Logo
image

সুখবৰ, কেঞ্চাৰৰ ভেক্‌চিন আৱিষ্কাৰ ৰুছ বিজ্ঞানীৰ

মস্কো, ১৬ ফেব্ৰুৱাৰীঃ অচিৰেই উপলব্ধ হ’ব কেন্সাৰৰ দৰে জটিল ৰোগৰ ভেক্‌চিন৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এই আশাৰ বাণী শুনাইছে৷ ৰাষ্ট্ৰপতি পুটিনে শেহতীয়াকৈ এটা টেলিভিছন সাক্ষাৎকাৰত ৰাছিয়াৰ বিজ্ঞানীসকল কেন্সাৰৰ ভেক্‌চিন প্ৰস্তুত কৰাত প্ৰায় সফল হোৱা বুলি দাবী কৰিছে৷ পুটিনে কয় যে ‘আমি তথাকথিত কেন্সাৰৰ ভেক্‌চিন আৰু নতুন প্ৰজন্মৰ ইমিউনোমোডুলেটৰি ঔষধ প্ৰস্তুত কৰাত সফল হ’বলৈ গৈ আছো৷ আশা কৰো এই পদ্ধতি আমি অতি সোনকালে ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰিম৷’
অৱশ্যে কি কেন্সাৰৰ বাবে এই ভেক্‌চিন প্ৰস্তুত হ’বলৈ গৈ আছে, সেই বিষয়ে তেওঁ বিশেষ অৱগত কৰাৰ পৰা বিৰত থাকে৷ উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বৰ্তমান ছয়বিধ ভেক্‌চিন আছে, যি কেইবিধে ছাৰ্ভাইকেল কেন্সাৰ বা জৰায়ুৰ কেন্সাৰ নিৰাময় কৰে৷ তদুপৰি এইকেইবিধ ভেক্‌চিনে লিভাৰ কেন্সাৰো দূৰ কৰাত সহায় কৰে৷
উল্লেখ্য যে বিশ্বৰ বিভিন্ন দেশ আৰু ঔষধ কোম্পানীয়ে কেন্সাৰৰ ভেক্‌চিন প্ৰস্তুত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ইয়াৰ মাজতে যোৱা বছৰ মাৰ্কিন যুক্তৰাষ্ট্ৰই এটা জাৰ্মানভিত্তিক বায়োএনটেকৰ সৈতে চুক্তি কৰি ২০৩০ চনৰ ভিতৰত যাতে অন্ততঃ ১০ হাজাৰ ৰোগীক কেন্সাৰৰ ভেক্‌চিন দিব পৰা যায় তাৰ বাবে ক্লিনিকেল পৰীক্ষা অব্যাহত ৰাখিছে৷