Logo
image

ৰিপুণৰো হুংকাৰ, প্ৰদেশ কংগ্ৰেছৰ দল বৰাকলৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ফেব্ৰুৱাৰীঃ কমলাক্ষ দে পুৰকায়স্থৰ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পদৰ পৰা পদত্যাগ তথা সমষ্টি, দেশ-ৰাজ্য, সমাজৰ বৃহত্তৰ উন্নয়নৰ স্বাৰ্থৰ অজুহাতত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰলৈ নাটকীয় সমৰ্থন দিয়াৰ পাছতে উধাতু খাই কৰিমগঞ্জ পালেগৈ এপিচিচিৰ নেতৃত্ব৷ কমলাক্ষৰ পদত্যাগৰ পাছত ‘ডেমেজ কণ্ট্ৰল’ৰ চেষ্টা চলালে কংগ্ৰেছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দুই সাধাৰণ সম্পাদক স্বপন দাস আৰু আনোৱাৰ হুছেইনক শুকুৰবাৰে জৰুৰীভাৱে ডেমেজ কণ্ট্ৰলৰ বাবে কৰিমগঞ্জলৈ প্ৰেৰণ কৰে৷ কাছাৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিত পালো দলটোত আছে৷ উল্লেখ্য যে এইবাৰ কৰিমগঞ্জ লোকসভাৰ আসনখন কংগ্ৰেছৰ ফালে অহাৰ ৭০ শতাংশ চাঞ্চ থকা বুলি চৰ্চা হোৱাৰ সময়তে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ বিজেপিমুখী হোৱাত কংগ্ৰেছৰ অংকত আউল লাগিছে৷ প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আলম মজুমদাৰ এইবাৰ কৰিমগঞ্জ সমষ্টিৰ পৰা কংগ্ৰেছৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ৷ ইফালে লোকসভাৰ নিৰ্বাচনলৈ সাজু হৈছে ৰাজ্যৰ বিৰোধী ঐক্য৷ আপ আৰু তৃণমূল কংগ্ৰেছ বিৰোধী ঐক্যৰ পৰা প্ৰায় পৃথক হোৱাত অসম জাতীয় পৰিষদ, চিপিআই (এম), ৰাইজৰ দলকলৈ নিৰ্বাচনী ৰণত নামিব কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য৷ ডিব্ৰুগড়ত বিৰোধী ঐক্যৰ প্ৰাৰ্থী হ’ব অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ৷ বৰপেটাত বিৰোধী ঐক্যমঞ্চ মঞ্চৰ প্ৰাৰ্থী হ’ব চি পি আই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ৷ ডিব্ৰুগড় আৰু বৰপেটাত ক্ৰমে জাতীয় পৰিষদ আৰু চি পি আই (এম)ক এৰি দি বাকী ১২ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে৷ এই ফৰ্মূলাতে ঐক্যমত্যত উপনীত হৈছে বিৰোধী ঐক্য৷ আনুষ্ঠানিক ঘোষণাহে মাত্ৰ বাকী আছে৷ শুকুৰবাৰে এই কথা সদৰি কৰিলে চিপিআই [এম]ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে৷ সাংবাদিকৰ আগত তালুকদাৰে কয়–‘বৰপেটা আমি পাম৷ বৰপেটাত জয়লাভ নিশ্চিত৷ বৰপেটা আমি নোপোৱাৰ কথাই নাই৷ এখনত জাতীয় পৰিষদে খেলিব৷ ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈয়ে খেলিব৷ এতিয়ালৈকে অফিচিয়েলী ঘোষণা হোৱা নাই, দিল্লীৰ পৰা ঘোষণা হ’ব৷ কিন্তু আমি নিশ্চিত আমি বৰপেটাখনত খেলিম৷ প্ৰাৰ্থী হিচাপে মোৰ নামটো ওলাব পাৰে৷ পাৰ্টিয়ে যদি মোক খেলিবলৈ কয় খেলি দিম৷ ভূপেন বৰাইয়ো ইতিমধ্যে স্পষ্ট কৰিছে যে তেওঁলোকে ১২ খন আসনত খেলিব৷’ ইফালে বিৰোধী ঐক্যমঞ্চৰ এই সিদ্ধান্তক লৈ অসন্তুষ্ট অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা৷ ভূপেন বৰাক প্ৰত্যাহ্বান জনাই ৰিপুণ বৰাই কয় ‘আমাক ভূপেন বৰাই টিকট দিব নালাগে৷ সিদ্ধান্ত ল’ব কেন্দ্ৰীয় নেতৃত্বই৷ ভূপেন বৰাই আমাক টিকট দিবও নোৱাৰে৷ আমি তেওঁক খোজাও নাই টিকট৷ আমি টিকট খুজিছো আমাৰ নেতৃত্বক৷ আমাৰ নেতৃত্বই দিল্লীত কংগ্ৰেছ নেতৃত্বৰ লগত কথা পাতিব৷ যদি কথা নিমিলে পৰৱৰ্তী ব্যৱস্থা কি কৰো, সেইটো আমি পাছত আপোনালোকক জনাম৷ ইফালে মুখ্যমন্ত্ৰীক গামোছা পিন্ধাই গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা অপসাৰিত হোৱা দাদু টায়েই বোকাখাটতত এক সংবাদমেল অনুষ্ঠিত কৰি কয়–‘গৌৰব গগৈৰ গাত তৰুণ গগৈৰ তেজ নাই৷ তেওঁৰ গাত আহোমৰ তেজো নাই৷’ ইফালে আজি সাংসদ গৌৰৱ গগৈয়ে বিজেপিক হুংকাৰ দি কয়–‘কোনো নাথাকিলেও অকলেই যুঁজিম বিজেপিৰ বিৰুদ্ধে৷’ কংগ্ৰেছৰ পদত্যাগৰ ধুমুহাৰ মাজতে আজি গৌৰব গগৈয়ে এই হুংকাৰ দিয়ে৷