Logo
image

ছেল্‌ফি তুলি তুলি মাৰাথন আমোলা পত্নীৰ, ৬ ঘণ্টাজোৰা যান-জঁট, থমকিল এম্বুলেঞ্চো

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ ৰাজপথ বন্ধ কৰি দেওবাৰে পুৱতি নিশাৰে পৰা অনুষ্ঠিত মাৰাথনৰ ফলত অভাবনীয় দুৰ্ভোগৰ সন্মুখীন হ’বলগীয়া হয় সৰ্বসাধাৰণ লোক৷ লক্ষণীয়ভাৱে এই মাৰাথনত সক্ৰিয়ভাৱে উপস্থিত থকাৰ লগতে অংশগ্ৰহণ কৰে ৰাজ্য প্ৰশাসনৰ অধিকাংশ শীৰ্ষ আমোলা৷ এই সকল আমোলাৰ চকুৰ সন্মুখতে খানাপাৰাৰ পৰা গণেশগুৰি পৰ্যন্ত সদাব্যস্ত জি এছ ৰোডৰ এটা দিশ সৰ্বসাধাৰণ লোকৰ বাবে সম্পূৰ্ণ ভাৱে বন্ধ কৰি দিয়া হয়৷ পুৱতি নিশাৰ পৰা দিনৰ ১১ বজালৈ ৰাইজৰ চলাচল নিষিদ্ধ কৰা হয় জি এছ ৰোডৰ এই অংশত৷ উল্লেখ্য যে অসমত কৰ্মৰত আইএএছ বিষয়াসকলৰ পত্নীৰ সংগঠন প্ৰেৰণা আইএএছ অফিচাৰ্ছ ৱাইফ এছ’ছিয়েশ্বন অসমৰ উদ্যোগত অনুষ্ঠিত হয় এই মাৰাথন৷ গুৱাহাটী মহানগৰীৰ প্ৰৱেশদ্বাৰ স্বৰূপ খানাপাৰাৰ পৰা গণেশগুৰি পৰ্যন্ত এই সুদীৰ্ঘ পথচোৱা হঠাত ৱান ৱে কৰি দিয়াৰ ফলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি অভাবনীয় যান-জটৰ সৃষ্টি হয়৷ এই ব্যস্ততাপূৰ্ণ পথচোৱা যে ৱান ৱে কৰা হ’ব সেই বিষয়ে জিলা প্ৰশাসন বা আৰক্ষীয়ে কোনো ধৰণৰ আগজাননী নিদিয়াৰ ফলত চৰম দুৰ্ভোগৰ সন্মুখীন হ’বলগীয়া হয় সৰ্বসাধাৰণ লোক৷ শনিবাৰে নিশা ৰ বজাৰ পৰাই খানাপাৰা, ছয়মাইল, ভি আই পি ৰোড, পাঞ্জাবাৰী পথ আদিত বৃহৎ সংখ্যক আৰক্ষী নিয়োগ কৰি ট্ৰাক আদি যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়৷ এই পথ সমূহত শ শ ট্ৰাক পাৰ্কিং কৰি থোৱাৰ ফলত অভাবনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ এই মাৰাথন সম্পূৰ্ণ ৰূপে সফল কৰি তুলিবলৈ শনিবাৰে মাজনিশাৰে পৰা বৃহৎ সংখ্যক আৰক্ষী মোতায়ন কৰা হয় গুৱাহাটীৰ ৰাজপথত৷ খানাপাৰাৰ পৰা গণেশগুৰি পৰ্যন্ত এই পথচোৱাৰ বিভিন্ন স্থানত পথৰ ওপৰতে ফুলৰ টাব আদি সজাই থাৱাৰ লগতে সৰু সৰু ষ্টল আদিও নিৰ্মাণ কৰা হয়৷ চাৰিটা শাখাত অনুষ্ঠিত এই মাৰাথনৰ বিভিন্ন শাখা উদ্বোধন কৰে ক্ৰমে মন্ত্ৰী নন্দিতা গাৰ্লোছা, মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব ৰবি কোটাই৷ ৰাজ্য প্ৰশাসনৰ অধিকাংশ বৰমূৰীয়া এই মাৰাথানৰ সৈতে জড়িত হৈ থকাৰ ফলত আৰক্ষীয়েও অধিক কঠোৰ হ’বলগীয়া হয় মাৰাথানৰ বাবে ব্যৱহাৰ হোৱা পথচোৱাক লৈ৷ খানাপাৰা, গণেশগুৰি, দিছপুৰ, ছয়মাইল আদিত বেৰিকেট স্থাপন কৰি জি এছ ৰোডৰ এটা দিশত যান-বাহনৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হয়৷ এই পথচোৱা ৱান ৱে কৰি দিয়াৰ ফলত ঠায়ে ঠায়ে অভাবনীয় যান-জটৰ সৃষ্টি হয়৷ এই যান-জটৰ ফলত এম্বুলেন্স সেৱাও স্তব্ধ হৈ পৰে৷ প্ৰায় ৬ ঘণ্টা ধৰি চলা যান-জটৰ ফলত বহুকেইখন এম্বুলেন্স ৰাজপথতে দীৰ্ঘ সময় ধৰি আৱদ্ধ হৈ থাকে৷ পুৱা ৪ বজাৰ পৰা আৰম্ভ হৈ পুৱা ৭ বজালৈ এই মাৰাথন অব্যাহত থকাৰ কথা আছিল যদিও ১১ বজাৰ পিছতহে খুলি দিয়া হয় জি এছ ৰোডৰ ৱান ৱে৷ অৰ্থাৎ মাৰাথনৰ বাবে ১১ বজালৈ বন্ধ হৈ থাকে জি এছ ৰোডৰ এটা দিশ৷ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰখন এই মাৰাথন আৰু ইয়াৰ অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰাৰ ফলত খেলপথাৰ খনৰ চৌপাশৰ পথো সৰ্বসাধাৰণ লোকৰ ব্যৱহাৰৰ ক্ষেত্ৰত বন্ধ কৰি দিয়া হয়৷ লক্ষণীয়ভাৱে একাংশ আমোলা বিষয়াৰ পত্নীয়ে মাৰাথানত অংশ লোৱাৰ নামত ৰাজপথত ছেলফি তোলাতহে অধিক সময় ব্যস্ত থকা পৰিলক্ষিত হয়৷ ফলত নিৰ্দিষ্ট সময়ৰ পৰিৱৰ্তে অধিক সময় ধৰি বন্ধ কৰি ৰাখিবলগীয়া হয় জি এছ ৰোডৰ এটা ফাল৷ একাংশ আমোলা-বিষয়া আৰু তেওঁলোকৰ পত্নী-পৰিয়ালৰ সদস্যৰ সমান্তৰালভাৱে অন্য একাংশ অংশ গ্ৰহণকাৰীয়েও মাৰাথন সফলভাৱে সমাপ্ত কৰাৰ পৰিৱৰ্তে ৰাজপথৰ বিভিন্ন স্থানত ছেলিফি লোৱা, ফটো তোলাৰ ক্ষেত্ৰতহে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হয়৷ ৰাজ্য প্ৰশাসনৰ একাংশ বৰমূৰীয়াৰ চকুৰ সন্মুখতে দেওবাৰে পুৱতি নিশাৰে পৰা সৰ্ব সাধাৰণ লোকে চৰম দুখ দুৰ্নীতিৰ সন্মুখীন হ’বলগীয়া হয় যদিও এনে পৰিস্থিতিৰ প্ৰতি ন্যূনতমো গুৰুত্ব দিয়াৰ পৰিৱৰ্তে তেওঁলোক ব্যস্ত থাকে সদাব্যস্ত ৰাজপথ আৱদ্ধ কৰি অনুষ্ঠিত কৰা মাৰাথন সফল কৰি তোলাক লৈ৷