়, শোণিতপুৰ, বৰপেটা আদিত দুগৰাকীকৈ প্ৰাৰ্থী দিলে। ইয়ালৈকে ঠিকেই আছিল।  বিৰোধী ঐক্য মঞ্চৰ সভাপতি হিচাপে তেওঁ লোকসভাৰ আসনৰ বুজাবুজি সহযোগী দলসমূহৰ লগত কৰিব নোৱাৰিলে আৰু এইয়া তেওঁৰ ব্যৰ্থতা আৰু বিৰোধী ঐক মঞ্চৰ সভাপতি হিচাপে এই কথা তেওঁ মানি লব লাগিব। তেওঁ কি এক ৰহস্যজনক কাৰণত ডিব্ৰুগড়ৰ প্ৰাৰ্থী সন্দৰ্ভত এনে এটা গোকাট মিছা কথা কলে, সেইটোহে ভাবিব লগীয়া।"

তদুপৰি তেওঁ কয় যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙো এই কথা খিনিৰ লগত জড়িত হৈ পৰিল, গতিকে তেওঁৰো এটা স্পষ্টীকৰণৰ প্ৰয়োজন। অন্যথা অসম কংগ্ৰেছৰ সভাপতিৰ এই ভাষ্য যথেষ্ঠ বিভ্ৰন্তিকৰ। 

আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি এনেদৰে প্ৰলাপ বকিছে বুলি অভিযোগ কৰে। তেওঁ কয় যে ভূপেন বৰাৰ বক্তব্যই এটা কথা প্ৰমাণ কৰিলে যে অসমত 'ইণ্ডি এলায়েন্স' বা বিৰোধী ঐক্য ব্যৰ্থ কৰা মূল ষড়যন্ত্ৰকাৰী ভূপেন বৰা। ইমান দিনে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আন প্ৰভাৱশালী শক্তিৰ নিৰ্দেশত উঠা বহা কৰা কথাটোও ভূপেন বৰাৰ মন্তব্যই প্ৰমাণ কৰিলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ এই ভাষ্যৰ দ্বাৰাই তেওঁ অসমৰ সংবাদ মাধ্যম তথা অসমবাসী জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টাত লিপ্ত হৈছে।