Logo
image

গুৱাহাটীক ‘আনস্মাৰ্ট’ ঘোষণা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ ফেব্ৰুৱাৰীঃ উত্তৰ পূৰ্বৰ দুৱাৰ মুখ গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটীৰ তালিকাত স্থান দিলেও আজিও যেন ‘আনস্মাৰ্ট’ হৈ আছে ৰাজ্যৰ ৰাজধানী চহৰখন৷ কিয়নো স্মাৰ্ট চিটী প্ৰকল্পৰ নামত কোটি কোটি টকা ব্যয় কৰাৰ পাছতো আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত তালিকাৰ শেষৰ ফালেহে স্থান পাইছে গুৱাহাটী মহানগৰীয়ে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও দেশৰ সকলোতকৈ পিছপৰা অৰ্থাৎ সূচনীয় প্ৰদৰ্শনৰ ১৫খন স্মাৰ্ট চিটীৰ তালিকাত স্থান লাভেৰে গুৱাহাটী মহানগৰীয়ে আন এক অবাঞ্ছিত অভিলেখ ৰচনা কৰিছে৷ গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ এই পয়াঁলগা স্বৰূপ উন্মোচন হৈছে কেন্দ্ৰীয় আৱাস আৰু নগৰ উন্নয়ন দপ্তৰৰ সমীক্ষাত৷ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা সমীক্ষা অনুসৰি দেশৰ ১০০খন অনুন্নত স্মাৰ্ট চিটীৰ ভিতৰত গুৱাহাটীৰ স্থান হৈছে ৯৭৷ গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ ৫০ শতাংশ কামেই সম্পূৰ্ণ হ’বলৈ এতিয়াও বাকী আছে৷ মহানগৰীত ৯৪৫ কোটি টকাৰ স্মাৰ্ট চিটীৰ ২২ প্ৰকল্পৰ অনুমোদন জনাইছিল যদিও ইয়াৰে ১১টা প্ৰকল্পৰ কামেই আৰম্ভ হোৱা নাই৷ নিবিদা অনুমোদন পৰ্যায়তে থকা এই ১১টা প্ৰকল্পৰ ধনৰ পৰিমাণ হৈছে ৮৪২ কোটি টকা৷ অৰ্থাৎ বাকী ১০৩ কোটি টকাৰ ১১ টা প্ৰকল্পৰ কামহে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে৷ লক্ষণীয়ভাৱে স্মাৰ্টচিটী প্ৰকল্পৰ সূচনীয় প্ৰদৰ্শনৰ তালিকাত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বমুঠ ৮খন স্মাৰ্ট চিটীয়ে স্থান পাইছে৷ এই চহৰ কেইখন হৈছে ক্ৰমে– ইম্ফল (৭৬), গেংটক (৯৫), আগৰতলা (৮৯), পাছিঘাট (৮৫), আইজল (৯৪), নামচাই (৭২), আৰু কহিমা (৫৯)৷ উল্লেখ্য, গুৱাহাটীৰ এই সূচনীয় প্ৰদৰ্শনৰ বিপৰীতে স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণৰ শীৰ্ষত আছে আহমেদাবাদ চহৰ৷ শেহতীয়াকৈ গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত ব্ৰহ্মপুত্ৰৰ নদী পাৰ উন্নয়ন, ইলেকট্ৰিক বাছ, গান্ধী ময়দানৰ সংগ্ৰহালয় মেৰামতি প্ৰকল্পৰ ৰূপায়ণ সম্পূৰ্ণ হৈছে৷