অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা
◾নতুন দিল্লীৰ বিজ্ঞান ভৱনত নিৰ্বাচন আয়োগৰ সংবাদমেল।
◾মুখ্য নিৰ্বাচনী বিষয়া সুনিল আৰোৰাৰ সংবাদমেল সম্বোধন।
◾ঘোষণা হ'ল অসম বিধানসভা নিৰ্বাচনৰ দিন।
◾অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
◾প্ৰথম পৰ্যায়ত ২৭ মাৰ্চত ৪৭ টা সমষ্টিত ভোটগ্ৰহণ।
◾১ এপ্ৰিলত ৩৯টা সমষ্টিত দ্বিতীয় পৰ্যায ভোটগ্ৰহণ।
◾তৃতীয় পৰ্যায়ত ৬ এপ্ৰিলত ৪০টা সমষ্টিত হ'ব ভোটগ্ৰহণ।
◾২ মে'ত নিৰ্বাচনৰ ফলাফল।
◾অসমত এচ শ্ৰীনিৱাসন, অশোক কুমাৰক নিৰ্বাচনী পৰ্যবেক্ষক নিযুক্ত।
◾এইবাৰ নিৰ্বাচনী আইকন পদ্মশ্ৰী নিৰু কুমাৰ।
◾অসমকে ধৰি পাঁচ ৰাজ্যত একেলগে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।
◾অসমকে ধৰি কেৰেলা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।
◾সম্পূৰ্ণ ক'ভিড-১৯ প্ৰট'কল মানি অনুষ্ঠিত হ'ব এই নিৰ্বাচন।
◾অসমত ১২৬টা সমষ্ঠিত ৩৩,৫৩০টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ।
◾ক'ভিড-১৯ৰ বাবে ভোটকেন্দ্ৰৰ সংখ্যা বৃদ্ধি।
◾অসমত পূৰ্বতকৈ ৩৪.৭১% ভোটগ্ৰহণ কেন্দ্ৰ বৃদ্ধি।
◾পূৰ্বতকৈ ভোটগ্ৰহণৰ সময় এঘণ্টাকৈ বৃদ্ধি।
◾নিৰ্বাচনত জড়িত বিষয়াসকলক কৰা হ'ব ক'ভিড টীকাকৰণ।
◾৮০ৰ ঊৰ্ধ্বৰ ব্যক্তিৰ ক্ষেত্ৰত চৰ্তসাপেক্ষে পোষ্টেল বেলটৰ সুবিধা।
◾মনোনয়ন পত্ৰ দাখিলৰ সময়ত দুখন বাহন ব্যৱহাৰৰ অনুমতি।
◾ঘৰে ঘৰে প্ৰচাৰৰ ক্ষেত্ৰত সৰ্বাধিক ৫জন ব্যক্তিৰহে অনুমতি।
◾প্ৰচাৰ সভা, ৰোড শ্ব'ত প্ৰয্য়োজ্য হ'ব ক'ভিড বিধি।
◾উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ অনুমতি সাপেক্ষেহে অনুষ্ঠিত কৰিব পাৰিব নিৰ্বাচনী সভা।
◾পূৰ্বতকৈ ১০ শতাংশ অধিক ধন খৰচ কৰিব পাৰিব প্ৰাৰ্থীসকলে।
◾মুখ্য নিৰ্বাচনী বিষয়া সুনিল আৰোৰাৰ সংবাদমেলঃ