Logo
image

ৰাহুল গান্ধীতকৈ কংগ্ৰেছীৰে মোৰ সম্পৰ্ক বেছি ভালঃ মুখ্যমন্ত্ৰী

'আমাৰ অসম'ৰ সৰুপথাৰৰ বিশেষ প্ৰতিবেদক, ১৫ ফেব্ৰুৱাৰীঃ "মই ২২ টা বছৰ কংগ্ৰেছৰ লগত আছিলোঁ। ৰাহুল গান্ধীতকৈ কংগ্ৰেছৰ মানুহবিলাকৰ সৈতে মোৰ সম্পৰ্ক বেছি ভাল। ৰাহুল গান্ধীয়ে যদি বিধায়কখিনিক গালি গালাজ নকৰিলেহেঁতেন হয়তো এওঁলোকো বিজেপিলৈ নাহিলহেঁতেন। বৰ্তমান সময়ত উজনিৰ নামনিৰ কোনো কথা নাই৷ অসমৰ সকলো আহি যাব। এতিয়া কংগ্ৰেছত কাৰ লগত কথা পাতিব। মই কালিয়েই কৈছোঁ, যিজনে আটাইতকৈ টিভিত বেছি কথা কয়, তেওঁৱেই যে অহা কালি বিজেপিত যোগদান নকৰিব তাৰ গেৰাণ্টি কোনে ল'ব।"- এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷

বিজেপিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত হাতত লোৱা 'গাঁও চলোঁ' অভিযানৰ অংশ হিচাপে বুধবাৰে গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ সৰুপথাৰ উপ জিলাৰ এক নং ৰজাপুখুৰী শ্যাম গাঁৱলৈ আহি ৰাইজৰ লগত মতবিনিময় কৰি গাঁওখনতে নৈশ যাপন কৰাৰ পিছত বৃহস্পতিবাৰে পুৱা সাংবাদিকৰ সৈতে হোৱা মত-বিনিময়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷

ৰজাপুখুৰী শ্যাম গাৱঁৰ নিৱাসী সাগৰ শ্যাম গোহাঁইৰ ঘৰত মুখ্যমন্ত্ৰীয়ে নৈশ যাপন কৰি তেখেতৰ বাসগৃহৰ পৰা পুৱা প্ৰায় ৯ বজাত ওলাই অহাৰ পিছতে ৰজাপুখুৰী অংছা জিলদৈ শ্যাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পথৰ দাঁতিত ছাত্ৰ-ছাত্ৰীসকলক সাক্ষাৎ কৰি কিছু সময় মত-বিনিময় কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনক লগত লৈ এক বিশাল কনভয়ৰে সৰুপথাৰত উপস্থিত হৈ পুৱাৰে পৰা সমবেত হৈ থকা ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিক সাক্ষাৎ কৰে। ইয়াৰ পিছতে সৰুপথাৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰপথাৰলৈ যায়। বৰপথাৰলৈ যাত্ৰা কৰাৰ সময়ছোৱাত মুখ্যমন্ত্ৰী আৰু বিধায়ক কৰ্দৈগুৰি গাঁৱৰ পথৰ দাঁতিত থকা এটি নামঘৰত প্ৰৱেশ কৰি সেৱা লোৱাৰ লগতে ৰাজ্যবাসীৰ মঙ্গলাৰ্থেও সেৱা লয়। বৰপথাৰত মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ লগে লগে বৰপথাৰৰ শিঙিমাৰিত আটকধুনীয়াকৈ নিৰ্মাণ কৰা এটি বিজেপি মণ্ডল কাৰ্যালয় শুভ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, বড়ো কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্রদীপ স্বৰ্গীয়াৰী, বিজেপি বৰপথাৰ মণ্ডলৰ সভাপতি অসীম দত্ত, বৰপথাৰ আৰু সৰুপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ বৰুৱাৰ, উষা আগৰৱালাৰ উপৰি ভালেকেইজন বিজেপি দলৰ কাৰ্যকৰ্তা উপস্থিত থাকে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন এখন বিশেষ হেলিকপ্টাৰযোগে যোৰহাটৰ অভিমুখে ৰাওনা হয়।