Logo
image

এইবাৰ কংগ্ৰেছৰ বেংক একাউণ্টত আয়কৰৰ তলা

নতুন দিল্লী, ১৭ ফেব্ৰুৱাৰীঃ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আয়কৰ বিভাগে কংগ্ৰেছ দলৰ একাধিক বেংক একাউণ্ট ‘ফ্ৰীজ’ কৰিছে৷ লগতে দলৰ যুৱ কংগ্ৰেছৰ একাউণ্টো ফ্ৰীজ কৰা হৈছে৷ কংগ্ৰেছৰ কোষাধ্যক্ষ তথা মুখপাত্ৰ অজয় মাকেনে শুকুৰবাৰে এই কথা সদৰি কৰে৷ মাকেনে এক সংবাদ মেল সম্বোধন কৰি কয় যে ২০১৮-২০১৯ চনৰ আয়কৰ ৰিটাৰ্ণৰ ভিত্তিত ‘ফ্ৰীজ’ কৰা হৈছে কংগ্ৰেছ দলৰ বেংক একাউণ্টসমূহ৷ কংগ্ৰেছৰ বিৰুদ্ধে ২১০ কোটি টকাৰ কৰ ফাঁকি দিয়াৰ অভিযোগ আনি আয়কৰ বিভাগে এই পদক্ষেপ লোৱা বুলি উল্লেখ কৰে মাকেনে৷ লগতে তেওঁ এই সন্দৰ্ভত বিজেপিক আক্ৰমণ কৰি কয় যে অহা  দুই-এসপ্তাহৰ পাছত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব৷ কিন্তু এনে সময়তে প্ৰধান বিৰোধী দল কংগ্ৰেছক বিপাঙত পেলাবলৈ বিজেপি চৰকাৰখনে সম্পূৰ্ণ পৰিকল্পিতভাৱে এনেধৰণৰ স্বৈৰাচাৰী পদক্ষেপ গ্ৰহণ কৰা বুলি তেওঁ উল্লেখ কৰে৷ মাকেনে জনোৱা মতে, ২০১৮-২০১৯ চনৰ আয়কৰ আদায় দিয়াত ৪৫ দিন পলম হোৱাৰ বাবেই চৰকাৰে আয়কৰ বিভাগৰ দ্বাৰা এনে পদক্ষেপ লোৱা বুলি অভিযোগ কৰে৷ মাকেনে এই সন্দৰ্ভত সামাজিক মাধ্যমতো এটা প’ষ্ট দিয়ে৷ তাত তেওঁ কংগ্ৰেছৰ চাৰিটাকৈ বেংক একাউণ্ট আয়কৰ বিভাগে ফ্ৰীজ কৰা বুলি উল্লেখ কৰি ‘দেশত কি এটা দলেই শাসন চলাব নেকি?’ বুলিও প্ৰশ্ন উত্থাপন কৰে৷ কংগ্ৰেছৰ কোষাধ্যক্ষ তথা মুখপাত্ৰজনে লগতে কয় যে আমাৰ দলৰ  সমস্ত পুঁজি ক্ৰাউড ফাণ্ডিঙৰ জৰিয়তে সংগ্ৰহ হয়৷ ইয়াত হিচাপৰ কোনো খেলিমেলি নাই৷ আমাৰ দলক কোনে কোন সময়ত কিমান টকা বৰঙণি আগবঢ়াইছে তাৰ সমস্ত তথ্য আছে৷  তথাপি আমাৰ দলৰ বেংক একাউণ্ট জব্দ কৰা হ’ল৷ আয়কৰ বিভাগে যদি বেংক একাউণ্ট ‘ফ্ৰীজ’ কৰিবই লাগে, তেন্তে বিজেপিৰ বেংক একাউণ্টসমূহ ফ্ৰীজ কৰক৷ আমাৰ দলৰ বেংক একাউণ্ট কিয় ফ্ৰীজ কৰে? এইক্ষেত্ৰত তেওঁ আনকি বিচাৰ বিভাগক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাই উল্লেখ কৰে যে দেশত যেন এতিয়া গণতন্ত্ৰৰ অস্তিত্ব নোহোৱা হৈছে৷ বিজেপি চৰকাৰখনে ‘গণতন্ত্ৰক হিমঘৰ’লৈ প্ৰেৰণ কৰিছে৷ ইপিনে মাকেনৰ সংবাদ মেলৰ পাছতেই কংগ্ৰেছৰ আইনী কোষৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ বিবেক টাংখাই জনায় যে কংগ্ৰেছ দলৰ আয়কৰ ৰিটাৰ্ণ সম্পৰ্কীয় বিষয়টো সম্প্ৰতি আয়কৰ আপীল ট্ৰিবিউনেলৰ বিচাৰাধীন হৈ আছে৷ এনেক্ষেত্ৰত আয়কৰ বিভাগে দলৰ কোনো একাউণ্ট ফ্ৰীজ কৰিব নোৱাৰে বুলি তেওঁ জনায়৷ তেওঁ বেংক একাউণ্ট ফ্ৰীজ কৰা বুলি অৱগত হোৱাৰ পাছতেই আয়কৰ আপীল ট্ৰিবিউনেলৰ দিল্লী বেঞ্চৰ দ্বাৰস্থ হয়৷ তাত তেওঁ বেংক একাউণ্টসমূহ ফ্ৰীজ কৰি ৰাখিলে কংগ্ৰেছে লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি উল্লেখ কৰে৷ এনে অৱস্থাত ‘লিয়েন’ত থাকিলেও একাউণ্টসমূহ দলে ব্যৱহাৰ কৰিব পাৰিব বুলি ট্ৰিবিউনেলে নিৰ্দেশ দিেয়৷ ট্ৰিবিউনেলৰ এই নিৰ্দেশে অৱশ্যে কংগ্ৰেছক কিছু পৰিমাণে হ’লেও সকাহ প্ৰদান কৰিছে৷ ইপিনে শেহতীয়াকৈ উচ্ছতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড ‘অসাংবিধানিক’ বুলি ৰায় দান কৰাৰ পাছত বিৰোধী দলসমূহৰ অনুদান বন্ধ কৰাৰ উদ্দেশ্যেৰে আয়কৰ বিভাগৰ জৰিয়তে বিজেপি চৰকাৰখনে বিৰোধীৰ বেংক একাউণ্ট ফ্ৰীজ কৰাৰ দৰে স্বৈৰাচাৰী পদক্ষেপ লোৱা বুলি কংগ্ৰেছৰ একাংশই অভিযোগ কৰিছে৷