Logo
image

লক্ষ্য ৪০০+, নড্ডাৰ কাৰ্যকাল বৃদ্ধি

নতুন দিল্লী, ১৯ ফেব্ৰুৱাৰীঃ লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে৷ সেই অনুসৰি অহা জুন মাহলৈকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হৈ থাকিব জে পি নড্ডা৷ দিল্লীত অনুষ্ঠিত দলৰ ৰাষ্ট্ৰীয় অধিৱেশনৰ অন্তিম দিনা এই ঘোষণা কৰে বিজেপিৰ প্ৰাক্তন সভাপতি তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ তেওঁ নিজৰ ভাষণত আনকি নড্ডাৰ নেতৃত্বতে দেশৰ বিভিন্ন ৰাজ্যত বিজেপিয়ে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰে৷ সেয়ে, ২০২৪১ লোকসভা নিৰ্বাচনতো বিজেপিয়ে নড্ডাৰ নেতৃত্বতে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ বিচৰা বুলি শ্বাহে ভাষণত কয়৷ ভাষণ প্ৰসংগত আনকি অহা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটৰ লক্ষ্য ‘৪০০+’ হ’ব বুলিও কয় অমিত শ্বাহে৷

উল্লেখ্য যে ২০১৯ চনত অমিত শ্বাহে লোকসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছতে সভাপতি পদৰ পৰা পদত্যাগ কৰে৷ তেতিয়া দলৰ সভাপতিৰ দায়িত্ব দিয়া হয় নড্ডাক৷ প্ৰথম অৱস্থাত দলে এই দায়িত্ব তেওঁক সাময়িকভাৱে দিয়ে যদিও ২০২০ চনত দলে তেওঁক পাঁচ বছৰৰ বাবে সভাপতিৰ দায়িত্ব দিয়া বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ সেই অনুসৰি চলিত বছৰৰ জানুৱাৰী মাহত তেওঁৰ কাৰ্যকাল সামৰণি পৰিব লাগে৷ কিন্তু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে দেখুওৱা পাৰদৰ্শিতাৰ ভিত্তিতে দলে নড্ডাক সন্মুখত ৰাখি ’২৪ৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ বিচাৰিছে৷